September 30, 2026
ৱগ

গুৱাহাটীঃ ‘ঈশ্বৰ পুত্ৰ’ স্বৰূপ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ১৯ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ অসমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ ইতিহাসৰ এই অন্যতম স্মৰণীয় দিনটোত সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ অনুৰাগীৰ উপস্থিতিয়ে স্থানডোখৰ জনসমুদ্ৰত পৰিণত হয়। কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থকা এই ঐতিহাসিক জুবিন ক্ষেত্ৰলৈ ৰাজ্য চৰকাৰৰ কোনো এজনো প্ৰতিনিধি, মুখ্যমন্ত্ৰী, মন্ত্ৰী বা শাসকীয় দলৰ বিধায়ক উপস্থিত নাথাকিল। লাখ লাখ গুণমুগ্ধ সংগবদ্ধ হোৱা স্থানত চৰকাৰী প্ৰতিনিধিৰ এনে অনুপস্থিতিক লৈ এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেৱল ৰাজ্যৰ মুখ্যমন্ত্ৰী বা মন্ত্ৰী-বিধায়কেই নহয়, অসমৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জুবিন গাৰ্গৰ একালৰ ঘনিষ্ঠ বন্ধু কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাও জুবিন ক্ষেত্ৰলৈ নগ’ল। ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি শীৰ্ষ নেতৃত্বৰ এই অনুপস্থিতিক লৈ এতিয়া সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। চৰকাৰ আৰু শাসকীয় দলৰ এই ভূমিকাক ‘ৰহস্যজনক’ বুলি অভিহিত কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুকলি প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন দিৱসৰ দৰে এক গুৰুত্বপূৰ্ণ দিনত জুবিন ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী বা কেন্দ্ৰীয় মন্ত্ৰীসকল কিয় নগ’ল। ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও প্ৰশ্ন তুলি কয় যে এনে এক স্বতঃস্ফূৰ্ত দিৱসত জুবিন ক্ষেত্ৰত এজনো মন্ত্ৰী উপস্থিত নথকাৰ আঁৰৰ কাৰণ কি হ’ব পাৰে।

ইফালে জুবিন ক্ষেত্ৰলৈ নোযোৱাক লৈ ৰাজনৈতিক বিতৰ্কই উত্তপ্ত ৰূপ ল’লেও ১৯ ছেপ্টেম্বৰৰ পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় পৰ্যায়ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশ লয়। বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলে আয়োজন কৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰাৰ লগতে ৰক্তদান কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জুবিনে শিকাই যোৱা মানুহৰ কাষত থিয় দিয়াৰ আদৰ্শক আগুৱাই নিয়াৰ বাবেই তেওঁলোকৰ এই বিনম্ৰ প্ৰয়াস। দলীয় কাৰ্যালয়ৰ অনুষ্ঠান সমাপ্ত কৰাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকী পশ্চিমবংগলৈ ৰাওনা হয় আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰত সেৱা আগবঢ়াই সমগ্ৰ দিনটো পশ্চিমবংগতে অতিবাহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *