বৃহৎ নদীবান্ধ নিৰ্মাণক লৈ আজি অৰুণাচলৰ আপাৰ ছিয়াঙৰ ইংকিয়ঙত আজি উত্তেজনাৰ সৃষ্টি হয়। প্ৰস্তাৱিত ১১,০০০ মেগাৱাট ক্ষমতা সম্পন্ন ছিয়াং আপাৰ মাল্টিপাৰ্পছ প্ৰজেক্টৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে আজি মুখ্যমন্ত্ৰী পেমা খাণ্ডু আলোচনালৈ যোৱাৰ সময়তে কেইবা শতাধিক পুৰুষ-মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ কিন্তু নিৰাপত্তাৰক্ষীয়ে বল প্ৰয়োগ কৰি মহিলাক অপদস্থ কৰাৰ অভিযোগৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ মুখ্যমন্ত্ৰীয়ে আলোচনাত বহিবলগীয়া ঠাইত মহিলা প্ৰৱেশ কৰে আচ-বাব লণ্ড-ভণ্ড কৰে৷ লগতে কেইবাখনো বাহনত অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে৷
যিখিন ঠাইত পেমা খাণ্ডুৱে আলোচনা কৰাৰ কথা আছিল সেই ঠাইতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাত শ-শ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়৷ প্ৰস্তাৱিত ১১,০০০ মেগাৱাট ক্ষমতা সম্পন্ন বৃহৎ ছিয়াং বান্ধ নিৰ্মাণৰ বিৰুদ্ধে স্থানীয় খিলঞ্জীয়া সম্প্ৰদায়ৰ মহিলা-কৃষকসকলে মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত প্ৰতিবাদ কৰাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ এন.এইচ.পি.চিৰ দ্বাৰা নিৰ্মাণ কৰিবলৈ ওলোৱা মেগা বান্ধটোৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰি থকাত প্ৰাক-সম্ভাৱনীয়তা সমীক্ষা আৰু জৰীপ কাৰ্য চলাইছে৷ তাৰ মাজতে আজি কেইবাটাও স্থানত আলোচনাত মিলিত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰীৰ আগমনৰ খবৰ পোৱাৰ পিছতে ৰাইজে তীব্ৰ বিৰোধিতা কৰে।
স্থানীয় লোকসকলৰ প্ৰতিবাদৰ ফলত অঞ্চলটোত বৃহৎ পৰিমাণৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হয়। শেহতীয়াকৈ এই অঞ্চলত স্থানীয় গাঁওবাসী আৰু সুৰক্ষা কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল৷ য’ত কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰা হয়। স্থানীয় আদি সম্প্ৰদায় আৰু খিলঞ্জীয়া লোকসকলে অভিযোগ কৰিছে যে এই মেগা বান্ধ নিৰ্মাণ হ’লে ছিয়াং উপত্যকাৰ কৃষিভূমি, ঐতিহাসিক সংৰক্ষিত বাসস্থান আৰু পৰিৱেশ তীব্ৰ ভাবুকিৰ সন্মুখীন হ’ব। প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী খাণ্ডুৱে উল্লেখ কৰে যে এই প্ৰকল্পৰ সন্দৰ্ভত কোনো ধৰণৰ জোৰজবৰদস্তিমূলক সিদ্ধান্ত লোৱা নহ’ব আৰু প্ৰজেক্টটোৰ প্ৰকৃত তথ্য উপস্থাপন কৰিবলৈকে প্ৰাক-সম্ভাৱনীয়তা জৰীপ প্ৰয়োজনীয়। তেওঁ জিলা প্ৰশাসন আৰু উচ্চস্তৰীয় কমিটীক ৰাইজৰ সৈতে আলোচনা আৰু মত-বিনিময়ৰ জৰিয়তেহে সকলো সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়।