গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ক্ষীৰোদ ভৱনত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ আব্দুল খালেকে এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয় যে মৰিগাঁৱলৈ তেওঁ দলীয় আৰু বিভিন্ন কাৰ্যসূচীত বহুবাৰ আহিছে যদিও আনুষ্ঠানিকভাৱে সাংবাদিকসকলৰ সৈতে মিলিত হোৱাৰ সুযোগ পোৱা নাছিল। মৰিগাঁও জিলাত কংগ্ৰেছ সংগঠনৰ শক্তিশালী ভেটি গঢ়ি থৈ যোৱা প্ৰয়াত ক্ষীৰোদ বৰুৱা, প্ৰয়াত জোনজোনালী বৰুৱা, ডাঃ নজৰুল ইছলাম, প্ৰয়াত কালিৰাম ডেকাৰজা আৰু প্ৰয়াত বিবেকানন্দ দলৈৰ দৰে জ্যেষ্ঠ নেতাসকলৰ অৱদানক তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। সংবাদমেলত আব্দুল খালেকে অভিযোগ কৰে যে এই উপ-নিৰ্বাচন ৰাইজৰ ওপৰত জাপি দিয়া হৈছে। নগাঁও লোকসভা সমষ্টিৰ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিপুল ভোটত জিকাই পঠিয়াইছিল যদিও বিজেপিৰ ষড়যন্ত্ৰ নাইবা লোভত ভৰি দি বৰদলৈয়ে জনসাধাৰণৰ বিশ্বাসক পদাঘাত কৰিলে। মন্ত্ৰী হোৱাৰ আশাত বিজেপিলৈ যোৱাৰ বাবেই এই অকাল উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগা হ’ল বুলি তেওঁ কটাক্ষ কৰে।
অৱশ্যে বিগত দুয়োটা নিৰ্বাচনত কংগ্ৰেছ এই সমষ্টিত বিজয়ী হৈছে আৰু এইবাৰো ৰাইজৰ সমৰ্থনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয়ী হ’ব বুলি তেওঁ দৃঢ় আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে দ্বিতীয়বাৰৰ বাবে জনাদেশ পোৱাৰ পাছত যোৱা ছয়মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক প্ৰত্যাশিত গতিত আগবঢ়াই নিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু চৰকাৰখনে কেৱল ধাৰৰ পাছত ধাৰ লৈ চলিছে। একেদৰে জনজাতীয় লোকসকলৰ আশা-আকাংক্ষাকো চৰকাৰে পূৰণ কৰিব পৰা নাই। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্যমন্ত্ৰীতকৈ বয়সত ডাঙৰ হোৱা সত্ত্বেও মুখ্যমন্ত্ৰীয়ে তেওঁৰ গালত চেপি দিয়া কাৰ্যক তেওঁ অত্যন্ত দৃষ্টিকটু আৰু অপমানজনক বুলি অভিহিত কৰে। দেউৰীৰ বিৰুদ্ধে বিভিন্ন গোচৰ চলি থকাৰ বাবে আৰু আৰক্ষীৰ ভয়তহে তেওঁ নীৰৱ হৈ থাকিল বুলি দাবী কৰি খালেকে কয় যে এয়া কেৱল এজন ব্যক্তিৰ নহয়, সমগ্ৰ মৰিগাঁওবাসী, তিৱা ৰাইজ তথা জনজাতীয় সমাজৰ প্ৰতি কৰা চূড়ান্ত অপমান।
একেদৰে ৰহাত এইমছৰ দাবীত হোৱা আন্দোলনত শ্বহীদ হোৱা লোকসকলৰ প্ৰতি চৰকাৰে কোনো ন্যায় প্ৰদান নকৰিলে আৰু তাত কোনো চিকিৎসা মহাবিদ্যালয় বা প্ৰতিষ্ঠান স্থাপন নকৰি ৰহাক প্ৰতাৰণা কৰিলে। মুখ্যমন্ত্ৰীয়ে সততে মিঞাৰ ভোট নালাগে বুলি কোৱাৰ পাছতো নিৰ্বাচন আহি পৰাত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখত ‘ইনশাআল্লাহ’, ‘মাশাআল্লাহ’, ‘সুবহানআল্লাহ’ আদি শব্দ সততে শুনা গৈছে বুলি তেওঁ অভিযোগ কৰে। পশ্চিমবংগত এআইপিএছ বিষয়া বুশ্ৰা বানোৱে ৰাজহুৱা অনুষ্ঠানত ‘আচ্ছালামু আলাইকুম’ কোৱাৰ বাবেই তৎকালীনভাৱে বদলি কৰা বিজেপিয়ে অসমত ভোটৰ স্বাৰ্থত এনে নাটকীয় আচৰণ কৰিছে বুলি তেওঁ কটাক্ষ কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই সংখ্যালঘুৰ বাবে ঘঁৰিয়ালৰ চকুলো টুকিছে যদিও তেওঁ জিলা আয়ুক্ত হৈ থকাৰ সময়ত ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অধীনত এগৰাকী ভাৰতীয় নাগৰিক মহিলাক অন্যায়ভাৱে বাংলাদেশলৈ পঠিয়াই দিছিল। আদালতে উক্ত সিদ্ধান্তক সংবিধানবিৰোধী আৰু অন্যায় আখ্যা দি