October 1, 2026
Untitled

ৰাজ্যৰ আৰ্থিক সংকটৰ ছবিখন স্পষ্ট হৈ আহিছে ঋণ লোৱা তথ্যৰ পৰা৷ ছেপ্টেম্বৰ মাহটোতে হিমন্ত বিশ্ব শৰ্মাৰ কঙাল চৰকাৰখনে চাৰিবাৰকৈ ঋণ লৈছে৷ পহিলা ছেপ্টেম্বৰত এহেজাৰ কোটি, ১৫ ছেপ্টেম্বৰত দুটা পৰ্যায়ত ১৩০০ কোটি আৰু ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকা ঋণ লৈছে চৰকাৰে। ছেপ্তেম্বৰ মাহতে চৰকাৰখনে ঋণ লৈছে মুঠ ৩,১০০ কোটি টকা। দিছপুৰৰ এইখন ধৰুৱা চৰকাৰে ঋণ লৈ হ’লেও বিলাসিতা কৰিবলৈ এৰা নাই৷ ধাৰাবাহিক ঋণ গ্ৰহণৰ সময়তে এজন মন্ত্ৰীৰ বিলাসিতাৰ বাবে ১ কোটি ৪৭ লাখ টকা খৰছ কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ঋণৰ বোজাত কোঙা হোৱা ৰাজ্যখনত চৰকাৰৰ মন্ত্ৰীসকলৰ বিলাসিতা কমি যোৱা নাই।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, মন্ত্ৰী চৰণ বড়োৰ চৰকাৰী আৱাসৰ ‘ইণ্টেৰিয়ৰ ডেক’ৰেচন’ৰ বাবেই ১ কোটি ৪৭ লাখ টকাৰ নিবিদা আহ্বান কৰা হৈছে। মন্ত্ৰী চৰণ বড়োৰ আৱাসত অত্যাধিক সাজসজ্জা লগোৱা হ’ব৷ ইতিমধ্যে লোকনিৰ্মাণ বিভাগে নিবিদাৰ আহ্বান জনাইছে৷ মন্ত্ৰীগৰাকীৰ আৱাসৰ সাজসজ্জা ৬ মাহৰ ভিতৰতে লগাব লাগিব ঠিকাদাৰে৷ একপিনে বিত্তীয় সংকটৰ অজুহাতত জনসাধাৰণৰ ওপৰত কৰৰ বোজা আৰোপ কৰা হৈছে৷ আনপিনে মন্ত্ৰীৰ বিলাসিতাৰ বাবে ৰাজকোষৰ টকা অবাধে খৰছ কৰা হৈছে৷ এই খবৰে সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মাহেকত তিনিবাৰলৈকে ঋণ লৈ চলাবলগীয়া হোৱা চৰকাৰখনে ঋণ লোৱা টকা কেইটাকে এতিয়া এনেদৰেই অবাধে শৰাধ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *