বিশেষ প্ৰতিবেদন, ইম্ফল/নতুন দিল্লীঃ মণিপুৰত অব্যাহত থকা সংঘাত আৰু শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি, ৰাজ্যখনৰ ১৩খন আৰক্ষী থানাৰ অধীনস্থ এলেকাক বাদ দি সমগ্ৰ মণিপুৰক আগন্তুক ছমাহৰ বাবে ‘অশান্ত এলেকা’ (Disturbed Area) হিচাপে ঘোষণা কৰা হৈছে। সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰ আইন অৰ্থাৎ AFSPAৰ অধীনত লোৱা এই সিদ্ধান্ত অহা অক্টোবৰ মাহৰ পৰা কাৰ্যকৰী হ’ব।
ভাৰত-ম্যানমাৰ সীমান্তত সশস্ত্ৰ আক্ৰমণ: পিতৃ-পুত্ৰসহ ৪ টাংখুল নগা নিহতঃ
নিৰাপত্তা বেহুৰ মাজতেই মণিপুৰৰ কামজং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ‘পিলং’ নামৰ এক দুৰ্গম অঞ্চলত এক ভয়ংকৰ সশস্ত্ৰ আক্ৰমণ সংঘটিত হয়। দুৰ্বৃত্তৰ অতৰ্কিত গুলীবৰ্ষণত পিতৃ-পুত্ৰকে ধৰি চাৰিগৰাকী টাংখুল নগা সম্প্ৰদায়ৰ লোক নিহত হয়। ‘নগা পিপলছ অৰ্গেনাইজেশ্বন’ৰ মুখপাত্ৰ এনজি চুনথানে জনোৱা মতে, সীমান্ত স্তম্ভ ৯১-৯৩ৰ সমীপত পুৱতি নিশা প্ৰায় ১.৩০ বজাত দুৰ্বৃত্তই এই আক্ৰমণ চলায়। দুৰ্গম এলেকা হোৱাৰ বাবে নিৰাপত্তাৰক্ষী উপস্থিত হোৱাত পলম হয় আৰু সেই সুযোগতে দুৰ্বৃত্তই অঞ্চলটোৰ প্ৰায় ৪০টা বাসগৃহত অগ্নিসংযোগ কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা চাৰিটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয়।আনহাতে, ‘খাম লুনফা ফ্ৰেটাৰ্ণেল অৰ্গেনাইজেশ্বন’ (KLFO)-এ এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দি ইয়াৰ বাবে সশস্ত্ৰ গোট KNA(B)-ক দোষী সাব্যস্ত কৰিছে। সংগঠনটোৱে আক্ৰমণৰ পৰা অলৌকিকভাৱে ৰক্ষা পৰা আখন কাপিং নামৰ একমাত্ৰ জীৱিত ব্যক্তিগৰাকীৰ নিৰাপত্তা দাবী কৰাৰ লগতে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে।
চৰকাৰ আৰু নিৰাপত্তা বাহিনীৰ ভূমিকাৰ ওপৰত বিৰোধীৰ প্ৰশ্নঃ
সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলসমূহত সংঘটিত হত্যা আৰু অগ্নিসংযোগৰ ঘটনাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে মণিপুৰ কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা কে মেঘচন্দ্ৰ সিঙে। সিঙে অভিযোগ কৰে যে, নিৰাপত্তাৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে গিজগিজাই থকা অঞ্চলটোত শেহতীয়াকৈ কমপক্ষে ৪১টা নগা লোকৰ বাসগৃহ, গীৰ্জা আৰু উপাসনাস্থলী জ্বলাই দিয়া হৈছে। অতি সুৰক্ষিত অঞ্চলত কেনেকৈ এনে ঘটনা ঘটিবলৈ পালে, তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। লগতে, শেহতীয়াকৈ মিজোৰামৰ আইজলত অসম ৰাইফলছ আৰু এনআইএৰ যুটীয়া অভিযানত ‘ইউনাইটেড কুকি নেচনেল আৰ্মী’ (UKNA)-ৰ কমাণ্ডাৰ-ইন-চীফ থাংখোমাং হাওকিপ আৰু অন্য ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰা বিষয়টো উল্লেখ কৰি সিঙে কয়— “SoO (Suspension of Operations) চুক্তিৰ অধীনত থকা আৰু ইয়াৰ বাহিৰত থকা ভূগৰ্ভস্থ সংগঠনসমূহক একে দৃষ্টিৰে চাব নালাগে। মণিপুৰৰ সমস্যাক লৈ চৰকাৰৰ ওচৰত আজিও কোনো স্পষ্ট ৰোডমেপ নাই।”
মণিপুৰ সংকট:
-
মে’ ২০২৩: ৩ মে’ৰ পৰা ৰাজ্যখনত মেতেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত ভয়াৱহ জাতিগত হিংসা অব্যাহত আছে। গৃহ মন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য ভ্ৰমণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ অধ্যক্ষতাত ন্যায়িক তদন্ত আয়োগ গঠন।
-
ফেব্ৰুৱাৰী ২০২৫: দীৰ্ঘদিনীয়া হিংসাৰ পাছত তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ আৰু ৰাজ্যখনত জাৰি কৰা হয় ৰাষ্ট্ৰপতি শাসন।
-
নতুন চৰকাৰ: পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি শাসন উঠাই লৈ য়ুমনাম খেমচান্দ সিঙৰ নেতৃত্বত গঠন কৰা হয় নতুন চৰকাৰ।
নতুন চৰকাৰ গঠনৰ পাছতো ৰাজ্যখনৰ দুৰ্গম আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত সশস্ত্ৰ আক্ৰমণ আৰু অগ্নিসংযোগৰ ঘটনা অব্যাহত থকাত সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ পুনৰ গভীৰ উদ্বেগৰ সৃষ্টি হৈছে।