চৰকাৰক দুইলাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল। ৰাজনৈতিক নিৰ্দেশত সংবিধান উলংঘা কৰা আৰু মেৰুদণ্ডহীন এনে এজন বিষয়াই কেতিয়াও জনপ্ৰতিনিধি হিচাপে কাম কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। বদৰুদ্দিন আজমল আৰু এআইইউডিএফক তীব্ৰ আক্ৰমণ কৰি আব্দুল খালেকে কয় যে বিজেপি আৰু দেৱাশীষ শৰ্মাক সহায় কৰাৰ লক্ষ্যৰেই আজমল নিৰ্বাচনৰ পথাৰত নামিছে। সকলোৱে জানে যে এআইইউডিএফৰ প্ৰকৃত হাই কমাণ্ড হৈছে হিমন্ত বিশ্ব শৰ্মা। বঙাইগাঁৱৰ কবাইটাৰী মাদ্ৰাছাত যেতিয়া বুলডজাৰ চলোৱা হৈছিল, তেতিয়া আজমলে সেই স্থান পৰিদৰ্শন কৰিয়েই পোনে পোনে মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত উপস্থিত হৈছিলগৈ।
বিজেপি আৰু এআইইউডিএফ এটা আনটোৰ পৰিপূৰক আৰু উভয় দলে পৰস্পৰক সহায় কৰি ৰাজনৈতিক মুনাফা লাভ কৰাৰ নীতি লৈছে। বিজেপিয়ে পশ্চিমবংগত হুমায়ুন কবীৰ, হায়দৰাবাদত ওৱেইছি আৰু অসমত আজমলক ৰাজনৈতিক অক্সিজেন যোগান ধৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক প্ৰশংসা কৰি তেওঁ কয় যে বিধায়িকা হিচাপে তেওঁ বিধানসভাত বৰদোৱাৰ লগতে সংখ্যাগুৰু আৰু সংখ্যালঘু উভয় সম্প্ৰদায়ৰ দুখ-বেদনা বলিষ্ঠভাৱে উত্থাপন কৰি আহিছে। লোকসভালৈ নিৰ্বাচিত হ’লে তেওঁ অসম তথা নগাঁৱৰ জনসাধাৰণৰ সমস্যাসমূহ শক্তিশালী ৰূপত সংসদত দাঙি ধৰিব পাৰিব। সমগ্ৰ দেশত সৃষ্টি হোৱা বিজেপিবিৰোধী বাতাৱৰণক এই উপ-নিৰ্বাচনৰ জয়ে অধিক শক্তি প্ৰদান কৰিব বুলি উল্লেখ কৰি তেওঁ বানপানীৰ সময়ত ৰাজ্যৰ চাৰিখনকৈ জিলা বিধ্বস্ত হোৱাৰ পাছতো প্ৰধানমন্ত্ৰী বা দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আকাশী নিৰীক্ষণ নকৰাটো অসমবাসীৰ প্ৰতি এক চূড়ান্ত বঞ্চনা বুলি কয়। সীমান্তত কাঁইটীয়া তাৰৰ বেৰ দিয়াৰ অধিকাংশ কাম কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা বুলি দাবী কৰি তেওঁ মুক্ত সীমান্ত বন্ধ কৰাত ব্যৰ্থ হোৱাৰ বাবে অমিত শ্বাহ আৰু বিএছএফক জগৰীয়া কৰে।
তৰুণ গগৈৰ দিনত নাগালেণ্ড আৰু অৰুণাচললৈ যোৱা শ্ৰমিকসকলৰ তালিকা প্ৰকাশ কৰি বিদেশী চিনাক্তকৰণৰ প্ৰত্যাহ্বান জনোৱা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে সদায় শেষৰজন বিদেশী বহিষ্কাৰ হোৱাটো বিচাৰে, কিন্তু বিদেশীৰ নামত কোনো ভাৰতীয় স্বদেশী হাৰাশাস্তি হ’ব নালাগিব। বিৰোধী ঐক্য আৰু অখিল গগৈ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খালেকে স্পষ্ট কৰি দিয়ে যে মিত্ৰজোঁটৰ ধৰ্ম সকলোৱে পালন কৰা উচিত। বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছক আক্ৰমণ কৰি থাকিলে মিত্ৰজোঁটৰ কোনো অৰ্থ নাথাকে। অখিল গগৈয়ে নিজকে বিজেপি আৰু এআইইউডিএফ বিৰোধী বুলি দাবী কৰে যদিও এই উপ-নিৰ্বাচন তেওঁৰ বাবে এক ‘এচিড টেষ্ট’ স্বৰূপ। যদি তেওঁ প্ৰকৃততেই দুয়োটা সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিব বিচাৰে, তেন্তে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়তে তেওঁ আনুষ্ঠানিক আৰু মুকলিকৈ কংগ্ৰেছক সমৰ্থন আগবঢ়োৱা উচিত বুলি খালেকে আহ্বান জনায়। উল্লেখ্য যে, মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত স্বপন ডেকাৰজা, মহিলা কংগ্ৰেছৰ ৰাজ্যিক সম্পাদিকা নাহিদা চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক ৰুহুল আমিন আহমেদ আৰু জিলা কংগ্ৰেছৰ বিষয়ববীয়া তথা সহকৰ্মীসকল উপস্থিত থাকে।