আজি বানপীড়িতসকলক ক্ষতিপূৰণ আদায়, বানপানী সমস্যাৰ স্থায়ী সমাধান, আৰু উজনি অসমৰ জলপ্ৰলয়ৰ কাৰণ উদ্ঘাটনৰ বাবে বিশেষজ্ঞ কমিটি গঠন, মূল্যবৃদ্ধি ৰোধৰ দাবীত চিপিআইএম দলে দিছপুৰ অভিযানৰ আহ্বান জনাইছিল। কিন্তু আৰক্ষীয়ে উলুবাৰী ফ্লাইঅভাৰৰ সমীপৰ ভলভ’ পইণ্টত আনকি সমৱেত হ’ব দিবলৈ অস্বীকাৰ কৰে। কালিৰে পৰা সমদলৰ কাৰ্যসূচী বাতিল কৰিবলৈ বহুতো নেতা-কৰ্মীক একপ্ৰকাৰ ভাবুকি দিয়ে। আজি প্রস্তাবিত দিছপুৰ অভিযান বাতিল কৰাৰ কাৰণে সকলো ধৰণৰ পদক্ষেপ হাতত লয়। এনে প্রেক্ষাপটত চিপিআইএম দলে তাৎক্ষণিকভাৱে গুৱাহাটী ৰে’লষ্টেচনৰ পৰা সহস্ৰাধিক লোকৰ সমদল উলিয়ায়।
এটা বাহিনীয়ে তেওঁলোকক বহু ঠাইত বাধা দিবলৈ চেষ্টা কৰে যদিও, সেই বাধা ওফৰাই উলুবাৰী ফ্লাইঅভাৰলৈকে এই সমদলে চৰকাৰৰ বিৰুদ্ধে স্লোগান দি আৰু সমস্যা সমাধানৰ দাবী জনাই তেওঁলোকে দীপ্তভাৱে আগবাঢ়ে। উলুবাৰী ফ্লাইঅভাৰৰ ওচৰত তেওঁলোকক আটক কৰা হয়। আনহাতে খানাপাৰাতো সহস্ৰাধিক লোক সমৱেত হৈ সমদল উলিয়ায়। সমদলকাৰীক তাৰ পৰা পুলিচে আটক কৰি চচললৈ আনে। এই আন্দোলনত অসমৰ বিভিন্ন জিলাৰ পৰা পুৰুষ-মহিলাই ৰেইল আৰু বাছেৰে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলৰ নেতৃত্ব দিয়ে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰ, কেন্দ্রীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান, আৰু প্রাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে। তদুপৰি দলটোৰ জ্যেষ্ঠ নেতা দেবেন ভট্টাচাৰ্য,ৰাজ্যিক নেতা টিকেন দাস, তপন শৰ্মা, অজিত দাস,নয়ন ভূঞা, গজেন বৰ্মন, বাসুদেৱ কলিতা, নিৰঙ্কুশ নাথ, সঙ্গীতা দাস প্ৰমুখ্যে নেতাসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰে।
আন্দোলনকাৰীসকলে এই দাবীসমূহ উত্থাপন কৰাৰ লগতে গণতান্ত্ৰিক অধিকাৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আক্ৰমণক তীব্র ধিক্কাৰ দিয়ে। চচলস্থলীত অনুষ্ঠিত প্রতিবাদ সভাত ভাষণ দি দলৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পৰাই বিৰোধী দলৰ সমদলৰ ওপৰত সম্পূৰ্ণভাৱে নিষেধাজ্ঞা জাৰি কৰাৰ দৰে কৰিছে। অথচ বিজেপি দলে নিজে গুৱাহাটীৰ বিভিন্ন ঠাইত নিজ খুচি মতে তেওঁলোকে সমদল উলিয়াইছে পুলিচৰ সহযোগত। এই নীতি কেতিয়াও মানি লোৱা নহ’ব। প্রতিবাদকাৰীসকলৰ শান্তিপূর্ণভাৱে গণতান্ত্ৰিক উপায়েৰে যিকোনো ধৰণৰ আন্দোলন কৰাৰ অধিকাৰ চি পি আই (এম) দলে কেতিয়াও বিসৰ্জন নিদিয়ে। তেওঁ বান সাহায্য আদায়ত চূড়ান্তভাৱে ব্যৰ্থ বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰে। খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰাৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়। এই সভাত ভাষণ দি প্রাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে তিনি মাহ অতিক্ৰম কৰাৰ পিছতো বন্যাক্ৰান্তসকলক ন্যূনতম সাহায্য আগবঢ়োৱাতো হিমন্ত বিশ্ব চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আৰু যি অবৈধ খননৰ বাবে এই বানপানীয়ে উজনি অসমত জলপ্রলয়ৰ ৰূপ ধাৰণ কৰিলে, এতিয়ালৈকে তাৰ বাবে দোষীসকলক বিচাৰি উলিয়াই তদন্ত কৰি শাস্তি দিয়াৰ ব্যৱস্থা নহ’ল। এয়া ধিক্কাৰজনক।বান সমস্যাক জাতীয় সমস্যা হিচাপে বিবেচনা কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ তেওঁ দাবী জনায়। প্ৰতিবাদ স্থলীৰ পৰা আৰক্ষী বিভাগৰ ডিচিপিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
কেন্দ্রীয় কমিটিৰ নেতা ইছফাকুৰ ৰহমানে বানপানীত মৃতসকলৰ পৰিয়ালক অন্তত ২৫ লাখ টকা, প্রত্যেকটো ক্ষতিগ্রস্ত পৰিয়ালক এককালীন ১ লাখ টকা, আৰু যিসকলৰ ঘৰ সম্পূৰ্ণ ভাঙি গৈছে তেওঁলোকক অন্তত ১০ লাখ টকা দিবলৈ দাবী জনায়।পুলিচৰ তীব্র বাধা আৰু হুমকি নেওচি চি পি আই(এম)এ মহানগৰীত উলিয়ালে সহস্ৰাধিক লোকৰ সমদল। উলুবাৰী ফ্লাই অভাৰ আৰু খানাপাৰাত আটক হ’ল দুই সহস্ৰাধিক আজি বানপীড়িতসকলক ক্ষতিপূৰণ আদায়, বানপানী সমস্যাৰ স্থায়ী সমাধান, আৰু উজনি অসমৰ জলপ্ৰলয়ৰ কাৰণ উদ্ঘাটনৰ বাবে বিশেষজ্ঞ কমিটি গঠন, মূল্যবৃদ্ধি ৰোধ — এই দাবীবোৰক লৈ চি পি আই (এম) দলে দিছপুৰ অভিযানৰ আহ্বান জনাইছিল। কিন্তু পুলিচে উলুবাৰী ফ্লাইঅভাৰৰ সমীপৰ ভলভ’ পইণ্টত আনকি সমৱেত হ’ব দিবলৈ অস্বীকাৰ কৰে। কালিৰে পৰা সমদলৰ কাৰ্যসূচী বাতিল কৰিবলৈ বহুতো নেতা -কৰ্মীক একপ্ৰকাৰ ভাবুকি দিয়ে। আজি প্রস্তাবিত দিছপুৰ অভিযান বাতিল কৰাৰ কাৰণে সকলো ধৰণৰ পদক্ষেপ হাতত লয়। এনে প্রেক্ষাপটত চি পি আই (এম) দলে তাৎক্ষণিকভাৱে গুৱাহাটী ৰে’লষ্টেচনৰ পৰা সহস্ৰাধিক লোকৰ সমদল উলিয়ায়।
পুলিচৰ এটা বাহিনীয়ে তেওঁলোকক বহু ঠাইত বাধা দিবলৈ চেষ্টা কৰে যদিও, সেই বাধা ওফৰাই উলুবাৰী ফ্লাইঅভাৰলৈকে এই সমদলে চৰকাৰৰ বিৰুদ্ধে স্লোগান দি আৰু সমস্যা সমাধানৰ দাবী জনাই তেওঁলোকে দীপ্তভাৱে আগবাঢ়ে। উলুবাৰী ফ্লাইঅভাৰৰ ওচৰত তেওঁলোকক আটক কৰা হয়। আনহাতে খানাপাৰাতো সহস্ৰাধিক লোক সমৱেত হৈ সমদল উলিয়ায়। সমদলকাৰীক তাৰ পৰা পুলিচে আটক কৰি চচললৈ আনে। এই আন্দোলনত অসমৰ বিভিন্ন জিলাৰ পৰা পুৰুষ-মহিলাই ৰেইল আৰু বাছেৰে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলৰ নেতৃত্ব দিয়ে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰ, কেন্দ্রীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান, আৰু প্রাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে। তদুপৰি দলটোৰ জ্যেষ্ঠ নেতা দেবেন ভট্টাচাৰ্য,ৰাজ্যিক নেতা টিকেন দাস, তপন শৰ্মা, অজিত দাস,নয়ন ভূঞা, গজেন বৰ্মন, বাসুদেৱ কলিতা, নিৰঙ্কুশ নাথ, সঙ্গীতা দাস প্ৰমুখ্যে নেতাসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰে। আন্দোলনকাৰীসকলে এই দাবীসমূহ উত্থাপন কৰাৰ লগতে গণতান্ত্ৰিক অধিকাৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আক্ৰমণক তীব্র ধিক্কাৰ দিয়ে।
চচলস্থলীত অনুষ্ঠিত প্রতিবাদ সভাত ভাষণ দি দলৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পৰাই বিৰোধী দলৰ সমদলৰ ওপৰত সম্পূৰ্ণভাৱে নিষেধাজ্ঞা জাৰি কৰাৰ দৰে কৰিছে। অথচ বিজেপি দলে নিজে গুৱাহাটীৰ বিভিন্ন ঠাইত নিজ খুচি মতে তেওঁলোকে সমদল উলিয়াইছে পুলিচৰ সহযোগত। এই নীতি কেতিয়াও মানি লোৱা নহ’ব। প্রতিবাদকাৰীসকলৰ শান্তিপূর্ণভাৱে গণতান্ত্ৰিক উপায়েৰে যিকোনো ধৰণৰ আন্দোলন কৰাৰ অধিকাৰ চি পি আই (এম) দলে কেতিয়াও বিসৰ্জন নিদিয়ে। তেওঁ বান সাহায্য আদায়ত চূড়ান্তভাৱে ব্যৰ্থ বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰে। খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰাৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়। এই সভাত ভাষণ দি প্রাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে তিনি মাহ অতিক্ৰম কৰাৰ পিছতো বন্যাক্ৰান্তসকলক ন্যূনতম সাহায্য আগবঢ়োৱাতো হিমন্ত বিশ্ব চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আৰু যি অবৈধ খননৰ বাবে এই বানপানীয়ে উজনি অসমত জলপ্রলয়ৰ ৰূপ ধাৰণ কৰিলে, এতিয়ালৈকে তাৰ বাবে দোষীসকলক বিচাৰি উলিয়াই তদন্ত কৰি শাস্তি দিয়াৰ ব্যৱস্থা নহ’ল। এয়া ধিক্কাৰজনক।বান সমস্যাক জাতীয় সমস্যা হিচাপে বিবেচনা কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ তেওঁ দাবী জনায়।
প্ৰতিবাদ স্থলীৰ পৰা আৰক্ষী বিভাগৰ ডিচিপিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। কেন্দ্রীয় কমিটিৰ নেতা ইছফাকুৰ ৰহমানে বানপানীত মৃতসকলৰ পৰিয়ালক অন্তত ২৫ লাখ টকা, প্রত্যেকটো ক্ষতিগ্রস্ত পৰিয়ালক এককালীন ১ লাখ টকা, আৰু যিসকলৰ ঘৰ সম্পূৰ্ণ ভাঙি গৈছে তেওঁলোকক অন্তত ১০ লাখ টকা দিবলৈ দাবী জনায়। চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে এক বিবৃতি যোগে কয়,আজিৰ এই আন্দোলনে গুৱাহাটীত এটা কথা স্পষ্ট কৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিমানেই গণতন্ত্ৰৰ ওপৰত আক্রমণ নকৰক কিয়, নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে অসমৰ জনসাধাৰণে দৃঢ়ভাৱে যুঁজ কৰিব। আজিৰ আন্দোলনত অংশগ্ৰহণ কৰা কেইবা সহস্ৰাধিক আন্দোলনকাৰীক চি পি আই (এম)ৰ ৰাজ্যিক কমিটিয়ে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে। আজিৰ এই আন্দোলনে গুৱাহাটীত এটা কথা স্পষ্ট কৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিমানেই গণতন্ত্ৰৰ ওপৰত আক্রমণ নকৰক কিয়, নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে অসমৰ জনসাধাৰণে দৃঢ়ভাৱে যুঁজ কৰিব। আজিৰ আন্দোলনত অংশগ্ৰহণ কৰা কেইবা সহস্ৰাধিক আন্দোলনকাৰীক চি পি আই (এম)ৰ ৰাজ্যিক কমিটিয়ে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে।
