গুৱাহাটীঃ গুৱাহাটীত ব্যক্তিগত সম্পত্তিত ককৰোচ জনতা পাৰ্টীৰ অসম প্ৰদেশ শাখাই আয়োজন কৰা এখন স্বেচ্ছাসেৱক সভাক কেন্দ্ৰ কৰি দেওবাৰে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সভালৈ যোৱাৰ পথৰ পৰাই চিজেপিৰ কেইবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিজেপিৰ অভিযোগ অনুসৰি, অসম সচিবালয়ৰ সন্মুখৰ দিছপুৰৰ চৌধুৰী টিলাত দেওবাৰে পুৱা এখন বিশেষ স্বেচ্ছাসেৱক সভাৰ আয়োজন কৰা হৈছিল। সভাস্থলী ব্যক্তিগত সম্পত্তি বুলি দাবী কৰি সংগঠনটোৱে প্ৰশাসনৰ অনুমতি লোৱা নাছিল। কিন্তু সভাখন অনুষ্ঠিত কৰাৰ পূৰ্বেই বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰি অঞ্চলটো ঘেৰি পেলোৱা হয়।
চিজেপিৰ কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকা, খৰ্গেশ্বৰ মিলি, শ্বেখ চাহিলুদ্দিন শ্বাহ, হিতেশ বৰুৱা, মিণ্টু দাস, টমী বৰুৱাসহ কেইবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে বুলি সংগঠনটোৱে অভিযোগ কৰিছে। নাগালেণ্ডৰো তিনিজন কৰ্মীক আটক কৰাৰ দাবী কৰিছে CJPয়ে। সংগঠনটোৰ মতে, সভাত অংশগ্ৰহণ কৰিবলৈ অহা শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকল দিছপুৰত প্ৰৱেশ কৰাৰ পূৰ্বেই পথত বেৰিকেড স্থাপন কৰি আৰক্ষীয়ে যাতায়াত বন্ধ কৰি দিয়ে। ইয়াৰ পিছতে পথৰ পৰাই কেইবাজনো লোকক আটক কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। চিজেপিৰ অসম প্ৰদেশ শাখাই দাবী কৰা অনুসৰি, সভাখন পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু সভাৰ পূৰ্বেই আৰক্ষীয়ে সভাস্থলীৰ চৌহদ ঘেৰি পেলোৱাৰ লগতে ব্যক্তিগত পথতো বেৰিকেড স্থাপন কৰে। ফলত নিৰ্ধাৰিত সময়ত সভাখন অনুষ্ঠিত কৰিব পৰা নগ’ল বুলি সংগঠনটোৱে অভিযোগ কৰে।
ইপিনে, চিজেপিৰ নেতা-কৰ্মীসকলক আটক কৰাৰ ঘটনাক লৈ অধিবক্তা তথা কংগ্ৰেছ নেতা ৰিতম সিঙে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত অসম আৰক্ষীৰ পোছাক পৰিধান কৰি অহা অজ্ঞাত ব্যক্তিয়ে কোনো ৱাৰেণ্ট নোহোৱাকৈ ব্যক্তিগত সম্পত্তিত প্ৰৱেশ কৰি CJPৰ নেতা-কৰ্মীসকলক জোৰকৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰিতম সিঙে CJPৰ ৰাষ্ট্ৰীয় নেতাসহ প্ৰায় ৫০জন লোকক অপহৰণ কৰা হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি আটক কৰা লোকসকলক ক’ত ৰখা হৈছে সেই তথ্য ৰাজহুৱা কৰাৰ দাবী জনায়। লগতে আটকাধীন নেতাসকলক তেওঁলোকৰ অধিবক্তাৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ প্ৰদান কৰিবলৈও দাবী জনায়।
আটক কৰাৰ সময়ত চিজেপিৰ কেন্দ্ৰীয় নেতা আশুতোষ ৰাংকাই অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। ৰাংকাৰ অভিযোগ, চৰকাৰে অসমৰ বিদ্যালয়, কাজিৰঙা, ভূমি, পানী, বনাঞ্চল আৰু বানপানীৰ দৰে বিষয়ক লৈ সংগঠনটোৱে জনসাধাৰণৰ মাজত তথ্য দাঙি ধৰিব বিচৰাৰ বাবেই তেওঁলোকক বাধা দিয়া হৈছে। তেওঁ লগতে চৰকাৰৰ ভূমি নীতি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰে।
নেতা-কৰ্মীক আটক কৰা ঘটনাক লৈ কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে ঘটনাটোক গৰিহণা দিয়ে। তেওঁ আইনবিৰোধী কোনো কাৰ্য গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি অসমৰ যুৱসমাজৰ গণতান্ত্ৰিক অধিকাৰ আৰু স্বাধীন কণ্ঠৰ পক্ষত থকাৰ কথা প্ৰকাশ কৰে। গৌৰৱ গগৈয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে বিজেপিয়ে যুৱসমাজক কিয় ভয় কৰে। অসমৰ যুৱসমাজে বিজেপিৰ হিন্দু-মুছলমান মেৰুকৰণৰ ৰাজনীতি নাকচ কৰাৰ বাবেই এই ধৰণৰ পদক্ষেপ লোৱা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে। ইপিনে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ব্যক্তিগত সম্পত্তিত অনুষ্ঠিত CJPৰ স্বেচ্ছাসেৱক সভাত আৰক্ষীয়ে বলপূৰ্বক প্ৰৱেশ কৰি সভাখন বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰোধিতা কৰে। তেওঁৰ মতে, চৰকাৰৰ এই কাৰ্য গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত আক্ৰমণ। অখিল গগৈয়ে চৰকাৰক সমালোচনা কৰি বিজেপি চৰকাৰক ‘ফেচিষ্ট’ আখ্যা দিয়ে আৰু বিৰোধী কণ্ঠ তথা প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ ভয় থকা বুলি অভিযোগ কৰে।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ঘটনাটোক গৰিহণা দিয়ে। তেওঁ অভিযোগ কৰে যে অসমত স্বৈৰতান্ত্ৰিক শাসন চলিছে আৰু CJPৰ নেতা-কৰ্মীক আটক কৰাৰ ঘটনাই মুখ্যমন্ত্ৰীৰ নতুন প্ৰজন্মৰ প্ৰতি ভয়-শংকা প্ৰকাশ কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি গুৱাহাটীৰ দিছপুৰ অঞ্চলত দেওবাৰে পুৱাৰ পৰাই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। CJPৰ সভাত আৰক্ষীৰ হস্তক্ষেপ, নেতা-কৰ্মীক আটক আৰু ইয়াৰ পিছত দাখিল কৰা এজাহাৰক লৈ এতিয়া বিষয়টোৱে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।