September 15, 2026
810900380_18418871896154264_5345922593993342546_n

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা জয়ী হ’ব বুলি দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷

গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ গগৈয়ে দাবী কৰে যে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে বিজেপি আৰু এআইইউডিএফ ‘আতংকিত’ হৈ পৰিছে। নগাঁও উপ-নিৰ্বাচনক লৈ কংগ্ৰেছ যথেষ্ট আত্মবিশ্বাসী। দলে শক্তিশালী নিৰ্বাচনী প্ৰচাৰ চলাব আৰু আগন্তুক উপ-নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব।

ইফালে, নগাঁও আসনৰ উপ-নিৰ্বাচনত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDF-এ দলটোৰ সভাপতি বদৰুদ্দিন আজমলক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনাক লৈ চলি থকা চৰ্চাৰ মাজতে গগৈয়ে এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গগৈৰ দাবী কৰি কয় যে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ পূৰ্বে এআইইউডিএফে আন এজন প্ৰাৰ্থীৰ কথা চিন্তা কৰিছিল যদিও কংগ্ৰেছে নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত এআইইউডিএফে সিদ্ধান্ত পুনৰ বিবেচনা কৰিছে।

তেওঁ কয়, “ইয়ে দেখুৱাইছে যে আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনত কংগ্ৰেছ কিমান শক্তিশালী অৱস্থাত আছে। আগতে এআইইউডিএফে আন এজন প্ৰাৰ্থীৰ কথা ভাবিছিল, কিন্তু কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত তেওঁলোকে পুনৰ চিন্তা কৰিছে।”

ইয়াৰ লগতে গগৈয়ে বিজেপিক আক্ৰমণ কৰি গগৈয়ে কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত বিজেপি ‘আতংকিত’ হৈ পৰিছে বুলি দাবী কৰি বিজেপিয়ে নিজৰ ‘বিশ্বস্ত ৰাজনৈতিক মিত্ৰ’ক আগবঢ়াই আনিছে বুলিও কয়।

তেওঁ কয়, “বিজেপি আতংকিত হৈ পৰিছে আৰু বুজি পাইছে যে কংগ্ৰেছে এগৰাকী শক্তিশালী প্ৰাৰ্থী আগবঢ়াইছে। তেওঁলোকে আতংকিত হৈ নিজৰ বিশ্বস্ত ৰাজনৈতিক মিত্ৰক আহ্বান জনাইছে। মৌলানা আজমলে হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *