September 30, 2026
Untitled

‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ দলসমূহে বিগত সময়ছোৱাত দেশৰ দুগৰাকী উদ্যোগপতিৰ বিৰুদ্ধে সবাতোকৈ বেছি সৰৱ হৈ পৰা দেখা গৈছে। সেই দুগৰাকী হ’ল মুকেশ আম্বানী আৰু গৌতম আদানী। দুয়োগৰাকী উদ্যোগপতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ আৰু তেওঁলোক চৰকাৰৰ অতি ঘনিষ্ঠ বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰি আহিছে। চৰকাৰৰ সম্পত্তি, বন্দৰ আৰু বিভিন্ন প্ৰকল্পৰ ঠিকা এই দুজন উদ্যোগপতিকে গটাই দিয়াৰ লগতে বেংকৰ ঋণো মাফ কৰি দিয়াৰ গুৰুতৰ অভিযোগ তুলি আহিছে বিৰোধী দলসমূহে।

কিন্তু তেনে সময়তে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অন্যতম প্ৰধান অংশীদাৰী দল সমাজবাদী পাৰ্টীয়ে মুকেশ আম্বানীৰ অতি ঘনিষ্ঠ এগৰাকী বিষয়াক ৰাজ্যসভাৰ টিকট প্ৰদান কৰি বিষয়টো চৰ্চালৈ আনিছে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে মুকেশ আম্বানীৰ প্ৰতিষ্ঠান ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড’ৰ শীৰ্ষ বিষয়া ধনৰাজ নাথৱানীক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। ভাৰতৰ উদীয়মান উদ্যোগী, ক্ৰীড়া প্ৰশাসক তথা বিশিষ্ট সমাজসেৱক ধনৰাজ নাথৱানীয়ে আজি সমাজবাদী পাৰ্টীৰ হৈ উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে।

কোন এই ধনৰাজ নাথৱানী?

ধনৰাজ নাথৱানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ এজন জ্যেষ্ঠ কাৰ্যবাহী বিষয়া। তেওঁ ৰিলায়েন্সৰ গুজৰাটৰ জামনগৰস্থিত বিশ্বৰ বৃহৎ তেল শোধনাগাৰ আৰু আনুষংগিক উদ্যোগিক প্ৰকল্পসমূহৰ পৰিচালনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি আহিছে। তেওঁ বৰ্তমান গুজৰাট ক্ৰিকেট এছ’ছিয়েশনৰ (GCA) সভাপতি। ইয়াৰ উপৰিও তেওঁ গুজৰাট ফুটবল এছ’ছিয়েশন আৰু ভাৰতীয় ফুটবল মহা সংঘৰ (AIFF) সৈতে প্ৰত্যক্ষভাৱে জড়িত।ধনৰাজ নাথৱানী জামনগৰত অৱস্থিত বিশ্বৰ অন্যতম বৃহৎ প্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ ‘বনতাৰা’ৰ (Vantara) কাৰ্যবাহী পৰিচালনা আৰু তত্ত্বাৱধানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত— যিটো অনন্ত আম্বানীৰ ড্ৰিম প্ৰজেক্ট। ধনৰাজ নাথৱানী হৈছে ৰাজ্যসভাৰ সাংসদ তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অন্যতম শীৰ্ষ বিষয়া পৰিমল নাথৱানীৰ পুত্ৰ। আম্বানী প্ৰতিষ্ঠানৰ এনে এগৰাকী জ্যেষ্ঠ বিষয়াক অখিলেশ যাদৱে ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্তই এতিয়া দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *