গুৱাহাটী / নতুন দিল্লী: উত্তৰ-পূৰ্বাঞ্চলত এফালে যদি প্ৰচণ্ড বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পাইছে, আনফালে দীৰ্ঘকালে খৰাং পৰিস্থিতিয়ে দেখা দিছে। বতৰ বিজ্ঞানৰ গৱেষকসকলে চলোৱা এক নতুন অধ্যয়নত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।
১৯৭১ চনৰ পৰা ২০২২ চনলৈকে বিগত ৫২ বছৰৰ বতৰৰ গতিপ্ৰকৃতি বিশ্লেষণ কৰি প্ৰস্তুত কৰা এই গৱেষণাটো অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ক্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমক সামৰি কৰা হৈছে।
গৱেষণা প্ৰতিবেদন আৰু মূল তথ্য:
‘ইন্টাৰনেচনেল জাৰ্নেল অৱ ক্লাইমেট’লজী’ (International Journal of Climatology)-ত প্ৰকাশিত ‘Evolution of Climate Extremes Over the Indian Subcontinent Using a Revised CEI’ শীৰ্ষক এই গৱেষণা প্ৰকল্পটো ‘ভাৰতীয় বতৰ বিজ্ঞান বিভাগ’ (IMD) আৰু ‘নেচনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাষ্টিং’ (NCMRWF) ৰ বিজ্ঞানীসকলে যৌথভাৱে চলাইছিল।
গৱেষকসকলে দিনৰ উত্তাপ, আৰ্দ্ৰ উত্তাপ, প্ৰচণ্ড গৰম আৰু খৰাংসহ সাতটা সুকীয়া বতৰৰ সংকটক একত্ৰিত কৰি ‘ইণ্ডিয়া ক্লাইমেট এক্সট্ৰিমছ ইণ্ডেক্স’ (India Climate Extremes Index) প্ৰস্তুত কৰিছিল।
গৱেষণাৰ মুখ্য Highlights:
-
এদিনীয়া চৰম বৃষ্টিপাত: সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই এদিনীয়া অতিপ্ৰচণ্ড বৃষ্টিপাতৰ পৰিমাণ গাণিতিকভাৱে স্পষ্টভাৱে বৃদ্ধি পোৱা দেখা গৈছে।
-
কাৰণ: বঙ্গোপসাগৰৰ উত্তাপ বৃদ্ধি, বায়ুমণ্ডলত জলীয় বাষ্পৰ আধিক্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক গঠনৰ বাবেই এনে হৈছে।
-
বতৰৰ অস্থিৰতা: উত্তৰ-পূৰ্বাঞ্চলত কেৱল বৰষুণ বৃদ্ধি বা কেৱল খৰাং হোৱা নাই; বৰঞ্চ বতৰ বা মৌচুমী বায়ুত দেখা দিয়া তীব্ৰ অস্থিৰতাৰ বাবে এফালে ধাৰাসাৰ বৰষুণ আৰু আনফালে দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।
অধ্যয়নটোৰ সহ-লেখক এম. ৰাজীৱনে (বেংগালুৰুৰ এট্ৰিয়া বিশ্ববিদ্যালয়) কয়:
“উত্তৰ-পূৰ্বাঞ্চল এনে এটা অঞ্চল যিটো এফালে প্ৰচণ্ড বৃষ্টিপাত আৰু আনফালে দীঘলীয়া শুকান বতৰ — এই দুয়োটা চৰম দিশৰ মাজত দোদুল্যমান হৈ পৰিছে। এই সংমিশ্ৰণে অঞ্চলটোত মৌচুমী বায়ুৰ বিসংগতিক বুজায়। সেয়েহে ইয়াত বানপানী প্ৰতিৰোধৰ লগতে খৰাং পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবেও পূৰ্বপ্ৰস্তুতিৰ প্ৰয়োজন।”
গৱেষণা প্ৰকল্পটোৰ মুখ্য লেখক থোটা মোহনে কয়:
“সমগ্ৰ দেশৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই চুটি সময়ৰ বাবে হোৱা অত্যধিক বৰষুণ আৰু একে সময়তে শুকান দিনৰ সংখ্যা বাঢ়ি যোৱা স্পষ্টকৈ ধৰা পৰিছে।”
পৰামৰ্শসমূহ:
১/ সামগ্ৰিক পদক্ষেপ: কেৱল এটা বিভাগতে সীমিত নাথাকি কৃষি, জলসম্পদ, স্বাস্থ্য আৰু আন্তঃগাঁথনি খণ্ডক সামৰি এক যৌথ ব্যৱস্থা গ্ৰহণ কৰা।
২/ সূক্ষ্ম নিৰীক্ষণ (Finer-scale monitoring): আঞ্চলিক গড় তথ্যই বহু সময়ত স্থানীয় চৰম জলবায়ুক ঢাকি ৰাখে। সেয়েহে স্থানীয় পৰ্যায়ত বান আৰু খৰাং প্ৰতিৰোধৰ বাবে গভীৰ নিৰীক্ষণৰ প্ৰয়োজন।
৩/ পৰিচালনা সঁজুলি: ‘ইণ্ডিয়া ক্লাইমেট এক্সট্ৰিমছ ইণ্ডেক্স’ক এটা বাৰ্ষিক নিৰীক্ষণ সঁজুলি হিচাপে ব্যৱহাৰ কৰি জলবায়ু সংকটৰ সম্ভাৱ্য অঞ্চলসমূহ আগতীয়াকৈ চিনাক্ত কৰা।