মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলৰ মতানৈক্য তথা এছআইআৰ (SIR) প্ৰক্ৰিয়াক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিৰোধী কংগ্ৰেছ দলে এই বিষয়ক লৈ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এক ৰহসময় পোষ্ট শ্বেয়াৰ কৰিছে। এক্সৰ এটা পোষ্টত তেওঁ লিখিছে— “ঢৌবোৰ তীব্ৰ হ’লে মই সাগৰত সাঁতুৰি ভালপাওঁ। ই মোক এইটো শিকাই যে কেতিয়াবা অস্থিৰতাও এক প্ৰকাৰৰ শান্তি।”
উল্লেখ্য যে, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এছআইআৰ সম্পৰ্কীয় বিষয়ত আপত্তি দাখিল কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশতে নিৰ্বাচন আয়োগৰ কাৰ্যকলাপক লৈ প্ৰশ্ন উত্থাপন হৈছে। তেনে সময়তে বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ স্থিতি আৰু আয়োগৰ ভিতৰচ’ৰাৰ পৰিস্থিতিক লৈ ৰাহুল গান্ধীৰ এই পোষ্টটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
বিগত সময়ছোৱাতো কংগ্ৰেছ তথা ৰাহুল গান্ধীয়ে ‘ভোট চুৰি’ প্ৰসংগ উত্থাপন কৰি নিৰ্বাচনত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ৰাহুল গান্ধীৰ মতে, নিৰ্বাচন আয়োগে চৰকাৰৰ নিৰ্দেশত কাম কৰে আৰু তাৰ জৰিয়তে বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হয়। ভোট চুৰি কৰি চৰকাৰে বিভিন্ন বেআইনী কাম সংঘটিত কৰে বুলি অভিযোগ তুলি তেওঁ কৈছিল যে এনেদৰে অবৈধভাৱে আসন দখল কৰা সাংসদৰ সমৰ্থনত গৃহীত প্ৰতিখন আইনেই অবৈধ। শেহতীয়াকৈ নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাৰ মতানৈক্য আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ বক্তব্য সন্দৰ্ভত প্ৰকাশিত বাতৰিও তেওঁলোকৰ পূৰ্বৰ অভিযোগৰ প্ৰমাণ বুলি ইতিমধ্যে কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে দাবী কৰিছে।
ইফালে, কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ কৰাৰ দাবী জনাইছে। এছআইআৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে অধিক তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ কংগ্ৰেছে ‘ইণ্ডিয়া’ ব্লকৰ বিৰোধী দলসমূহক একত্ৰিত কৰাৰো প্ৰচেষ্টা চলাইছে। এই সমগ্ৰ বিষয়টোক লৈ অহা ৩০ ছেপ্টেম্বৰত ইণ্ডিয়া ব্লকৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। য’ত দলসমূহে এছআইআৰ বিৰোধী প্ৰতিবাদ, নিৰ্বাচন আয়োগৰ সংস্কাৰ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে সন্মিলিতভাৱে আইনী তথা ৰাজনৈতিক কৌশল ৰচনা কৰাৰ সম্ভাৱনা আছে।