গুৱাহাটীঃ চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে মহিলা অধিবক্তাক শ্লীলতাহানিৰ অপচেষ্টাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মহানগৰীৰ সমীপৱৰ্তী আজাৰাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত হৈছে চাঞ্চল্যকৰ তথা ভয়ংকৰ কাণ্ড। চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে এগৰাকী মহিলা অধিবক্তাক শ্লীলতাহানি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ত যে মহিলা সুৰক্ষিত নহয় সেই কথা আকৌ এবাৰ প্ৰতিপন্ন হৈছে। ভুক্তভোগী অধিবক্তা তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভানেত্ৰী অনিন্দিতা দাসে ঘটনা সন্দৰ্ভত চক্ৰ বিষয়া বিপ্লব শৰ্মা বৰদলৈ, কৰ্মচাৰী বিপুল ডেকা আৰু বাস্তৱ ৰমেন বৰ্মন নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে আজাৰা থানাত এজাহাৰ দাখিল কৰিছে।
ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ ভূমি সংক্ৰান্তীয় গোচৰৰ শুনানিৰ বাবে আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈছিল অধিবক্তা অনিন্দিতা দাস। কিন্তু শুনানিৰ সময়ত কৰ্মচাৰী বিপুল ডেকাই তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পাছতে চক্ৰ বিষয়া বিপ্লব শৰ্মা বৰদলৈৰ কোঠাত মহিলা অধিবক্তাগৰাকীক আবদ্ধ কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰা হয়। আনহাতে, বাস্তৱ ৰমেন বৰ্মন নামৰ ব্যক্তিজনে অধিবক্তাগৰাকীৰ মোবাইল ফোন কাঢ়ি লৈ শাৰীৰিক নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে।
চৰকাৰী কাৰ্যালয়ত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ২৪ ঘণ্টাৰ ভিতৰত তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে। আনহাতে, বিধায়ক অখিল গগৈয়ে ঘটনাক এক অপৰাধমূলক কাণ্ড বুলি অভিহিত কৰি অনতিপলমে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে চক্ৰ বিষয়াসহ জড়িত বিষয়াসকলক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে এগৰাকী মহিলা অধিবক্তা নিৰাপদ নোহোৱা ঘটনাই পুনৰবাৰ নাৰী সুৰক্ষাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে।
