September 15, 2026
658526059_3521953491277072_163510487963739759_n

গুৱাহাটীঃ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই টিকট প্ৰদানৰ পিছতে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন বিধায়িকা শিৱামণি বৰাই এটা ফেচবুক পোষ্ট প্ৰদান কৰি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে৷ তেওঁ সামাজিক মাধ্যমত দিয়া আবেগিক পোষ্টটোত তেওঁ কয় যে মোৰ প্ৰাণৰ আই-মাতৃ, শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, সহকৰ্মী তথা মৰমৰ ভাই-ভনীসকল৷ আজি এক অতি গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল সন্ধিক্ষণত মই আপোনালোকৰ সন্মুখত বিনম্ৰভাৱে থিয় দিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ৯ নং নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মোক আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মোৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰি এই বৃহৎ গুৰুদায়িত্ব অৰ্পণ কৰা বাবে মই কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব, অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC) আৰু প্ৰতিগৰাকী নিষ্ঠাবান সতীৰ্থ-কৰ্মীৰ প্ৰতি অন্তৰৰ পৰা গভীৰ কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

তেওঁ লগতে কয় যে পূৰ্বে এগৰাকী খণ্ড উন্নয়ন বিষয়া (BDO) হিচাপে প্ৰশাসনীয় স্তৰত থাকি তৃণমূল পৰ্যায়ৰ ৰাইজৰ সমস্যা সমাধানৰ যি অভিজ্ঞতা অৰ্জন কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত এগৰাকী বিধায়িকা হিচাপে আপোনালোকৰ সুখ-দুখৰ অংশীদাৰ হৈ সেৱা আগবঢ়োৱাৰ যি সুযোগ পাইছিলোঁ— সেই অভিজ্ঞতাই মোক সদায় সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ প্ৰেৰণা যোগায়। প্ৰশাসনীয় অনুশাসন আৰু জনপ্ৰতিনিধিৰ দায়বদ্ধতা— দুয়োটাকে পাথেয় কৰি মই সদায় নগাঁৱৰ প্ৰতিটো অঞ্চলৰ সৰ্বাংগীণ বিকাশৰ সপোন দেখি আহিছোঁ।

একেটা পোষ্টতে জ্যেষ্ঠজনৰ আশীৰ্বাদ আৰু নৱপ্ৰজন্মৰ সঁহাৰি বিচাৰি বৰাই আৰু কয় ‘‘আজি এই নতুন গণতান্ত্ৰিক যাত্ৰাত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী পিতৃ-মাতৃ, জ্যেষ্ঠজনৰ আশীৰ্বাদ আৰু নৱপ্ৰজন্মৰ সঁহাৰি মোৰ একমাত্ৰ শক্তি। নগাঁৱৰ সৰ্বাংগীণ উন্নয়ন, শান্তি, সংহতি আৰু জনসাধাৰণৰ নাৰ্য প্ৰাপ্যৰ বাবে সংসদত বলিষ্ঠভাৱে মাত মাতিবলৈ মই সংকল্পবদ্ধ। এই যাত্ৰাত আপোনালোক সকলোৰে আন্তৰিক মৰম, আশীৰ্বাদ আৰু অকুণ্ঠ সমৰ্থন কামনা কৰিলোঁ। আহক, আমি সকলোৱে মিলি এক নতুন, শক্তিশালী আৰু উন্নত নগাঁও গঢ়াৰ বাবে আগবাঢ়ি যাওঁ।’’

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *