November 24, 2026
Untitled

গুৱাহাটীঃ দেশৰ ন্যায়িক ইতিহাসত সোণালী অধ্যায়। দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশৰ বাবে সাজু হোৱা বি ভি নাগাৰাথন প্ৰকৃততে কোন! ২০২৭ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২৯ অক্টোবৰলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ন্যায়াধীশ বি ভি নাগাৰাথনে। এই নিযুক্তি কাৰ্যকৰী হ’লে ভাৰতৰ ৭৫ বছৰতকৈ অধিক সময়ৰ ন্যায়িক ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হ’ব। প্ৰথমে অধিবক্তা, তাৰ পিছত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আইনী বৃত্তিত প্ৰায় চাৰিটা দশক কাম কৰিছে শ্ৰীমতী নাগাৰাথনে। ১৯৬২ চনৰ ৩০ অক্টোবৰত বেংগালুৰুত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ বি ভি নাগাৰাথনে। তথ্য অনুসৰি দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ই এছ ভেংকটৰমিয়াৰ জীয়ৰী নাগাৰাথন। তেওঁৰ পিতৃয়ে ১৯৮৯ চনত ভাৰতৰ ১৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

দিল্লী বিশ্ববিদ্যালয়ৰ জেছুছ এণ্ড মেৰী কলেজত ইতিহাস বিভাগত অধ্যয়ন কৰি ১৯৮৪ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৮৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইন বিভাগৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল শ্ৰীমতী নাগাৰাথনে। সেই বৰ্ষতেই তেওঁ বেংগালুৰুত আইনৰ চৰ্চা আৰম্ভ কৰে। তেওঁ অন্যান্য বিষয়ৰ লগতে সাংবিধানিক, প্ৰশাসনিক, বাণিজ্যিক আৰু পৰিয়াল সম্পৰ্কীয় আইনগত দিশসমূহ সামৰি লৈছিল। ২০০৮ চনৰ ১৮ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা ন্যায়াধীশ নাগাৰাথন ২০১০ চনৰ ১৭ ফেব্ৰুৱাৰীত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ত থকা সময়ছোৱাত তেওঁ কেইবাটাও গোচৰৰ লগতে ন্যায়িক আৰু প্ৰশাসনিক দায়িত্বও গ্ৰহণ কৰিছিল। ২০২১ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়লৈ উন্নীত হোৱাৰ পিছত সেই বছৰৰ ৩১ আগষ্টত তেওঁ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ত বিমুদ্ৰাকৰণক প্ৰত্যাহ্বান জনাই বি ভি নাগাৰাথন বিশেষভাৱে সমাদৃত হৈছিল। কেন্দ্ৰৰ ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা কোনো সহজ কথা নাছিল। শ্ৰী মতী নাগাৰাথনে কয় যে, এই প্ৰক্ৰিয়া আইনগতভাৱে বৈধ নহয় আৰু এনে ধৰণৰ পদক্ষেপ ৰূপায়ন কৰোতে প্ৰথমে আইন প্ৰণয়ন কৰিব লাগিছিল।

২০২৪ চনত ন্যায়াধীশ নাগাৰাথনৰ ৯ জনীয়া বিচাৰপীঠে ৰাজ্যসমূহে খনিজ অধিকাৰৰ ওপৰত কৰ আৰোপ কৰিব পাৰে নেকি সেই বিষয়ে সম্পৰীক্ষা কৰিছিল। গৰিষ্ঠ সংখ্যকে কৈছিল, যে ৰাজ্যসমূহৰ খনিজ অধিকাৰৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা আছে। ন্যায়াধীশ নাগাৰাথনে খনন পট্টাত প্ৰদান কৰা ৰয়েল্টি কৰ প্ৰকৃতিৰ বুলি মত প্ৰকাশ কৰে। তাৰোপৰি ২০২৪ চনত বিলকিছ বানুৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত ১১ জন দোষীক গুজৰাট চৰকাৰে প্ৰদান কৰা আগতীয়া মুক্তিৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে বাতিল কৰিছিল। ন্যায়াধীশ নাগৰাথনে এই ৰায় লিখিছিল। আদালতে স্পষ্ট কৰিছিল যে এই গোচৰত দোষীসকলক মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ উপযুক্ত চৰকাৰ আছিল মহাৰাষ্ট্ৰ চৰকাৰ, গুজৰাট চৰকাৰ নহয়। ২০২৬ চনৰ ১০ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ এক ৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাষণ দি তেওঁ কিশোৰ অপৰাধীৰ ক্ষেত্ৰত আইনখনৰ সঠিক ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, কোনো শিশুৱে আইন ভংগ কৰিলেও আইনে সেই শিশুৰ ভৱিষ্যৎ ধ্বংস কৰিব নালাগে। শাস্তিৰ লগতে শিশুৰ সংশোধন, পুনৰ সংস্থাপন, শিক্ষা আৰু মানসিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে।

ন্যায়াধীশ নাগাৰাথনাৰ উচ্চতম ন্যায়ালয়ত উল্লেখযোগ্য অংশ আছিলঃ সংবিধান বিচাৰপীঠৰ ডাঙৰ ডাঙৰ গোচৰবোৰত তেওঁৰ পৃথক মতামত। বিমুদ্ৰাকৰণৰ গোচৰত তেওঁৰ মতামতৰ পিছত খনিজ অধিকাৰ আৰু ঔদ্যোগিক সুৰাৰ গোচৰত তেওঁৰ মতামতে শ্ৰীমতী নাগাৰাথনৰ ন্যায়িক দৃষ্টিভংগীক বিশেষভাৱে উল্লেখযোগ্য কৰি তুলিছিল। দেশৰ উচ্চতম ন্যায়ালয়ত বহু মহিলা ন্যায়াধীশে নিজৰ কৰ্মদক্ষতা আৰু বিচাৰৰ জৰিয়তে বিশেষ স্থান লাভ কৰিছে। কিন্তু এতিয়ালৈকে কোনো মহিলাই ভাৰতৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা নাই। সেইবাবে ৩৭ দিনৰ বাবে হলেও ন্যায়াধীশ বি. ভি. নাগৰাথনৰ নিযুক্তি কেৱল এগৰাকী ব্যক্তিৰ সফলতা নহয়, বৰং দেশৰ ন্যায়পালিকাত মহিলাৰ অংশগ্ৰহণ আৰু নেতৃত্বৰ ক্ষেত্ৰত এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *