বিশেষ সংবাদঃ পশ্চিমবংগত দুটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ ফলত ৰাজ্যখনৰ ৰাজনৈতিক আবহাৱা গৰম হৈ পৰিছে৷ নন্দীগ্ৰাম বিধানসভা সমষ্টি আৰু ৰাজীনগৰ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনক লৈ ৰাজ্যখনৰ ৰাজনীতি পুনৰ উত্তপ্ত হৈ পৰিছে। মমতা বেনাৰ্জীৰ নেতৃত্বাধীন ফৈদৰ প্ৰাৰ্থী সঞ্চিতা প্ৰধান দে’য়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক সাক্ষাৎ কৰাৰ পাছতেই নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় আৰু নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। তাৰ লগে লগে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে তেওঁৰ সংগঠনে নন্দীগ্ৰাম বিধানসভা উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়োৱাৰ ঘোষণা কৰিছে। সংবাদ সংস্থাসমূহে প্ৰকাশ কৰা অনুসৰি, সঞ্চিতা প্ৰধান দে’য়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক সাক্ষাৎ কৰাৰ পাছতেই নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।
নিৰ্বাচন আয়োগৰ অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশনা আৰু নতুন নাম-প্ৰতীকঃ
ভাৰতীয় নিৰ্বাচন আয়োগে এক অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশনাৰ জৰিয়তে নন্দীগ্ৰাম আৰু ৰেজীনগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ‘অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ’ নাম আৰু দলীয় প্ৰতীক ব্যৱহাৰ কৰাত দুয়োটা ফৈদৰ ওপৰতেই নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ পাছতে নিৰ্বাচন আয়োগে দুয়োটা গোটকে নতুন নাম আৰু প্ৰতীক আৱণ্টন কৰে৷ মমতা বেনাৰ্জীৰ ফৈদৰ নতুন নাম ‘মমতা অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ’ আৰু দলীয় প্ৰতীক ‘ফুটবল খেলুৱৈ’ (Football Player)। অৰূপ ৰায়ৰ ফৈদৰ নতুন নাম ‘ডেম’ক্ৰেটিক তৃণমূল কংগ্ৰেছ’ আৰু দলীয় প্ৰতীক ‘খাম’ (Envelope)।
মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়াঃ
আজি সংবাদমেলত যোগে মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰি কয় যে আমি সাংবিধানিক পদক অপমান নকৰোঁ, কিন্তু আজি আমাৰ গণতান্ত্ৰিক ইতিহাসত এটা ক’লা দিন। দেশত যি ঘটিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক, অসাংবিধানিক আৰু অগণতান্ত্ৰিক। এটা ৰাজনৈতিক দলৰ অহংকাৰ পূৰণ কৰিবলৈ এইদৰে পক্ষপাতিত্বমূলক পদক্ষেপ লোৱা হৈছে। তেওঁ আৰু কয় যে দলৰ নাম আৰু চিন কাঢ়ি নিলেও মই ‘অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ জিন্দাবাদ, মা-মাটি-মানুহ জিন্দাবাদ, জয় বাংলা জিন্দাবাদ’ বুলি ক’বলৈ কোনো বাধা নাই। আমি নন্দীগ্ৰামত কংগ্ৰেছক সমৰ্থন দিয়াৰ সিদ্ধান্ত লৈছোঁ।
উপ-নিৰ্বাচনৰ পটভূমিঃ
উল্লেখ্য যে, নন্দীগ্ৰাম বিধানসভা আসনখনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে জয়লাভ কৰিছিল যদিও পাছত তেওঁ এই আসনখন ত্যাগ কৰে। আনহাতে, হুমায়ুন কবিৰে দুটা সমষ্টিত জয়ী হৈছিল৷ কবিৰে ৰজীনগৰ সমষ্টি এৰি দিয়ে৷ দুয়োটা সমষ্টিত অহা ৬ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ ১৬ ছেপ্টেম্বৰ আছিল আৰু ১৯ ছেপ্টেম্বৰলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সময়সীমা ধাৰ্য কৰা হৈছিল।