September 30, 2026
badaruddin

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰাৰ মাজতে এআইইউডিএফ প্ৰধান তথা দলীয় প্ৰাৰ্থী বদৰুদ্দিন আজমলে আজি নিজৰ বিজয়ক লৈ দৃঢ় বিশ্বাস প্ৰকাশ কৰে। মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সংখ্যালঘু প্ৰধান অঞ্চলত দলীয় প্ৰচাৰ চলোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত আজমলে কয় যে ‘ইনশ্বাআল্লাহ’ তেওঁ এই নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়ী হ’ব। ধাৰাবাহিক প্ৰচাৰৰ পাছত তেওঁ মন্তব্য কৰে যে সংসদত গান গোৱা মানুহতকৈ শক্তিশালী বক্তৃতা দিব পৰা নেতাৰহে প্ৰয়োজন। ইয়াৰ লগতে তেওঁ প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী দেবাশীষ শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই সোধে যে তেওঁ ইংৰাজী ভাষাত ভাষণ দিব পাৰিবনে নাই, সেয়া প্ৰমাণ কৰি দেখুৱাওক।

আনহাতে, বিৰোধী কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে আজমলে। কোনো বিশেষ উৎসৰ উল্লেখ নকৰাকৈয়ে তেওঁ দাবী কৰে যে নিৰ্বাচনী যুঁজখনত কংগ্ৰেছ প্ৰাৰ্থী শিৱমণি বৰা ইতিমধ্যে পঞ্চম বা ষষ্ঠ স্থানলৈ পিছহুঁহকি গৈছে। সংখ্যালঘু এলেকা সমূহত কংগ্ৰেছে ৰাইজৰ বাধাৰ মুখত পৰিব লগা হোৱা বুলি প্ৰকাশ পোৱা বাতৰিৰ সন্দৰ্ভত মন্তব্য কৰি আজমলে কয় যে এই ঘটনাই প্ৰমাণ কৰে যে উক্ত অঞ্চলসমূহৰ ৰাইজৰ সমৰ্থন কংগ্ৰেছৰ প্ৰতি আৰু নাই আৰু মানুহে তেওঁলোকক ভোট নিদিয়ে। সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ লোকে বিজেপিত যোগদান কৰাক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত আজমলে অভিযোগ কৰে যে ধনৰ প্ৰলোভন আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰিহে কিছুমান লোকক বিজেপিলৈ নিয়া হৈছে। তেওঁ দাবী কৰে যে বিজেপিত যোগ দিয়া ৮০ শতাংশ মুছলমান লোকেই পুনৰ ঘূৰি আহিব। এই উপ-নিৰ্বাচনত এআইইউডিএফে প্ৰথম স্থান দখল কৰি বিজয়ী হ’ব বুলিও আজমলে দাবী উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *