জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ পবিত্ৰ দিনটোতেই গণতন্ত্ৰৰ বুকুত নামি আহিল নিৰ্লজ্জ দমন-পীড়ন! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত নতুন দিল্লীৰ যন্তৰ-মন্তৰত ওলাই অহা ছাত্ৰ, নাগৰিক আৰু বিৰোধী দলৰ ওপৰত চলিল আৰক্ষীৰ চৰম চক্ৰান্ত। সমগ্ৰ মধ্য দিল্লীক একপ্ৰকাৰ সামৰিক চাউনিলৈ পৰিণত কৰি প্ৰশাসনে আৰোপ কৰিলে বিএনএছএছৰ ১৬৩ ধাৰাৰ কঠোৰ নিষেধাজ্ঞা। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মুখ খুলিলেই গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱাৰ অপচেষ্টা চলাই প্ৰতিবাদস্থলীত বন্ধ কৰি দিয়া হ’ল ম’বাইল ইণ্টাৰনেট সেৱা! প্ৰতিবাদকাৰীক বাধা দিবলৈ দিল্লী মেট্ৰ’ৰ ১১টাকৈ গুৰুত্বপূৰ্ণ ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান গেট বন্ধ কৰি দিয়াৰ লগতে কনাট প্লেচ, পেটেল চ’ক, টলষ্টয় মাৰ্গৰ পৰা পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটলৈকে চৌদিশে কাঁইটীয়া বেৰিকেড তুলি অবৰুদ্ধ কৰি পেলোৱা হ’ল ৰাজধানীৰ স্বাভাৱিক জীৱন!
ৰাজপথত আৰক্ষীৰ ব্যুহ্য ভাঙি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰী আৰু ৰাজনৈতিক নেতাসকলৰ মাজত সৃষ্টি হ’ল তীব্ৰ সংঘৰ্ষৰ। এছ আই আৰ অৰ্থাৎ ভোটাৰ তালিকাৰ তথাকথিত ব্যাপক সংশোধনৰ আঁৰ লৈ কোটি কোটি প্ৰকৃত ভোটাৰৰ ভোটাধিকাৰ কাঢ়ি লোৱাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ তুলিছে বিৰোধী আৰু নিখিল ভাৰত ছাত্ৰ সন্থাই। এই প্ৰতিবাদক মোক্ষম আঘাত হানিবলৈ আপ নেত্ৰী আতিশী মাৰ্লেনা, দিল্লীৰ আপ সভাপতি সৌৰভ ভৰদ্বাজ, সাংসদ সঞ্জয় সিং, আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝা, জ্যেষ্ঠ সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ, চিপিআই-এমএল নেতা এন ববী আৰু আইছাৰ নেত্ৰী নেহা বোৰাসহ তিনি শতাধিক প্ৰতিবাদকাৰীক বলপ্ৰয়োগ কৰি আটক কৰে দিল্লী আৰক্ষীয়ে। প্ৰশ্ন হয়— নিৰ্বাচন আয়োগ যদি সাংবিধানিকভাৱে স্বতন্ত্ৰ আৰু নিকা, তেন্তে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কিয় ইমান কঁপি উঠিছে প্ৰশাসন?
দিল্লীৰ উত্তাপৰ সমান্তৰালকৈ বাণিজ্য নগৰী মুম্বাইতো দেখা গ’ল নিৰ্বাচন আয়োগৰ ভেটিহীন ভূমিকাৰ বিৰুদ্ধে তীব্ৰ গণ-আক্ৰোশ। মুম্বাইৰ ঐতিহাসিক শিৱাজী পাৰ্কত আৰক্ষীৰ অনুমতি অবিহনেই আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’লে দেশৰ প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহ, শ্বাবানা আজমী আৰু সংগীত শিল্পী বিশাল দাদলানীৰ দৰে তাৰকাসকলে। গণতন্ত্ৰৰ আত্মা নিৰ্বাচন ব্যৱস্থাটোক পংগু কৰাৰ বিৰুদ্ধে সৰৱ হৈ চিজেপিৰ নেতৃত্বত আৰম্ভ হ’ল ‘জেল ভৰো আন্দোলন’। কেৱল ৰাজনৈতিক নেতাই নহয়, দেশৰ সচেতন নাগৰিক আৰু সংস্কৃতিবান মহলো যে এতিয়া নিৰ্বাচন আয়োগৰ সন্দেহজনক ভূমিকাক লৈ নীৰৱে নাথাকে, তাৰেই স্পষ্ট বাৰ্তা দিলে মুম্বাইৰ এই প্ৰতিবাদে।
গান্ধী জয়ন্তীৰ এই ঘটনাই দেশৰ ৰাজনৈতিক সমীকৰণক এক নতুন দিশে লৈ গৈছে। ভোটাৰ তালিকাৰ সংশোধনীৰ নামত ভোটাধিকাৰ হৰণৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ তুলি মোদী চৰকাৰক শলঠেকত পেলাবলৈ সাজু হৈছে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট। ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ দেশজুৰি ‘Save Democracy’ বা ‘গণতন্ত্ৰ ৰক্ষা’ কাৰ্যসূচী ঘোষণা কৰি অহা ৬ অক্টোবৰত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ বিৰোধী সাংসদসকলে মাৰ্চ কৰাৰ চূড়ান্ত হুংকাৰ দিছে। আনহাতে অক্টোবৰৰ শেষৰ ফালে ৰাজধানীত পুনৰ বৃহৎ আন্দোলনৰ সকীয়নি দিছে আন্দোলনকাৰীসকলে। প্ৰশ্ন উত্থাপন হৈছে— মুখ্য নিৰ্বাচন আয়ুক্তৰ চকী সুৰক্ষিত কৰিবলৈ চৰকাৰে এনেদৰে ভোটাৰৰ মৌলিক অধিকাৰ বন্ধকত থ’বনে? ইণ্টাৰনেট কৰ্তন আৰু বিৰোধী নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীক দমন কৰিব পাৰিবনে দিছপুৰৰ পৰা দিল্লীলৈকে থকা শাসকীয় শক্তিয়ে? এয়া এতিয়া সমগ্ৰ দেশবাসীৰ সন্মুখত লাখ টকীয়া প্ৰশ্ন!
