ডিজিটেল ডেস্ক, ৮ অক্টোবৰঃ উজনিৰ বানাক্ৰান্তক চৰকাৰে ধাৰাবাহিকভাৱে উপেক্ষা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজধানী দিছপুৰত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উজনি অসমৰ বানবিধ্বস্ত তিনি জিলাৰ বানপীড়িতৰ ন্যায়ৰ দাবীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধানসভা চৌহদত আৰম্ভ কৰা অনিৰ্দিষ্টকালীন সত্যাগ্ৰহে আজি ৭ম দিনত ভৰি দিয়াৰ সমান্তৰালকৈ, সমগ্ৰ ৰাজ্যজুৰি জংগী আন্দোলন কৰে দলটোৱে।
দিছপুৰত প্ৰতিবাদকাৰীৰ ওপৰত বল প্ৰয়োগঃ
ৰাইজৰ দলৰ পূৰ্বেঘোষিত কাৰ্যসূচী অনুসৰি আজি দিছপুৰৰ মিনিষ্টাৰ কলনীৰ প্ৰৱেশ পথৰ সন্মুখত অৰ্ধশতাধিক নেতা-কৰ্মী সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰবিৰোধী উত্তাল শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলাৰ পাছত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ নিৰাপত্তা বেৰিকেড আঁতৰাই মন্ত্ৰী কলনীত প্ৰৱেশৰ চেষ্টা কৰে। আৰক্ষীয়ে গতিৰোধ কৰিবলৈ চেষ্টা কৰাত দুয়োপক্ষৰ মাজত চৰম ঠেলা-হেঁচা আৰু সংঘাতৰ সৃষ্টি হয়। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বৰ্বৰভাৱে টানি-আজুৰি আটক কৰি ১০ম অসম আৰক্ষী বাহিনীৰ কাহিলিপাৰাস্থ মুখ্য কাৰ্যালয়লৈ লৈ যায়।
আৰক্ষীৰ আক্ৰমণত কেইবাজনো আহত, আটক অৰ্ধশতাধিকঃ
প্ৰতিবাদস্থলীত আৰক্ষীৰ আক্ৰমণ আৰু মৰিয়োনিত কেইবাজনো দলীয় নেতা-কৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ উঠিছে।
-
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই মূৰত গুৰুতৰভাৱে আঘাত পায়।
-
অনন্ত আৰন্ধৰা নামৰ কৰ্মীজনৰ গুপ্তাংগত আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় বুলি দলে দাবী কৰিছে।
-
আৰক্ষীয়ে ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰ, আজিজুৰ ৰহমান, অনিল বড়ো, চিত্ত গগৈ, মুস্তাফিজুৰ ৰহমান আৰু ছাত্ৰ মুক্তিৰ অনিন্দিতা দাসকে ধৰি অৰ্ধশতাধিক প্ৰতিবাদকাৰীক বলপূৰ্বাক আটক কৰে।
আটকাধীন নেতাসকলে ক্ষোভ প্ৰকাশ কৰি কয়— “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেপালক বান সাহায্য দিব পাৰে, কিন্তু অসমৰ দুৰ্দশাগ্ৰস্ত বানপীড়িতক উপযুক্ত ক্ষতিপূৰণ দিব নোৱাৰে! বানাক্ৰান্তক প্ৰাপ্য নিদিয়ালৈকে এই যুঁজ অব্যাহত থাকিব।”
১৪৪ ঘণ্টা অখিল গগৈৰ সত্যাগ্ৰহৰ
২ অক্টোবৰ (গান্ধী জয়ন্তী) ৰ পৰা অসম বিধানসভা চৌহদত অনিৰ্দিষ্টকাললৈ সত্যাগ্ৰহত বহি থকা বিধায়ক অখিল গগৈৰ আন্দোলন আজি ১৪৪ ঘণ্টা পাৰ হ’ল।
শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ ৩০-৪০ শতাংশ বানপীড়িত পৰিয়ালে এতিয়ালৈকে চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ তুলি অখিল গগৈয়ে কয়— “আজিৰ পৰা মই এই স্বৈৰাচাৰী চৰকাৰখনক কোনো ধৰণৰ আহ্বান নজনাও। আজি মোৰ সত্যাগ্ৰহৰ ৭ম দিন। মই অসমৰ জনসাধাৰণক নিজৰ অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহি নিজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছোঁ।”
বিধায়কগৰাকীয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউৰ প্ৰতিটো পৰিয়ালক চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অতিৰিক্ত ১৫ হাজাৰ টকা আৰু পৰৱৰ্তী সময়ত অতিৰোপিত ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান নকৰালৈকে সত্যাগ্ৰহ চলাই যোৱাৰ সংকল্প দোহাৰে।
