গুজৰাটৰ ৰাজনীতিত পুনৰ বৃহৎ পৰিৱৰ্তনৰ ইংগিত দেখা গৈছে৷ এক দশকৰ পাছত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদ শংকৰসিং বাঘেলাই পুনৰ কংগ্ৰেছলৈ উভতি অহাৰ বাবে দলটোৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। ৮৬ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে বিজেপি চৰকাৰক ক্ষমতাৰ পৰা ওফৰাই পেলাবলৈ মই পুনৰ কংগ্ৰেছত যোগ দিবলৈ প্ৰস্তুত। তেওঁ জানিবলৈ দিয়ে যে এই বিষয়ে তেওঁ এ.আই.চি.চি.ৰ গুজৰাটৰ প্ৰভাৰী ৰণদ্বীপ সিং সুৰজেৱালা, গুজৰাট কংগ্ৰেছৰ সভাপতি অমিত চাভডা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভৰতসিং সোলাংকীৰ সৈতে ইতিমধ্যে কথা পাতিছে। অৱশ্যে, বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পাছতহে তেওঁৰ আনুষ্ঠানিক প্ৰত্যাৱৰ্তন ঘটিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
আগন্তুক গান্ধী নগৰ পৌৰসভা নিৰ্বাচন আৰু ২০২৭ চনৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঘেলাৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। ২০১৭ চনত কংগ্ৰেছ ত্যাগ কৰা বাঘেলাই জানিবলৈ দিয়ে যে তেওঁ দলৰ পৰা একো নিবিচাৰে, বৰঞ্চ বিজেপিৰ বিৰুদ্ধে যুঁজখনত নিজৰ অবদান আগবঢ়াব বিচাৰে। ২০২৭ চনৰ বিধানসভা নিৰ্বাচনকেই নিজৰ ৰাজনৈতিক জীৱনৰ শেষ সুযোগ বুলি গণ্য কৰা বাঘেলাই কয় যে তেওঁ ২ অক্টোবৰৰ পৰা ২০২০ চনত প্ৰতিষ্ঠা কৰা নিজৰ ‘প্ৰজা শক্তি ডেম’ক্ৰেটিক পাৰ্টীৰ জৰিয়তে এক আক্ৰমণাত্মক প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লৈছে।
গুজৰাট কংগ্ৰেছৰ সভাপতি অমিত চাভডাই প্ৰকাশ কৰা মতে, দলে ২০২৭ চনৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্ট বহু নেতাই কংগ্ৰেছৰ মঞ্চত একত্ৰিত হৈ কাম কৰিব। আনহাতে, দলৰ মুখপাত্ৰ মনীশ দোশীয়ে সমভাবাপন্ন সকলো লোককে কংগ্ৰেছলৈ আদৰণি জনোৱা হ’ব বুলি কয়। কিন্তু দলৰ এচাম নেতাই বাঘেলাক পুনৰ দলত লোৱাক লৈ শংকিত। কাৰণ ২০১৭ চনৰ গুৰুত্বপূৰ্ণ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বাঘেলাই ৭৭ সংখ্যক জন্মদিনত কংগ্ৰেছ ত্যাগ কৰিছিল৷ য’ত প্ৰয়াত আহমেদ পেটেল অত্যন্ত কম ব্যৱধানত বিজয়ী হৈছিল। তদুপৰি তেওঁৰ নেতৃত্বত কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ-ভোটিং কৰাৰো অভিযোগ উঠিছিল।
২০১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে ১৮২ খন আসনৰ ভিতৰত ৭৭ খন আসন লাভ কৰি মোদীৰ গৃহৰাজ্যত শক্তিশালী প্ৰদৰ্শন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত দলটোৰ স্থিতি তীব্ৰভাৱে অৱনমিত হয়। বৰ্তমান ১৮২ জনীয়া বিধানসভাত কংগ্ৰেছৰ মাত্ৰ ১২ গৰাকী বিধায়ক আছে, যি সংখ্যা বিৰোধী দলপতিৰ পদ পাবলৈও অপৰ্যাপ্ত। ইফালে, বাঘেলাই কংগ্ৰেছ এৰাৰ সময়ত ৰাজ্যিক সভাপতিৰ দায়িত্বত থকা ভৰতসিং সোলাংকীয়ে নিজেই বিগত ডেৰ বছৰে বাঘেলাক দললৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলাই থকা বুলি স্বীকাৰ কৰে। সোলাংকীৰ মতে চূড়ান্ত সিদ্ধান্ত হাইকমাণ্ডে ল’ব, কিন্তু আমাৰ মূল লক্ষ্য হৈছে উপলব্ধ সকলো শক্তি প্ৰয়োগ কৰি গুজৰাটত বিজেপিক পৰাজিত কৰা।