মণিপুৰৰ ধনামঞ্জুৰী বিশ্ববিদ্যালয়ৰ পিএইচডি গৱেষক ছাত্ৰসকলে জলপানি মুকলি কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছে৷ সোমবাৰে ষষ্ঠ দিনত উপনীত হোৱা আন্দোলনেকাৰীসকলে মণিপুৰ চৰকাৰে এতিয়াও নিৰ্বিকাৰ, নীৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে৷
জলপানি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত ৯ ছেপ্টেম্বৰৰ পৰা তিনিগৰাকী পি এইচ ডি গৱেষক আৰু এগৰাকী ছাত্ৰ নেতাই অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰে। ধনামঞ্জুৰী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সমৰ্থনত এই আন্দোলন আৰম্ভ কৰা হয়। অনশনৰত গৱেষকসকল হৈছে ৰসায়ন বিজ্ঞান বিভাগৰ নাওৰেম ভেনাছ, মণিপুৰী বিভাগৰ য়েংগাল লেইমা হুইড্ৰম আৰু অৰ্থনীতি বিভাগৰ ইৰম ডিমোচা। ইয়াৰ উপৰিও গণিতত এম এছ চি সম্পূৰ্ণ কৰা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অইনাম কেবায়ো অনশনত যোগদান কৰিছে।
আন্দোলন চলি থকাৰ সময়ছোৱাত সমৰ্থক আৰু শুভাকাংক্ষীসকলে অনশনস্থলীত উপস্থিত হৈ গৱেষক ছাত্ৰসকলৰ সমৰ্থন আগবঢ়াইছে৷ অৰ্থনীতি বিভাগৰ গৱেষক ইৰম ডিমোচাই জলপানি লাভ নকৰাৰ ফলত গৱেষকসকলৰ অধ্যয়ন আৰু গৱেষণা কাৰ্যত যথেষ্ট প্ৰভাৱ পৰিছে বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁৰ মতে, বকেয়া জলপানি মুকলি কৰি দিয়াৰ বাবে তেওঁলোকে মাৰ্চ মাহৰ পৰাই চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰি আহিছে। ডিমোচাই লগতে কয় যে তেওঁলোকক মৌখিকভাৱে আশ্বাস দিয়া হৈছিল যে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে জলপানি মুকলি কৰি দিয়া হ’ব। কিন্তু শেহতীয়াকৈ সমাপ্ত হোৱা মণিপুৰ বিধানসভাৰ অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰীয়ে জলপানি প্ৰদানৰ বাবে চৰকাৰে এতিয়াও পুঁজিৰ উৎস বিচাৰি থকা বুলি উল্লেখ কৰে।
এই বক্তব্যৰ পিছতেই পি এইচ ডি গৱেষকসকলে অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা বুলি ডিমোচাই জানিবলৈ দিয়ে। ডিমোচাই উন্নত ৰাজ্যসমূহে নিজৰ শিক্ষা ব্যৱস্থাক অধিক উন্নত কৰাৰ কথা চিন্তা কৰি থকাৰ সময়তে ধনামঞ্জুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিজৰ অধিকাৰ জলপানি লাভ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। গৱেষকসকলৰ জলপানি প্ৰদান কৰিবলৈ চৰকাৰ বাধ্যতামূলক বুলিও মন্তব্য প্ৰদান কৰে।