November 1, 2026
PR

দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাক সম্পূর্ণ বুঢ়া আঙুলি দেখুৱাই এক অভূতপূৰ্ব নাটকীয দৃশ্যৰ সৃষ্টি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ (INDIA) মৰ্চাই কথাআছিল কেৱল দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ, আমন্ত্ৰণ জনোৱা হৈছিল বিৰোধী মৰ্চাৰ সকলো সাংসদক। কিন্তু সেই আহাৰ গ্ৰহণৰ অচিলাৰ আঁৰতে গোপন প্লেন যুগুতাই ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত সমগ্ৰ বিৰোধী শিবিৰে একত্ৰিত হৈ জপিয়াই পৰিল বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত।

বুধবাৰে দুপৰীয়া কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এক ব্যক্তিগত ৰেষ্টুৰেণ্টত ‘ইণ্ডিয়া’ মৰ্চাৰ সাংসদসকলক দুপৰীয়াৰ আহাৰৰ বাবে আমন্ত্ৰণ জনায়। কিন্তু আহাৰ গ্ৰহণ কৰাৰ ঠিক পাছতেই, পূৰ্বে গোপনে নিৰ্ধাৰণ কৰি ৰখা কাৰ্যসূচী অনুসৰি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ লগতে মৰ্চাৰ সাংসদসকল এখন বিশেষ বাছত উঠি পোনে পোনে জন্তৰ-মন্তৰলৈ ৰাওনা হয়।

হঠাতে বিৰোধী নেতাসকল হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে ৰাজপথলৈ ওলাই অহাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীৰ গাৰ ঘাম মাটিত পেলাই মুহূৰ্তৰ ভিতৰতে ৰাজধানীৰ ৰাজপথ নিৰাপত্তা বেষ্টনীৰে ঘেৰি পেলোৱা হয় আৰু প্ৰতিবাদকাৰীক আঁতৰাবলৈ চেষ্টা চলোৱা হয়। বিৰোধীয়ে লোৱা এই হঠাত পদক্ষেপে সমগ্ৰ দিল্লীতেই চৰম ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে।

“জ্ঞানেশ কুমাৰ দেশৰ বৈধ মুখ্য নিৰ্বাচন আয়ুক্ত নহয়” — ৰাহুল গান্ধী

জন্তৰ-মন্তৰত উপস্থিত হৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰচণ্ড সোচ্চাৰ হৈ পৰিল লোকসভাৰ বিৰোধী দলৰি নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে স্পষ্ট ভাষাত কয় যে, জ্ঞাণেশ কুমাৰ দেশৰ বৈধ মুখ্য নিৰ্বাচন আয়ুক্ত নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু আৰ.এছ.এছ. প্ৰধান মোহন ভাগৱতে দেশৰ পৰা গণতন্ত্ৰ নাইকিয়া কৰাৰ এক ডাঙৰ ষড়যন্ত্ৰ ৰচিছে।

ইফালে, আকাশবাণী চৌহদত ধৰ্ণা প্ৰদৰ্শন আৰু প্ৰৱেশ কৰাক লৈ দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা এফ.আই.আৰ. (FIR) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয়, “এই এফ.আই.আৰ. মোৰ বাবে একোটা মেডেলৰ দৰে।” দেশ আৰু দেশৰ গণতন্ত্ৰক বচাবলৈকে তেওঁলোকে সকলো বাধা আওকান কৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে বুলি দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীয়ে নিজে গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে: মল্লিকাৰ্জুন খাৰ্গে

অন্যহাতে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে নিৰ্বাচন আয়োগৰ সমগ্ৰ কাৰ্যকলাপৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। খাৰ্গেয়ে কয় যে, প্ৰধানমন্ত্ৰীয়ে নিজেই দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰাৰ চেষ্টা চলাইছে আৰু ৰাইজৰ মৌলিক সাংবিধানিক অধিকাৰ কাঢ়ি লৈছে।

‘ইণ্ডিয়া’ মৰ্চাৰ সকলো সহযোগী দলে একত্ৰিত হৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰৰ পদত্যাগ আৰু গণতন্ত্ৰ ৰক্ষা নোহোৱালৈকে এই প্ৰতিবাদী আন্দোলন সমগ্ৰ দেশজুৰি চলাই যাব বুলি স্পষ্ট হুংকাৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *