October 31, 2026
831195413_1644602483683349_6558566199715934068_n

ডিজিটেল ডেস্কঃ উজনি অসমৰ বানপীড়িত ৰাইজক অহা ১ অক্টোবৰৰ ভিতৰত প্ৰতিশ্ৰুত সাহায্য প্ৰদান নকৰাৰ প্ৰতিবাদত আজি গান্ধী জয়ন্তীৰ দিনটোত দিছপুৰত অনশনত বহিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধানসভা চৌহদত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছতেই অখিল গগৈয়ে এই অনিৰ্দিষ্টকালিন অনশন কাৰ্যসূচী আৰম্ভ কৰে। উল্লেখযোগ্য যে, ২ অক্টোবৰ দিনটো অখিল গগৈৰ নিজৰ উপজা দিন। জন্মদিনৰ আনন্দ উদযাপন কৰাৰ বিপৰীতে বানপীড়িত ৰাইজৰ ন্যায়ৰ দাবীত তেওঁ এই আন্দোলনৰ পথ বাছি লয়।

৩ টা মুখ্য দাবীক লৈ আন্দোলনঃ

চৰকাৰক ১ অক্টোবৰৰ সময়সীমা বান্ধি দিয়াৰ পাছতো আধাতকৈ বেছি বানপীড়িত লোক খালী হাতেৰে ৰ’বলগীয়া হোৱাত অখিল গগৈয়ে তিনিটা মুখ্য দাবীক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে:

তাত্ক্ষণিক সাহায্যঃ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৩০ ৰ পৰা ৪০ শতাংশ বানপীড়িত পৰিয়ালে এতিয়াও চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ১৫,০০০ টকাৰ কা অন্তৰ্ৱৰ্তীকালীন সাহায্য পোৱা নাই। লগতে শিৱসাগৰ আৰু চৰাইদেউৰ আটাইতকৈ বেছি ক্ষতিগ্রস্ত লোকসকললৈ ঘোষিত অতিৰিক্ত ১০,০০০ টকাৰ বিশেষ সাহায্যও আদায় দিয়া হোৱা নাই। প্ৰতিটো বানপীড়িত পৰিয়ালক তৎকাল ১৫,০০০ ৰ পৰা ২৫,০০০ টকাকৈ সাহায্য প্ৰদান কৰিব লাগিব।

ক্ষতিপূৰণঃ চাৰিওখন জিলাৰ বানত সৰ্বস্বান্ত হোৱা প্ৰতিটো ক্ষতিগ্রস্ত পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক ক্ষতিপূৰণ হিচাপে ১০ লাখ টকাকৈ একালীন সাহায্য আগবঢ়াব লাগিব।

চিবিআই তদন্তঃ উজনি অসমত সৃষ্টি হোৱা এই মহাপ্ৰলংকাৰী বানৰ মূল কাৰণ আৰু ইয়াৰ আঁৰত থকা দায়বদ্ধ ব্যক্তিসকলক চিনাক্ত কৰি শাস্তি প্ৰদানৰ বাবে চি.বি.আই. (CBI) তদন্ত ঘোষণা কৰিব লাগিব।

ইয়াৰ পূৰ্বে ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ চচলৰ ধৰ্ণা স্থলীত বৃহৎ ৰাজহুৱা সমাবেশৰ জৰিয়তে এই দাবীসমূহ উত্থাপন কৰা হৈছিল। তাৰ পাছতো কোনো সুফল নোপোৱাত অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰি গৃহহীন বানপীড়িতসকলৰ দুৰৱস্থাৰ কথা সোঁৱৰাই দিয়ে।

গগৈয়ে স্পষ্ট কৰি দিয়ে যে চৰকাৰৰ সময়সীমা পাৰ হৈ গ’ল, কিন্তু আজিও প্ৰায় আধা সংখ্যক বানপীড়িত লোক খালী হাতেৰে অপেক্ষা কৰিবলগীয়া হৈছে। সেয়ে গণতান্ত্ৰিকভাৱে আমাৰ ৰাইজৰ অধিকাৰ আৰু অস্তিত্বৰ বাবে আমি এই আন্দোলন আৰম্ভ কৰিছোঁ। তেওঁ কয় যে যোগ্য বানপীড়িত প্ৰতিটো পৰিয়ালে ন্যায়ালব্ধ সাহায্য নোপোৱালৈকে এই আন্দোলন অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *