নতুন দিল্লী, ১১ অক্টোবৰঃ দিল্লীত শনিবাৰে প্ৰতিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা লকডাউনসদৃশ পৰিৱেশ, ৰাজহুৱা পৰিবহণ ব্যৱস্থাত বাধা আৰু শিক্ষাৰ্থী, অধিবক্তা, সাংবাদিক তথা প্ৰতিবাদকাৰীক আটক কৰাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত দেওবাৰে বিষয়টোত হস্তক্ষেপ কৰে উচ্চতম ন্যায়ালয়ে। শান্তিপূৰ্ণ আৰু নিৰস্ত্ৰভাৱে সমবেত হোৱা লোকক আইনসন্মত প্ৰক্ৰিয়া অবিহনে আটক কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে। লগতে জনসাধাৰণৰ মুক্ত চলাচল নিশ্চিত কৰা, মেট্ৰ’ আৰু ৰে’ল সেৱা স্বাভাৱিক ৰখা, অযথা বেৰিকেড আঁতৰোৱা আৰু ইণ্টাৰনেট সেৱা অব্যাহত ৰখাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে ন্যায়ালয়ে। দিল্লীত প্ৰতিবাদক কেন্দ্ৰ কৰি প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰ বিৰুদ্ধে অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে দাখিল কৰা আবেদনখনৰ শুনানি দেওবাৰে গ্ৰহণ কৰে ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিশেষ বিচাৰপীঠে।
শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক কৰাত আইনী বাধাঃ
শুনানিৰ সময়ত বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে কোনো ব্যক্তিক আটক কৰাৰ ক্ষেত্ৰত আইনত নিৰ্ধাৰিত প্ৰক্ৰিয়া কঠোৰভাৱে অনুসৰণ কৰিব লাগিব। যিসমূহ অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই, তেনে অঞ্চলত শান্তিপূৰ্ণ আৰু নিৰস্ত্ৰভাৱে সমবেত হোৱা লোকক কেৱল প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবেই আটক কৰি দমন কৰিব নোৱাৰিব। ন্যায়ালয়ে লগতে কয় যে সংবিধানৰ অনুচ্ছেদ ১৯(২)ৰ অধীনত জনশৃংখলা ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনীয় নিষেধাজ্ঞা আৰোপ কৰাৰ ব্যৱস্থা থাকিলেও তেনে ব্যৱস্থা আইনসন্মত আৰু পৰিস্থিতিৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগিব। জনশৃংখলা বিঘ্নিত হোৱাৰ আশংকা থাকিলে প্ৰশাসনে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে, কিন্তু তাৰ নামত সকলো নাগৰিকৰ অধিকাৰ আৰু স্বাভাৱিক জীৱনযাত্ৰাত বাধা সৃষ্টি কৰিব নোৱাৰিব।
মেট্ৰ’ আৰু ৰে’ল সেৱা স্বাভাৱিক ৰখাৰ নিৰ্দেশঃ
দিল্লীত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মেট্ৰ’ ষ্টেচন বন্ধ ৰখা আৰু ৰে’ল সেৱাত বাধা দিয়াৰ বিষয়টোও শুনানিৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ বিবেচিত হয়। বিচাৰপীঠে নিৰ্দেশ দিয়ে যে জনশৃংখলা বিঘ্নিত হোৱাৰ বাস্তৱিক আশংকাৰ বাবে বিশেষ নিষেধাজ্ঞাৰ প্ৰয়োজন নহ’লে মেট্ৰ’ আৰু ৰে’ল সেৱা স্বাভাৱিকভাৱে চলাচল কৰিব লাগে। ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সম্পূৰ্ণ বন্ধৰ পৰিৱৰ্তে পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি নিয়ন্ত্ৰিতভাৱে সেৱা চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি বুলি ন্যায়ালয়ে স্পষ্ট কৰে। ইয়াৰ উদ্দেশ্য হৈছে নিৰাপত্তা নিশ্চিত কৰাৰ লগতে সাধাৰণ যাত্ৰীসকলৰ অসুবিধা ন্যূনতম কৰা। আদালতত চৰকাৰৰ পক্ষৰ পৰা উপস্থিত মহাধিবক্তা জেনেৰেল তুষাৰ মেহতাই জনায় যে শনিবাৰে নিশা ১০ বজাৰ পৰা দিল্লীৰ সকলো মেট্ৰ’ ষ্টেচন পুনৰ খোলা হৈছে। লগতে ৰে’ল সেৱা সক্ৰিয় হৈ থকা আৰু ইণ্টাৰনেট সংযোগ ব্যৱস্থা বাহাল ৰখা বুলিও তেওঁ আদালতক অৱগত কৰে।
বেৰিকেডৰ ব্যৱস্থা পুনৰীক্ষণ, মুক্ত চলাচলত গুৰুত্বঃ
দিল্লীৰ বিভিন্ন স্থানত স্থাপন কৰা বেৰিকেডৰ ফলত জনসাধাৰণৰ চলাচলত সৃষ্টি হোৱা অসুবিধাৰ বিষয়টোতো উচ্চতম ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰে। ট্ৰেফিক নিয়ম মানি চহৰখনৰ ভিতৰত নাগৰিকসকলক মুক্তভাৱে চলাচলৰ সুবিধা দিবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠে। ন্যায়ালয়ে স্পষ্ট কৰে যে সকলো স্থানতে বেৰিকেড স্থাপন কৰাটো প্ৰয়োজনীয় নহয়। আইন-শৃংখলা আৰু যান-বাহনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বেৰিকেডৰ প্ৰয়োজনীয়তা তাৎক্ষণিকভাৱে পুনৰীক্ষণ কৰিব লাগিব। যিসমূহ স্থানত বেৰিকেডৰ প্ৰয়োজন নাই, সেইসমূহ স্থানত জনসাধাৰণৰ চলাচলৰ ক্ষেত্ৰত বাধা আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ইণ্টাৰনেট সেৱা ব্যাহত নকৰিবলৈ নিৰ্দেশঃ
প্ৰতিবাদৰ সময়ত ইণ্টাৰনেট সেৱাৰ ওপৰত বাধা আৰোপ কৰাৰ বিষয়টোতো বিচাৰপীঠে নিৰ্দেশনা জাৰি কৰে। ন্যায়ালয়ে কয় যে ইণ্টাৰনেট সেৱা যাতে ব্যাহত নহয়, তাৰ প্ৰতি কৰ্তৃপক্ষই লক্ষ্য ৰাখিব লাগিব। অৱশ্যে আইন-শৃংখলা পৰিস্থিতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হ’লে সেয়া প্ৰযোজ্য আইন আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখি কৰিব লাগিব।
উচ্চতম ন্যায়ালয়ৰ চৌহদৰ নিষেধাজ্ঞা সম্পৰ্কীয় ব’ৰ্ড আঁতৰোৱাৰ নিৰ্দেশঃ
ইফালে, উচ্চতম ন্যায়ালয়ৰ আশে-পাশে নিৰাপত্তাৰ স্বাৰ্থত স্থাপন কৰা বেৰিকেড আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা আৰোপ সম্পৰ্কীয় জাননী ফলক সন্দৰ্ভতো বিচাৰপীঠে নিৰ্দেশ দিয়ে। ন্যায়ালয়ৰ চৌহদৰ সমীপত উক্ত ধাৰা আৰোপ কৰা সম্পৰ্কীয় ফলকখন ইতিমধ্যে আঁতৰোৱা হোৱা নাই যদি, তেন্তে সেয়া আঁতৰাবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠে। ন্যায়ালয়লৈ অহা-যোৱা আৰু ন্যায় লাভৰ বাবে আদালতত প্ৰৱেশৰ অধিকাৰ যাতে কোনো কাৰণতে বাধাগ্ৰস্ত নহয়, সেই বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰে বিচাৰপীঠে। উল্লেখ্য যে, দিল্লীত প্ৰতিবাদক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা, ৰাজহুৱা পৰিবহণত বাধা আৰু প্ৰতিবাদকাৰীক আটক কৰাৰ অভিযোগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশসমূহ তাৎপৰ্যপূৰ্ণ বহন কৰিছে।
