September 15, 2026
808285902_1985772539454027_4645507647288665737_n

আজি পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে যোৰহাট জিলা ভ্ৰমণ কৰে৷ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আকস্মিক যোৰহাটত উপস্থিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ পৰিবহণ প্ৰকল্প আৰু পথ সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাৰ বুজ লয়৷

মন্ত্ৰী চৰণ বড়োৱে নিমাতীঘাটত নিৰ্মাণৰত মডুলাৰ টাৰ্মিনেল পৰিদৰ্শন কৰাৰ লগতে বিশ্ব বেংকৰ পুঁজিৰে ৰূপায়িত অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পৰ অধীনত চলি থকা অন্যান্য কাম-কাজো পৰিদৰ্শন কৰে। এই প্ৰকল্পসমূহ পৰিবহণ বিভাগৰ অধীনস্থ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে।

নিৰ্মাণাধীন নিমাতীঘাট মডুলাৰ টাৰ্মিনেলটো চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু কামৰ অগ্ৰগতি সন্তোষজনক হোৱাৰ বাবে নিৰ্ধাৰিত সময়ৰ প্ৰায় এমাহ পূৰ্বে অৰ্থাৎ নৱেম্বৰ মাহতে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰী বড়োৱে জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটোৰ কাম সুন্দৰভাৱে আগবাঢ়িছে আৰু নিৰ্মাণকাৰ্যত জড়িত কৰ্মীসকলে নৱেম্বৰ মাহতে কাম সম্পূৰ্ণ কৰাৰ আশা প্ৰকাশ কৰিছে।

ইফালে, পৰিবহণ মন্ত্ৰীগৰাকীয়ে যোৰহাটত ড্ৰাইভিং লাইচেন্স পৰীক্ষা আৰু পথ সুৰক্ষা সম্পৰ্কীয় বলৱৎ ব্যৱস্থাও পৰ্যালোচনা কৰে। বাণিজ্যিক বাহনত গতি নিয়ন্ত্ৰণকাৰী যন্ত্ৰ (Speed Limiting Device—SLD) আৰু বাহনৰ অৱস্থান অনুসৰণকাৰী যন্ত্ৰ (Vehicle Location Tracking Device—VLTD) সংস্থাপনৰ বিষয়টোতো তেওঁ গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰীগৰাকীৰ যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ড্ৰাইভিং লাইচেন্স পৰীক্ষা প্ৰত্যক্ষ কৰাৰ কথা আছিল। পুৱা ১০ বজাত আবেদনকাৰীসকলক পৰীক্ষাৰ বাবে মাতি পঠিওৱা হৈছিল যদিও পুৱা ৯ বজাৰ পৰা জিলা উপায়ুক্তসকলৰ সন্মিলন আৰম্ভ হোৱাৰ বাবে তেওঁ সেই পৰীক্ষাত উপস্থিত থাকিব নোৱাৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *