October 31, 2026
74144896-9afb-441b-a99d-4a3fb7ae21ef

অমৃতপ্ৰভা মহন্তচৰ জানিনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত জড়িত থকাৰ অভিযোগত কাৰাবন্দী হৈ থকা সন্দীপন গাৰ্গে অৱশেষত জামিন লাভ কৰিছে। বিগত এবছৰৰো অধিক সময় ধৰি বাক্সা জিলাৰ নিকাচীস্থিত কাৰাগাৰত বন্দী হৈ আছিল সন্দীপন গাৰ্গ। তেওঁৰ জামিন লাভৰ খবৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোক লৈ ৰাজ্যজুৰি পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চলি থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ন্যায়ালয়ত অব্যাহত আছে। এই গোচৰত সন্দীপন গাৰ্গক কাৰাবন্দী কৰি ৰখা হৈছিল। অৱশেষত তেওঁ জামিন লাভ কৰাত গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াক লৈও চৰ্চা আৰম্ভ হৈছে।

আনহাতে, এই একেটা গোচৰতে কাৰাবন্দী হৈ থকা অমৃতপ্ৰভা মহন্তইও মাত্ৰ ছয়দিন পূৰ্বে জামিন লাভ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক কেইবাটাও চৰ্ত আৰোপ কৰি জামিন মঞ্জুৰ কৰিছিল। অমৃতপ্ৰভা মহন্তৰ জামিনৰ পিছত এইবাৰ সন্দীপন গাৰ্গেও জামিন লাভ কৰাত গোচৰটোৰ সৈতে জড়িত অভিযুক্তসকলৰ আইনী যুঁজৰ বিষয়টো পুনৰ গুৰুত্ব লাভ কৰিছে।

অৱশ্যে, জামিন লাভ কৰাটো গোচৰৰ পৰা দোষমুক্ত হোৱা বুলি গণ্য কৰা নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাটোৰ সৈতে জড়িত বিভিন্ন দিশৰ চূড়ান্ত নিষ্পত্তি আদালতৰ বিচাৰ প্ৰক্ৰিয়া আৰু উপলব্ধ প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিব। গোচৰটোৰ পৰৱৰ্তী শুনানি আৰু আদালতৰ সিদ্ধান্তৰ প্ৰতি এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *