গুৱাহাটী: উজনি অসমৰ বানপীড়িত ৰাইজক জৰুৰী বান সাহায্য আৰু ক্ষতিপূৰণৰ ধন বিতৰণ কৰাৰ বাবে অসম চৰকাৰক দিয়া সময়সীমা উকলি যোৱাৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ ধাৰণ কৰিছে ৰাইজৰ দল। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে গান্ধী জয়ন্তী অৰ্থাৎ ২ অক্টোবৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন প্ৰতিবাদী আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, যোৱা ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ চচলস্থিত ধৰ্ণা স্থলীত আয়োজিত এক বৃহৎ ৰাজহুৱা সমাৱেশৰ পৰা বিধায়ক অখিল গগৈয়ে উজনিৰ বানপীড়িত পৰিয়ালসমূহক জৰুৰী বিত্তীয় সাহায্য প্ৰদানৰ বাবে চৰকাৰক ১ অক্টোবৰ পৰ্যন্ত অন্তিম সময়সীমা বান্ধি দিছিল। কিন্তু চৰকাৰে এই সময়সীমাৰ ভিতৰত ক্ষতিগ্ৰস্ত ৰাইজক প্ৰাপ্য ধন মোকলাই নিদিয়াত ক্ষুব্ধ হৈ পৰে বিধায়কগৰাকী।
এক সংবাদমেল তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এক আনুষ্ঠানিক পত্ৰত অখিল গগৈয়ে হাজাৰ হাজাৰ বাস্তুহাৰা পৰিয়ালৰ দুৰৱস্থাৰ কথা আঙুলিয়াই দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে, চৰকাৰৰ সময়সীমা উকলি গ’ল যদিও আধা অংশ বানপীড়িত ৰাইজ আজিলৈকে খালী হাতেৰেই ৰ’ল।
বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা মূল দাবীসমূহ:
-
১৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য: শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট— এই চাৰিখন প্ৰধান জিলাৰ প্ৰায় ৩০% ৰ পৰা ৪০% বানপীড়িত পৰিয়ালে এতিয়ালৈকে চৰকাৰীভাৱে পাবলগীয়া ১৫,০০০ টকাৰ অন্তৱৰ্তীকালীন বিত্তীয় সাহায্য লাভ কৰা নাই।
-
১০,০০০ টকাৰ অতিৰিক্ত সাহায্য: আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এজনো বানপীড়িত মানুহে প্ৰতিশ্ৰুতি মতে পাবলগীয়া অতিৰিক্ত ১০,০০০ টকাৰ বিশেষ সাহায্য লাভ কৰা নাই।
-
১০ লাখ টকাৰ ক্ষতিপূৰণ: উক্ত চাৰিওখন জিলাতে ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক চৰকাৰে ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।
প্ৰেছ বিজ্ঞপ্তি আৰু আনুষ্ঠানিক পত্ৰত বিধায়ক গগৈয়ে কয়, “আমি আমাৰ ৰাইজৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ বাবে গান্ধী জয়ন্তীৰ দিনটোৰ পৰাই গণতান্ত্ৰিকভাৱে এই আন্দোলন আৰম্ভ কৰিম। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে তেওঁলোকৰ সম্পূৰ্ণ বিত্তীয় সাহায্য নোপোৱালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব।”
উল্লেখ্য যে, চলিত বৰ্ষৰ ভয়াৱহ বানপানীত অসমত কমেও ১০৮ জন লোকৰ কৰুণ মৃত্যু ঘটিছে। ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত জিলাসমূহত ঘৰ-দুৱাৰ, বিদ্যালয়, পথ-ঘাট, মথাউৰি আৰু স্বাস্থ্য কেন্দ্ৰকে ধৰি সামাজিক আন্তঃগাঁথনিৰ বিপুল ক্ষতিসাধন হৈছে। বহুলোকৰ খেতিপথাৰ, পশুধন আৰু মৎস্য পালন কৰা পুখুৰীসমূহ বানত সম্পূৰ্ণৰূপে উটি-ভাহি যোৱাত সৰ্বস্বান্ত হৈ পৰিছে ৰাইজ। এনে জটিল সময়ত চৰকাৰৰ উদাসীনতাই বানপীড়িত অঞ্চলসমূহত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছে।
