September 30, 2026
mao

উত্তৰ প্ৰদেশৰ বাৰাণসীত এ টি এছৰ সৈতে হোৱা এনকাউণ্টাৰত নিষিদ্ধ মাওবাদী সংগঠন TPCৰ মুৰব্বী ব্ৰিজেশ গাঞ্জু ওৰফে গোপাল সিং ভক্ত নিহত হয়। দেওবাৰে পুৱা সংঘটিত এই অভিযান সন্দৰ্ভত ঝাৰখণ্ড আৰক্ষীয়ে নিশ্চিতি প্ৰদান কৰিছে। ঝাৰখণ্ড চৰকাৰে ২৫ লাখ টকা আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৫ লাখ টকা ঘোষণা কৰাৰ পিছত গাঞ্জুৰ মূৰৰ মূল্য মুঠ ৩০ লাখ টকাৰ পুৰস্কাৰ আছিল।

ঝাৰখণ্ড আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বাৰাণসীৰ ৰামনগৰ আৰক্ষী থানাৰ অন্তৰ্গত টেংৰা ম’ৰৰ সমীপৱৰ্তী লংকা ময়দানত পুৱা প্ৰায় ৫ বজাত এই গুলীয়াগুলীৰ ঘটনা ঘটে। এ টি এছে বিশেষ চোৰাংচোৱা তথ্য লাভ কৰিছিল যে গাঞ্জু বাইকেৰে সেই অঞ্চলৰে পাৰ হৈ যাব। উক্ত তথ্যৰ ভিত্তিত এ টি এছৰ এটা দলে টেংৰা ম’ৰ এলেকাত এম্বুছ পাতে। যেতিয়া গাঞ্জু বাইকেৰে কাষ চাপে, আৰক্ষীৰ দলে তেওঁক ৰ’বলৈ সংকেত দিয়ে। কিন্তু আৰক্ষীৰ সংকেত নামানি তেওঁ এ টি এছৰ দলটোলৈ লক্ষ্য কৰি গুলী চালনা কৰে। যাৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী চলাবলৈ বাধ্য হয়। এই সংঘাতত গুৰুতৰভাৱে আহত গাঞ্জুক জিলা হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

অভিযানৰ সময়ত গাঞ্জুৰ এজন সংগী পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীৰ পৰা দুটা পিস্তল, জীৱন্ত কাৰ্তুজ আৰু ব্যৱহৃত গুলীৰ খোকা উদ্ধাৰ কৰা হৈছে। এ টি এছে জনোৱা মতে, গাঞ্জুৱে চলোৱা গুলী ডি এছ পি বিপিন ৰায় আৰু হেড কনষ্টেবল নিতেন্স কৃষ্ণাৰ বুলেটপ্ৰুফ জেকেটত লাগে। যাৰ ফলত দুয়োগৰাকী বিষয়া সুৰক্ষিত হৈ থাকে। বিগত কেইবা বছৰো ধৰি নিৰাপত্তা সংস্থাসমূহৰ তালিকাত থকা গাঞ্জুক এন আই এৰ এক সন্ত্ৰাসবাদী পুঁজি যোগান (terror-funding) গোচৰত প্ৰায় আঠ বছৰ আগতেই অপৰাধী ঘোষণা কৰা হৈছিল।

ঝাৰখণ্ডৰ ছাত্ৰা জিলাৰ লাৱালং আৰক্ষী থানা অঞ্চলৰ বাসিন্দা গাঞ্জু দীৰ্ঘদিন ধৰি ৰাজ্যখনত নক্সালবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। ঠিকাদাৰৰ পৰা গুণ্ডাটেক্স সংগ্ৰহ কৰাৰ অভিযোগ আছিল। ইয়াৰ উপৰিও ছাত্ৰাত চি চি এলৰ অম্ৰপালী আৰু মগধ কয়লা প্ৰকল্প মুকলি হোৱাৰ পিছত মাওবাদী গোটটোৱে কয়লা ব্যৱসায়, খনি পৰিবহণ আৰু আউটছ’ৰ্চিং কোম্পানীসমূহৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছিল। এই সফল অভিযানৰ পিছত এ টি এছে গাঞ্জু বাৰাণসীত কিমান দিনৰ পৰা আশ্ৰয় লৈ আছিল আৰু তেওঁৰ মূল সম্পৰ্কসমূহ কাৰ কাৰ সৈতে আছিল, সেই সন্দৰ্ভত ব্যাপক তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *