Author: BHAGYASHRI
ভয়েজাৰ গোল্ডেন ৰেকৰ্ডত ভাৰতীয় সংগীত
পৃথিৱীৰ পৰা ২৫.৬৮ বিলিয়ন কিঃমি দূৰত্বত আজিও গুঞ্জৰিত হৈ আছে এটা ভাৰতীয় সংগীত যিটো সংগীতে সৌৰজগতত বিচাৰি ফুৰিছে অন্য এক সভ্যতা। মানৱ সভ্যতাৰ বাহিৰেও সৌৰজগতত অন্য কোনো সভ্যতাৰ অস্তিত্ব আছেনে নাই। তাক বিচাৰি আজিৰ পৰা ৫ ছেপ্তেম্বৰ, ১৯৭৭ত পৃথিৱীৰ পৰা দূৰ দীগন্তলৈ উৰা মাৰিছিল। সেই সংগীতে পৃথিৱীৰ প্ৰতিটো অনুভৱ কঢ়িয়াই লৈ গৈছে।

ভয়েজাৰ গোল্ডেন ৰেকৰ্ড মানৱ জাতিৰ ইতিহাসত এক উল্লেখযোগ্য আৰু অনন্য বৈজ্ঞানিক তথা সাংস্কৃতিক প্ৰয়াস। নাছাই ১৯৭৭ চনত Voyager 1 আৰু Voyager 2 নামৰ দুখন মহাকাশযান উৎক্ষেপণ কৰিছিল। এই মহাকাশযান দুখনৰ সৈতে একোখনকৈ সোণালী ৰেকৰ্ড সংযোজন কৰা হৈছিল। এই ৰেকৰ্ডৰ মূল উদ্দেশ্য আছিল পৃথিৱী আৰু মানৱ সভ্যতাৰ বিষয়ে কোনো সম্ভাৱ্য বহিৰ্জাগতিক জীৱৰ আগত এক পৰিচয় দাঙি ধৰা।

গোল্ডেন ৰেকৰ্ডত পৃথিৱীৰ বিভিন্ন দেশ আৰু সংস্কৃতিৰ সংগীতৰ লগতে ভাৰতীয় শাস্ত্ৰীয় সংগীতকো বিশেষ স্থান দিয়া হৈছে। ইয়াত ভাৰতীয় সংগীত হিচাপে প্ৰখ্যাত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিল্পী কেশৰবাই কেৰকাৰৰ পৰিৱেশন “জাত কহাঁ হো” (Jaat Kahan Ho) অন্তৰ্ভুক্ত কৰা হৈছে। এই সংগীতৰ ৰেকৰ্ডিং ১৯৫৩ চনত তেতিয়াৰ বোম্বে, অৰ্থাৎ বৰ্তমানৰ মুম্বাইত কৰা হৈছিল।
কেশৰবাই কেৰকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী বিশিষ্ট শিল্পী আছিল। তেওঁৰ কণ্ঠৰ সুৰ, গায়নশৈলী আৰু সংগীতৰ গভীৰতা ভাৰতীয় সংগীত পৰম্পৰাৰ এক সুন্দৰ প্ৰতিফলন। তেওঁৰ এই পৰিৱেশনক মহাকাশলৈ প্ৰেৰণ কৰাৰ অৰ্থ কেৱল এটা গান সংৰক্ষণ কৰা নহয়; ইয়াৰ জৰিয়তে ভাৰতৰ হাজাৰ বছৰীয়া সংগীত ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যকো প্ৰতিনিধিত্ব কৰা হৈছে।

গোল্ডেন ৰেকৰ্ডত সংগীতৰ উপৰি পৃথিৱীৰ বিভিন্ন ভাষাত শুভেচ্ছাবাণী, প্ৰাকৃতিক শব্দ, বিভিন্ন ছবি আৰু মানৱ সভ্যতাৰ বিভিন্ন দিশৰ তথ্য সংৰক্ষণ কৰা হৈছে। ইয়াৰ ফলত ৰেকৰ্ডখন মানৱ জাতিৰ এক সাংস্কৃতিক “বাৰ্তা” হিচাপে পৰিগণিত হৈছে।
Voyager 1-এ সৌৰজগতৰ বাহিৰৰ আন্তঃনাক্ষত্ৰিক মহাকাশলৈ যাত্ৰা অব্যাহত ৰাখিছে। সেয়েহে কেশৰবাই কেৰকাৰৰ কণ্ঠত গোৱা ভাৰতীয় সুৰটোও মানৱ সভ্যতাৰ এক ক্ষুদ্ৰ সাংস্কৃতিক প্ৰতিনিধি হিচাপে মহাকাশৰ অসীমতালৈ আগবাঢ়ি গৈ আছে। এই ঘটনাই ভাৰতীয় সংগীতৰ বিশ্বজনীনতা আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ মহত্ত্বক এক অনন্যভাৱে প্ৰকাশ কৰে।