BHAGYASHRI
এসময়ত ঘৰে ঘৰে পৰিচিত নাম আছিল এমৱে (Amway)। ভিটামিন, ফুড ছাপ্লিমেণ্ট, প্ৰসাধন সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰি বিশ্বজুৰি এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল কোম্পানীটোৱে। কিন্তু বৰ্তমান সময়ত এমৱেৰ ব্যৱসায়ত দেখা গৈছে ডাঙৰ সংকট।
২০২৪-২৫ বিত্তীয় বৰ্ষত এমৱে’ৰ লোকচান প্ৰায় ৭৪ কোটি ২৫ লাখ টকা বুলি প্ৰকাশ পাইছে। ইয়াৰ আ
গৰ বিত্তীয় বৰ্ষত কোম্পানীটোৰ লোকচান আছিল প্ৰায় ৫৩ কোটি ৩৮ লাখ টকা। অৰ্থাৎ লোকচান কমাৰ পৰিৱৰ্তে বৃদ্ধি পাইছে।
![]()
কেনেকৈ আৰম্ভ হৈছিল এমৱে?
এমৱেৰ কাহিনী আৰম্ভ হৈছিল আমেৰিকাৰ মিছিগানত। ৰিচ ডেভ’ছ (Rich DeVos) আৰু জে ভেন এণ্ডেল (Jay Van Andel) না
মৰ দুজন ব্যৱসায়ীয়ে কম মূলধনেৰে ডাঙৰ ব্যৱসায় গঢ়াৰ সুযোগ বিচাৰি আছিল।
১৯৪৯ চনত তেওঁলোক ভিটামিন আৰু ফুড ছাপ্লিমেণ্ট বিক্ৰী কৰা Nutrilite নামৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত হয়। Nutrilite-ৰ ব্যৱসায়িক পদ্ধতিটো আছিল কিছু পৃথক। সাধাৰণ মানুহে বিক্ৰেতা হিচাপে কাম কৰিব পাৰিছিল আৰু নিজৰ জৰিয়তে নতুন লোকক ব্যৱসায়ত যোগ কৰাই বিক্ৰীৰ ওপৰত কমিছন লাভ কৰিব পাৰিছিল। এই ধাৰণাৰ পৰাই ১৯৫৯ চনত ৰিচ ডেভ’ছ আৰু জে ভেন এণ্ডেলে গঠন কৰে American Way Association, যাক পিছলৈ চমুকৈ Amway বুলি জনা যায়।
এমৱেৰ ব্যৱসায়িক মডেল কেনেকুৱা আছিল?
সাধাৰণ ব্যৱসায়ত কাৰখানাৰ পৰা সামগ্ৰী ডিষ্ট্ৰিবিউটৰ, তাৰ পিছত পাইকাৰী বিক্ৰেতা আৰু খুচুৰা দোকানীৰ জৰিয়তে গ্ৰাহকৰ হাতত পৰে। এমৱেই এই দীঘলীয়া ব্যৱস্থাৰ পৰিৱৰ্তে মানুহকেই নিজৰ ডিষ্ট্ৰিবিউটৰ আৰু প্ৰচাৰক হিচাপে ব্যৱহাৰ কৰিলে। এজন ব্যক্তিয়ে কোম্পানীৰ সামগ্ৰী কিনি গ্ৰাহকক বিক্ৰী কৰি লাভ কৰিব পাৰিছিল। তাৰ লগতে বন্ধু, আত্মীয় বা চিনাকি লোকক ব্যৱসায়ত যোগ কৰাব পাৰিছিল। সেই নতুন সদস্যসকলে কৰা বিক্ৰীৰ ওপৰতো বিভিন্ন ধৰণৰ ব’নাছ লাভ কৰাৰ সুযোগ আছিল। সৰল ভাষাত ক’বলৈ গ’লে—আপুনি মানুহ যোগ কৰে, সেই মানুহে আকৌ আন মানুহ যোগ কৰে, আৰু এইদৰে এটা নেটৱৰ্ক ডাঙৰ হৈ যায়। এই নেটৱৰ্কক বুজাবলৈ প্ৰায়ে দুজনকৈ মানুহ যোগ কৰাৰ উদাহৰণ দি বৃত্ত বা নেটৱৰ্কৰ ছবি দেখুওৱা হৈছিল।

কিন্তু এই ব্যৱস্থা পিৰামিড স্কিম নেকি?
ইয়াতেই সৃষ্টি হৈছিল মূল বিতৰ্ক। যদি উপাৰ্জন সামগ্ৰী বিক্ৰীৰ পৰিৱৰ্তে কেৱল নতুন মানুহ ব্যৱসায়ত যোগ কৰোৱাৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে এই ব্যৱস্থা এটা বৈধ ব্যৱসায় নে পিৰামিড স্কিম—এই প্ৰশ্ন উত্থাপন হৈছিল। ১৯৭৫ চনত আমেৰিকাৰ Federal Trade Commission (FTC)-এ এমৱেৰ বিৰুদ্ধে পিৰামিড স্কিমৰ অভিযোগ উত্থাপন কৰিছিল। পিছত এমৱেৰ ব্যৱসায়িক পদ্ধতিৰ সৈতে জড়িত কিছুমান নিয়ম আৰু সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ ভিতৰত আছিল পুৰণি ষ্টকৰ ব্যৱহাৰ বা বিক্ৰী, একাধিক গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰা আৰু ব্যৱসায় এৰিলে বিক্ৰী নোহোৱা সামগ্ৰী ঘূৰাই দিয়াৰ দৰে নীতি। এইবোৰৰ ফলত এমৱেই নিজৰ ব্যৱসায়িক মডেলক সাধাৰণ পিৰামিড স্কিমৰ পৰা পৃথক বুলি প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰে।
ভাৰতত কেতিয়া প্ৰতিষ্ঠা লাভ কৰিলে এমৱেই?
১৯৯৮ চনত এমৱেই ভাৰতত আনুষ্ঠানিকভাৱে ব্যৱসায় আৰম্ভ কৰে। পিছলৈ কোম্পানীটোৱে ভাৰততো বৃহৎ নেটৱৰ্ক গঢ়ি তোলে। ২০১৫ চনত তামিলনাডুৰ ডিণ্ডিগুলত প্ৰায় ৬০০ কোটি টকা বিনিয়োগেৰে এটা উৎপাদন কেন্দ্ৰ স্থাপন কৰাৰ কথাও প্ৰকাশ পাইছিল। কিন্তু ভাৰততো এমৱেক লৈ বিতৰ্ক সৃষ্টি হৈছিল। কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত কোম্পানীটোৰ বিৰুদ্ধে মানি-চাৰ্কুলেশ্যন আৰু প্ৰৱঞ্চনাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। ২০১৩ আৰু ২০১৪ চনত কোম্পানীটোৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়াকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
২০২১ৰ নতুন নিয়ম আৰু ২০২২ৰ EDৰ ব্যৱস্থা
ভাৰতত ২০২১ চনত Direct Selling Rules প্ৰৱৰ্তন কৰা হয়। এই নিয়মৰ জৰিয়তে কেৱল নতুন মানুহক ব্যৱসায়ত যোগ কৰোৱাৰ বাবদ উপাৰ্জন দিয়াৰ দৰে ব্যৱস্থাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াৰ পিছতে ২০২২ চনত Enforcement Directorate (ED)-এ এমৱে ইণ্ডিয়াৰ প্ৰায় ৭৫৭ কোটি ৭৭ লাখ টকাৰ সম্পত্তি জব্দ কৰাৰ কথা প্ৰকাশ কৰে। ED-ৰ অভিযোগ আছিল যে ডাইৰেক্ট চেলিঙৰ নামত পিৰামিডধৰ্মী ব্যৱসায়িক প্ৰৱঞ্চনা চলোৱা হৈছিল। অৱশ্যে, এই অভিযোগ আৰু আইনী বিষয়বোৰক লৈ কোম্পানী আৰু তদন্তকাৰী সংস্থাৰ মাজত আইনী প্ৰক্ৰিয়া চলি আহিছে।
এতিয়া কিয় সমস্যাৰ সন্মুখীন হৈছে এমৱে?
কেৱল আইন বা চৰকাৰী নিয়ন্ত্ৰণেই এমৱেৰ সমস্যাৰ কাৰণ নহয়। বজাৰখনো বিগত কেইবছৰমানত বহুত সলনি হৈছে।
১. অনলাইন বজাৰৰ বিস্ফোৰণ
আগতে ভিটামিন, প্ৰসাধন সামগ্ৰী বা স্বাস্থ্য-সম্পৰ্কীয় সামগ্ৰী কিনিবলৈ ডিষ্ট্ৰিবিউটৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব লাগিছিল। এতিয়া Amazon, Flipkart আদি অনলাইন প্লেটফৰ্মৰ জৰিয়তে ঘৰত বহিয়েই বিভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী কিনিব পাৰি।
২. কম দামত বহুল উপলব্ধতা
অনলাইন বজাৰত এতিয়া একে ধৰণৰ বহু সামগ্ৰী বিভিন্ন ব্ৰেণ্ডে কম দামত বিক্ৰী কৰিছে।
এমৱেৰ দৰে নেটৱৰ্ক-ভিত্তিক বিক্ৰী ব্যৱস্থাত ডিষ্ট্ৰিবিউটৰ আৰু কমিছনৰ বিভিন্ন স্তৰ থকাৰ বাবে সামগ্ৰীৰ দাম তুলনামূলকভাৱে বেছি হোৱা বুলি বহু গ্ৰাহকে অনুভৱ কৰে।
৩. গ্ৰাহকৰ চিন্তাধাৰা সলনি হৈছে
আগতে চিনাকি মানুহে কোনো সামগ্ৰী ভাল বুলি ক’লে বহুতে সহজে বিশ্বাস কৰি ক্ৰয় কৰিছিল। কিন্তু এতিয়া গ্ৰাহকে সামগ্ৰী কিনাৰ আগতে Google, YouTube, Instagram আৰু অনলাইন ৰিভিউত তথ্য বিচাৰে। অৰ্থাৎ এতিয়া কেৱল “কোনে বিক্ৰী কৰিছে” সেইটোতকৈ “সামগ্ৰীটো কিমান ভাল” সেইটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
৪. ছ’চিয়েল মিডিয়াই সলনি কৰিলে বিপণন
এসময়ত এমৱেৰ ডিষ্ট্ৰিবিউটৰে ঘৰে ঘৰে গৈ সামগ্ৰীৰ প্ৰচাৰ কৰিছিল। এতিয়া সেই কাম বহুলাংশে কৰি আছে YouTube, Instagram আৰু Facebook-ৰ কনটেন্ট ক্ৰিয়েটৰসকলে। এজন কনটেন্ট ক্ৰিয়েটৰে একেটা ভিডিঅ’ৰ জৰিয়তে হাজাৰ হাজাৰ গ্ৰাহকৰ ওচৰলৈ সামগ্ৰীৰ তথ্য লৈ যাব পাৰে।
৫. নতুন প্ৰজন্মৰ কিনাৰ ধৰণ সলনি হৈছে
নতুন প্ৰজন্মই এতিয়া কেৱল বন্ধু বা আত্মীয়ৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁলোকে দাম তুলনা কৰে, ৰিভিউ পঢ়ে, ভিডিঅ’ চায় আৰু বিভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী তুলনা কৰি তাৰ পিছত সিদ্ধান্ত লয়।

এমৱেৰ আগৰ শক্তিয়েই এতিয়া দুৰ্বলতা হৈ পৰিছে নেকি?
এসময়ত এমৱেৰ আটাইতকৈ ডাঙৰ শক্তি আছিল মানুহৰ নেটৱৰ্ক। কিন্তু আজিৰ ডিজিটেল যুগত সেই নেটৱৰ্ক ব্যৱস্থাৰ বিকল্প হিচাপে আহিছে অনলাইন শ্বপিং, ছ’চিয়েল মিডিয়া, ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং আৰু অনলাইন ৰিভিউ। সেয়েহে এমৱেৰ সন্মুখত এতিয়া প্ৰশ্নটো হৈছে—পুৰণি ব্যৱসায়িক মডেল সলনি কৰি নতুন ডিজিটেল বজাৰৰ সৈতে কোম্পানীটোৱে কিমান সফলভাৱে খাপ খাব পাৰিব? এসময়ত যি মডেলে এমৱেক বিশ্বজুৰি পৰিচিত কৰি তুলিছিল, সেই একেটা মডেলেই আজিৰ পৰিৱৰ্তিত বজাৰত কোম্পানীটোৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। এমৱেৰ কাহিনী সেয়েহে কেৱল এটা কোম্পানীৰ লোকচানৰ কাহিনী নহয়; ই পৰিৱৰ্তিত বজাৰ, ডিজিটেল বিপণন আৰু গ্ৰাহকৰ সলনি হোৱা মানসিকতাৰো এক গুৰুত্বপূৰ্ণ উদাহৰণ।