গুৱাহাটীঃ উজনি অসমৰ বানপীড়িত ৰাইজক জৰুৰী বান সাহায্য আৰু উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবীত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰম্ভ কৰা অনিৰ্দিষ্টকালীন সত্যাগ্ৰহৰ ১৩০ ঘণ্টা পাৰ হৈছে। ২ অক্টোবৰৰ পৰা অসম বিধানসভাৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত বিধায়কগৰাকীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। বানত ক্ষতিগ্ৰস্ত ৰাইজক চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি সাহায্য আৰু ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে এই আন্দোলন আৰম্ভ কৰিছে। তেওঁৰ দাবী অনুসৰি, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বহু বানপীড়িত পৰিয়ালে এতিয়াও চৰকাৰৰ পৰা পাবলগীয়া সাহায্য লাভ কৰা নাই।
১ অক্টোবৰৰ সময়সীমা উকলাৰ পাছতেই আন্দোলনঃ
যোৱা ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত অনুষ্ঠিত এক বৃহৎ ৰাজহুৱা সমাৱেশৰ পৰা অখিল গগৈয়ে বানপীড়িত পৰিয়ালসমূহক জৰুৰী বিত্তীয় সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক ১ অক্টোবৰলৈকে সময়সীমা বান্ধি দিছিল। কিন্তু উক্ত সময়সীমাৰ ভিতৰত সাহায্য আৰু ক্ষতিপূৰণৰ ধন বিতৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ ২ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন সত্যাগ্ৰহ আৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰত অখিল গগৈয়ে বানত গৃহহীন হোৱা পৰিয়ালসমূহৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে সম্পূৰ্ণ বিত্তীয় সাহায্য লাভ নকৰালৈকে আন্দোলন অব্যাহত ৰখাৰ কথা স্পষ্ট কৰে।
অখিল গগৈৰ মূল দাবী কি?
১৫ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন সাহায্য:
অতিৰিক্ত ১০ হাজাৰ টকাৰ সাহায্য:
১০ লাখ টকাৰ ক্ষতিপূৰণ:
অখিল গগৈৰ দাবী অনুসৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৩০ৰ পৰা ৪০ শতাংশ বানপীড়িত পৰিয়ালে এতিয়াও চৰকাৰীভাৱে ঘোষণা কৰা ১৫ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন সাহায্য লাভ কৰা নাই। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত ১০ হাজাৰ টকাৰ বিশেষ সাহায্য প্ৰদান কৰাৰ দাবী জনাইছে বিধায়কগৰাকীয়ে৷ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী অখিল গগৈৰ। অখিল গগৈয়ে লগতে বানৰ ক্ষয়ক্ষতিৰ বিষয়টোত কেন্দ্ৰীয় তদন্তৰ দাবীও উত্থাপন কৰিছে। সাম্প্ৰতিকভাৱে তেওঁ সাহায্য বিতৰণৰ বাবে সময়সীমা ঘোষণা নকৰিলে আন্দোলন অধিক ব্যাপক ৰূপ দিয়াৰ কথাও কৈছে।
‘ক্ষতিগ্ৰস্ত পৰিয়ালে সম্পূৰ্ণ সাহায্য নোপোৱালৈকে আন্দোলন চলিব’ঃ
অখিল গগৈয়ে পূৰ্বে প্ৰকাশ কৰা বিবৃতিত কয় যে বানপীড়িত ৰাইজৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ বাবে গান্ধী জয়ন্তীৰ দিনৰ পৰাই গণতান্ত্ৰিকভাৱে আন্দোলন আৰম্ভ কৰা হৈছে। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে তেওঁলোকৰ প্ৰাপ্য সম্পূৰ্ণ বিত্তীয় সাহায্য নোপোৱালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলিও তেওঁ ঘোষণা কৰে। দেওবাৰে পুৱতি নিশা সামাজিক মাধ্যমত দিয়া এটা পোষ্টতো বিধায়কগৰাকীয়ে তেওঁৰ সত্যাগ্ৰহ অব্যাহত থকাৰ কথা উল্লেখ কৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানপীড়িত ৰাইজক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে আন্দোলনত অটল হৈ থকাৰ কথা প্ৰকাশ কৰে।
অখিল গগৈৰ আন্দোলনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ
ইফালে অখিল গগৈৰ সত্যাগ্ৰহক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰৱ হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈয়ে ‘অনশন’ত বহা নাই, তেওঁ ‘ধৰ্মঘট’ত বহিছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি, বান সাহায্য আৰু ক্ষতিপূৰণৰ বিষয়ত অখিল গগৈৰ সৈতে তেওঁৰ ফোনযোগে দীঘলীয়া আলোচনা হৈছিল। চৰকাৰে কিমান পৰিয়ালক কিমান ধন দিব সেই বিষয়েও তেওঁ বিধায়কগৰাকীক অৱগত কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়। শৰ্মাই লগতে অভিযোগ কৰে যে সাহায্য বিতৰণৰ কৃতিত্ব অখিল গগৈয়ে যাতে নিজৰ আন্দোলনৰ সৈতে সংযোগ কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰে সাহায্য প্ৰদানত কিছু পলম কৰিব। মুখ্যমন্ত্ৰীৰ মতে, বান সাহায্য প্ৰদানৰ কৃতিত্বক লৈ দুয়োপক্ষৰ মাজত ৰাজনৈতিক মতভেদ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ পৰা ৰাজ্য চৰকাৰে ১,২০০ কোটি টকা লাভ কৰিব আৰু প্ৰায় ৫৫ হাজাৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব। অখিল গগৈয়ে তেওঁৰ সৈতে হোৱা আলোচনাৰ পৰাই এই তথ্য লাভ কৰিছিল বুলিও তেওঁ দাবী কৰে।
বানত ব্যাপক ক্ষয়ক্ষতিৰ অভিযোগঃ
চলিত বৰ্ষৰ ভয়াৱহ বানত অসমৰ বিভিন্ন জিলাত ঘৰ-দুৱাৰ, বিদ্যালয়, পথ-ঘাট, মথাউৰি, স্বাস্থ্যকেন্দ্ৰ, কৃষিভূমি, পশুধন আৰু মীনপামকে ধৰি বিস্তৰ ক্ষয়ক্ষতি হোৱা বুলি বিভিন্ন পক্ষই দাবী কৰি আহিছে। বানৰ ফলত বহু পৰিয়াল গৃহহীন আৰু জীৱিকাহীন হৈ পৰাৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ মাজতে বানপীড়িত ৰাইজক সাহায্য আৰু ক্ষতিপূৰণ প্ৰদানক লৈ অখিল গগৈ আৰু ৰাজ্য চৰকাৰৰ মাজত বাক-বিতণ্ডাই নতুন মাত্ৰা লাভ কৰিছে। বিধানসভাৰ চৌহদত বিধায়কগৰাকীৰ অনিৰ্দিষ্টকালীন সত্যাগ্ৰহ অব্যাহত থকাৰ বিপৰীতে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত এতিয়া দৃষ্টি নিবদ্ধ হৈছে।
