September 30, 2026
সোলগজহী

ইম্ফলঃ মণিপুৰৰ গোষ্ঠীগত সংৰ্ঘষৰ ফলত আশ্ৰয় শিবিৰসমূহত থিতাপি লৈ থকা লোকসকলৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্য চৰকাৰৰ অৱহেলা আৰু অনীহাৰ কথা শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত পোহৰলৈ আহিছে। সংঘাতৰ সময়ছোৱাত ৰাজ্যখনৰ আঠখন জিলাৰ আশ্ৰয় শিবিৰত মুঠ ৬৪০ জন ভুক্তভোগীৰ মৃত্যু হৈছিল যদিও ৰাজ্য চৰকাৰে ইয়াৰে মাত্ৰ ২০ জন লোকৰহে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে। বাকী বৃহৎ সংখ্যক লোকৰ মৰণোত্তৰ পৰীক্ষা নকৰাকৈ থোৱা ঘটনা আৰু চৰকাৰৰ এনে ৰহস্যজনক স্থিতিক লৈ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ তিনিজনীয়া বিচাৰপীঠে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি চৰকাৰক ভৰ্থ্সনা কৰে।

আশ্ৰয় শিবিৰসমূহত হোৱা এনে সকলো সন্দেহজনক মৃত্যুৰ গোচৰ ৰুজু কৰি এক নিরপেক্ষ তদন্ত নিশ্চিত কৰিবলৈ আদালতে মণিপুৰ আইন সেৱা প্ৰাধিকাৰীক নিৰ্দেশ দিছে। ইয়াৰ উপৰি, নিৰ্দিষ্ট ২৫টা ৰহস্যজনক মৃত্যুৰ সৱিশেষ নথি আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ মণিপুৰৰ মুখ্য সচিবক বাধ্য কৰোৱা হৈছে। শুনানিৰ সময়ত প্ৰাপ্ত তথ্য অনুসৰি, শিবিৰত মৃত্যুমুখত পৰা বহু লোকৰ পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ হিচাপে মাত্ৰ ২০ৰ পৰা ৩০ হাজাৰ টকাহে প্ৰদান কৰিছে, যাক ন্যায়ালয়ে অত্যন্ত উদ্বেগজনক বুলি অভিহিত কৰে।

অন্যহাতে, মণিপুৰ চৰকাৰৰ অতিৰিক্ত সহ-মহাধিবক্তাই আদালতক অৱগত কৰে যে আশ্ৰয় শিবিৰৰ মৃত্যু সম্পৰ্কত ৪২টা বিশেষ তদন্তকাৰী গোট (SIT) গঠন কৰা হৈছে আৰু মুঠ ৩,০২০টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে ৩০২টা গোচৰৰ অভিযোগনামা দাখিল কৰাৰ বিপৰীতে ১,৫৮৩টা গোচৰ বন্ধ কৰা হৈছে আৰু বৰ্তমান ১,১৩৫টা গোচৰৰ তদন্ত চলি আছে। গুৱাহাটীস্থিত বিশেষ আদালতে এই গোচৰসমূহৰ সপ্তাহত দুদিনকৈ শুনানি গ্ৰহণ কৰি আছে যদিও বিচাৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰাৰ উদ্দেশ্যে ন্যায়ালয়ে চৰকাৰক অতিৰিক্ত দুখন বিশেষ আদালত স্থাপনৰ সম্ভাৱনা বিবেচনা কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *