September 30, 2026
su

গৌহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰু প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিষয়টোক লৈ কামৰীপ মহানগৰ আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘটনাক লৈ প্ৰথমবাৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তদন্তকাৰী বিষয়াসকলে মৃত ছাত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া প’ষ্ট, ফোন কলৰ সবিশেষ তথ্য আৰু হস্তগত হোৱা অন্যান্য প্ৰমাণসমূহ সূক্ষ্মভাৱে পৰীক্ষা-নিৰীক্ষা কৰিব। ঘটনাটো সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নিমিষা তেওঁৰ নিজা বিধানসভা সমষ্টিৰে জীয়ৰী আছিল। সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ স্বাৰ্থত নিমিষাৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ, ফোনৰ ইনকামিং-আউটগ’য়িং কলৰ তথ্য, অভিযুক্ত আশিক আলীৰ গৃহলৈ নিমিষাৰ যাতায়াত আৰু ঘটনাৰ পিছত পিতৃ-মাতৃয়ে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া তথা ব্যক্ত কৰা বক্তব্যসমূহে তদন্তত বিশেষ স্থান পাব।

মুখ্যমন্ত্রীয়ে আশ্বাস প্ৰদান কৰি কয় যে সকলোবোৰ পৰিস্থিতি আৰু তথ্য বিবেচনা কৰিয়েই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া হ’ব। মই নিজে এই গোচৰটো নিয়মিতভাৱে নিৰীক্ষণ কৰি থাকিম যাতে তদন্ত সঠিক আৰু নিৰপেক্ষভাৱে সম্পন্ন হয়। অনাকাংক্ষিতভাৱে উত্থাপিত এই ঘটনাটো ‘লাভ জিহাদ’ৰ সৈতে জড়িত নেকি বুলি সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ মানুহে এনেধৰণৰ ঘটনাৰ পৰা শিক্ষা লৈ অধিক সচেতন আৰু সতৰ্ক হোৱা উচিত। তেওঁ উল্লেখ কৰে যে নিমিষা এগৰাকী প্ৰাপ্তবয়স্ক যুৱতী আছিল, গতিকে প্ৰতিগৰাকী ব্যক্তি নিজৰ পছন্দ, সিদ্ধান্ত আৰু আচৰণৰ প্ৰতি নিজে সচেতন হোৱা দৰকাৰ।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াক যোৱা ২৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ধাৰাপুৰ-গৰল এলেকাৰ এখন হোমষ্টে’ত অৱচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁক গৌহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। হোমষ্টে’খনত নিমিষাৰ সৈতে থকা অভিযুক্ত আশ্বিক আলীক ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। ফৰেণচিক আৰু মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত ৰিপ’ৰ্টলৈ অপেক্ষা কৰাৰ লগতে আৰক্ষীয়ে নিমিষাৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি উন্মোচন কৰিবলৈ অধিক তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে আৰক্ষীয়ে সম্প্ৰতি ছ’চিয়েল মিডিয়াত চলি থকা বিভিন্ন অভিযোগ অথবা মৃত্যুৰ প্ৰকৃত কাৰণ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *