September 30, 2026
476494120_1015672130597357_8288368086390080259_n

তেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত আজি এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰগৰাকীক জ্যোতিষ্মান বৰুৱা বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিশ্ববিদ্যালয়ৰ Integrated M.Sc. Chemistry পাঠ্যক্ৰমৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল। জানিব পৰা মতে, লাচিত ছাত্ৰাবাসৰ নিজৰ কোঠাৰ ভিতৰতে তেওঁৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

অৱশ্যে ছাত্ৰগৰাকীৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ এনে চৰম সিদ্ধান্ত কিয় গ্ৰহণ কৰিলে, সেই সন্দৰ্ভত তাৎক্ষণিকভাৱে কোনো নিৰ্ভৰযোগ্য তথ্য পোহৰলৈ অহা নাই। সহপাঠীসকলেও তেওঁৰ এনে সিদ্ধান্তৰ আঁৰত কোনো নিৰ্দিষ্ট কাৰণৰ বিষয়ে অৱগত নাছিল বুলি জানিব পৰা গৈছে। জ্যোতিষ্মান বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। সামাজিক মাধ্যমতো বহু শিক্ষাৰ্থীয়ে তেওঁক এগৰাকী শান্ত, ভদ্ৰ আৰু সদালাপী ব্যক্তি হিচাপে স্মৰণ কৰি শোক প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *