September 30, 2026
823606672_2364993164307055_3113015857760714150_n

গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ ‘ভোট চুৰি’ৰ ভয়ংকৰ অভিযোগত অভিযুক্ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণ, তেওঁৰ কাৰ্যকালত গ্ৰহণ কৰা সিদ্ধান্ত তথা নিৰ্বাচনী তালিকা সালসলনিৰ নিৰপেক্ষ পৰ্যালোচনাৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজীৱ ভৱনৰ পৰা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ (চিইঅ’) কাৰ্যালয়লৈ সমদল কৰি যাবলৈ আৰম্ভ কৰাৰ সময়তে অসম আৰক্ষীয়ে সমদলটোক বাধা প্ৰদান কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাক বলপূৰ্বকভাৱে আটক কৰে।

প্ৰতিবাদস্থলীত উপস্থিত কংগ্ৰেছ নেতা-কৰ্মীসকলে সমগ্ৰ পৰিৱেশ শ্ল’গানেৰে উত্তাল কৰি তোলে। বিশেষকৈ “ভোট চোৰ, গাদ্দী ছোড়”, “জ্ঞানেশ কুমাৰ মুৰ্দাবাদ”, “জ্ঞানেশ কুমাৰ পদত্যাগ কৰক”, “ইলেকচন কমিছন অৱ ইণ্ডিয়া মুৰ্দাবাদ”, “জ্ঞানেশ কুমাৰ চোৰ হে, চোৰ হে”, “বিজেপি গ’ বেক”, “মোদী চৰকাৰ হুঁচিয়াৰ”, “অমিত শ্বাহ মুৰ্দাবাদ”, “বিজেপি হটাও, দেশ বচাও” আৰু “গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নচলিব, নচলিব” আদি আকাশ-বতাহ কঁপোৱা শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে।

আৰক্ষীয়ে বেৰিকেড দি এই সমদল কাৰ্যসূচীত বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা অৱস্থাতে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ আৰক্ষীয়ে বৰ্বৰতা প্ৰদৰ্শন কৰি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক চোঁচৰাই নি গাড়ীত তুলি আটক কৰে। গগৈৰ লগতে নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শান্তনু বৰা, উদিত ভানু দাস, সেৱা দলৰ সভাপতি দ্বীপ বায়ন, নেত্ৰী বিদিশা নেওগ, মৌচুমী নেওগ, তাজিকা পাৰবিন, মইনাজান বেগম, গোলাম মুস্তাক ওছমানি, অংকুৰ ৰাজ গগৈ, দিগন্ত লস্কৰ, জোন ৰাজখোৱা আৰু আনোৱাৰ হুছেইনকে ধৰি বহু নেতা-কৰ্মীক আৰক্ষীয়ে বলপূৰ্বকভাৱে গ্ৰেপ্তাৰ কৰে। অসম চৰকাৰ আৰু আৰক্ষীৰ এনে দমনমূলক কাৰ্যক কংগ্ৰেছে চৰম কাপুৰুষালি আৰু হিটলাৰী শাসন আখ্যা দি তীব্ৰ গৰিহণা দিছে। উল্লেখ্য যে, আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসম বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, আব্দুল খালেক, নীলমণি সেন ডেকা, প্ৰণতি ফুকন, দিগন্ত বৰ্মন, নন্দিতা দাস, প্ৰদ্যুৎ ভূঞা, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী, মুখপাত্ৰ গোপাল শৰ্মাকে ধৰি শতাধিক নেতা-কৰ্মীয়ে ভাগ লয়।

সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে দেশদ্ৰোহী কাম কৰিছে। এই ষড়যন্ত্ৰত জ্ঞানেশ কুমাৰ অকলে নহয়, তেওঁৰ সৈতে বিজেপি, আৰএছএছ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ সকলো জড়িত হৈ আছে। গগৈয়ে গুৰুতৰ অভিযোগ তুলি কয় যে নিৰ্বাচন আয়োগে বিজেপিৰ আই টি চেলৰ দৰে কাম কৰি কম্পিউটাৰৰ জৰিয়তে দেশৰ লাখ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰিছে। বিশেষকৈ নৱপ্ৰজন্মৰ ‘জেনজি’ যুৱ ভোটাৰসকল যাতে ভোটাধিকাৰৰ পৰা বঞ্চিত হয়, তাৰ বাবে নিৰ্বাচনী ‘ফৰ্ম নম্বৰ ৬’ত এনে কিছু জটিল নিয়ম জাপি দিয়া হৈছে যাৰ ফলত পিতৃ-মাতৃৰ তথ্যৰ নামত অনলাইন প’ৰ্টেল নোখোলা হৈছে আৰু যুৱ প্ৰজন্ম ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছে।

আৰক্ষীয়ে যিমানেই বলপ্ৰয়োগ নকৰক কিয় কংগ্ৰেছ কোনো কাৰণতে পিছুৱাই নাযায় বুলি হুংকাৰ দি গৌৰৱ গগৈয়ে কয় যে যদি বিজেপি দলে ভাবিছে আৰক্ষীৰ লাঠী, বন্দুকৰ গুলী বা ক্ষমতাৰ অপব্যৱহাৰেৰে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলাই যাব, তেন্তে সেয়া তেওঁলোকৰ চৰম ভুল। ভাৰতৰ জনসাধাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল, গতিকে এনে অন্যায়-অত্যাচাৰৰ ওচৰত কোনেও মূৰ নোদোঁৱায়। জ্ঞানেশ কুমাৰক অপসাৰণ কৰি নিৰ্বাচন আয়োগক মুক্ত-নিকা নকৰা পৰ্যন্ত আৰু দেশৰ সংবিধান, গণতন্ত্ৰ তথা সাধাৰণ জনতাৰ ভোটাধিকাৰ সুৰক্ষিত নোহোৱালৈকে কংগ্ৰেছৰ এই সংগ্ৰাম অব্যাহত থাকিব বুলিও গগৈয়ে সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *