গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ বিজেপি দলৰ নীতি-নিয়মক লৈ প্ৰশ্ন তুলি দলটোৰ বাবে ‘থিম ছং’ (Theme Song) লিখা মানুহজনে বিজেপি ত্যাগ কৰাৰ ঘটনাই সমগ্ৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে ৰাইজৰ দলে চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে, বিজেপিৰ দৰে দল এটাৰ পৰা এনেধৰণৰ পদত্যাগ কোনো সৰু ঘটনা নহয়।
সংবাদমেলত ভাৰতীয় নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ কাৰ্যকলাপ আৰু দেশজুৰি লাখ লাখ বৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা অহেতুকভাৱে কৰ্তন কৰাৰ প্ৰসংগত গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাইজৰ দলে। দলটোৱে অহা ২৪ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু তেওঁৰ কাৰ্যকালত সম্পন্ন হোৱা সকলো নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ উদাত্ত দাবী জনায়।
অখিল গগৈয়ে কয় যে শেহতীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, দেশজুৰি প্ৰায় ১৩ কোটিৰো অধিক ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াত বাকী দুজন নিৰ্বাচনী আয়ুক্ত— সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীক সম্পূৰ্ণ অন্ধকাৰত ৰখা হৈছিল। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বিৰুদ্ধে আন দুজন আয়ুক্তই বিগত ১০ মাহত কমেও ১৪ বাৰ লিখিত আপত্তি দৰ্শাবলগীয়া হোৱা ঘটনাই নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ সমন্বয়হীনতা আৰু শাসকীয় বিজেপি দলৰ অবাধ হস্তক্ষেপৰ ছবিখন উন্মুক্ত কৰি দিছে।
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰে যে নিৰ্বাচন আয়োগ বৰ্তমান স্বতন্ত্ৰ প্ৰতিষ্ঠান হৈ থকা নাই, বৰঞ্চ শাসকীয় দলৰ হাতৰ পুতলালৈ পৰিণত হৈছে। নিয়ম উলংঘা কৰি ‘ফৰ্ম-৬’ৰ সালসলনি কৰা আৰু স্থানীয় নিৰ্বাচন পঞ্জীয়ন বিষয়া (ERO) সকলৰ বৈধানিক ক্ষমতা কাঢ়ি লৈ সমগ্ৰ তথ্য নতুন দিল্লীত কেন্দ্ৰীভূত কৰা কাৰ্যক দলটোৱে তীব্ৰ ধিক্কাৰ জনায়। ইয়াৰ উপৰিও, অখিল গগৈয়ে বিগত অসম বিধানসভা নিৰ্বাচনৰ বৈধতা আৰু ৰাজ্যখনত চলোৱা সমষ্টি পুনৰ নিৰ্ধাৰণ (Delimitation) প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।