হিমালয় অঞ্চলৰ এক অতি স্পৰ্শকাতৰ তথা বিতৰ্কিত সীমান্তক কেন্দ্ৰ কৰি চীন আৰু পাকিস্তানৰ যৌথ পদক্ষেপক লৈ ভাৰতবৰ্ষই তীব্ৰ আপত্তি দৰ্শাইছে। শেহতীয়াকৈ চীন আৰু পাকিস্তানে ‘পাকিস্তান-চীন যুটীয়া সীমান্ত আয়োগ’ আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে। যাক পাকিস্তানে সীমা ব্যৱস্থাপনা, ব্যৱসায় আৰু যোগাযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। কিন্তু ভাৰত চৰকাৰে এই পদক্ষেপক সম্পূৰ্ণৰূপে নাকচ কৰি ইয়াক আইনী ভিত্তিহীন আৰু অবৈধ বুলি ঘোষণা কৰিছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে স্পষ্ট কৰি দিয়ে যে পাকিস্তান আৰু চীনৰ মাজত কোনো প্ৰত্যক্ষ সীমান্ত নাই। ভাৰতীয় ভূখণ্ডৰ ওপৰত পাকিস্তানৰ অবৈধ আৰু বলপূৰ্বক দখলক বৈধ্যতা প্ৰদান কৰিবলৈ চলোৱা এনে কোনো চেষ্টাক ভাৰতে কেতিয়াও গ্ৰহণ নকৰে আৰু ইয়াৰ দ্বাৰা ভাৰতৰ সাৰ্বভৌমত্বত কোনো প্ৰভাৱ নপৰে।
এই বিতৰ্কৰ মূল শিপা সোমাই আছে ১৯৬৩ চনৰ ঐতিহাসিক ঘটনাক্ৰমত। ১৯৬৩ চনত ভূ-ৰাজনৈতিক চুক্তিৰ অধীনত পাকিস্তানে আনুমানিক ৫,১৮০ বৰ্গ কিলোমিটাৰ পৰিসৰৰ শক্সগাম উপত্যকা অঞ্চলটো অবৈধভাৱে চীনক হস্তান্তৰ কৰিছিল। অৱশ্যে ভাৰতে এই অঞ্চলটোক জম্মু-কাশ্মীৰ প্ৰিন্সলি ষ্টেটৰ অবিচ্ছেদ্য অংশ তথা বৰ্তমান লাদাখৰ অন্তৰ্গত ভাৰতীয় ভূখণ্ড বুলি গণ্য কৰি আহিছে। ভাৰতে ১৯৬৩ চনৰ এই চুক্তিক কেতিয়াও স্বীকৃতি দিয়া নাই। ইফালে পাকিস্তানে দাবী কৰিছে যে জম্মু-কাশ্মীৰ এতিয়াও এক বিতৰ্কিত অঞ্চল হৈ থকাৰ বাবে ১৯৬৩ চনৰ চুক্তিখনক প্ৰত্যাহ্বান জনোৱাৰ কোনো অধিকাৰ ভাৰতৰ নাই।
নতুন দিল্লীৰ শিৱ নাডাৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ অধ্যাপক জবিন টি. জেকবৰ মতে, এই যুটীয়া সীমান্ত আয়োগ সম্পূৰ্ণ নতুন কোনো কথা নহয়, বৰঞ্চ ১৯৬৩ চনৰ চুক্তিৰ অনুচ্ছেদ ৬ত থকা এক পুৰণি ব্যৱস্থাক পুনৰ সক্ৰিয় কৰাৰ প্ৰয়াসহে। অৱশ্যে তেওঁ উল্লেখ কৰে যে চুক্তি অনুসৰি কাশ্মিৰ বিবাদৰ চূড়ান্ত সমাধান নোহোৱালৈকে এই সীমান্ত স্থায়ী নহয়। কিন্তু চীনে আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমৰ শক্তি ব্যৱহাৰ কৰি বিশ্বৰ সন্মুখত নিজৰ মানচিত্ৰ চৰ্চালৈ আনিবলৈ চেষ্টা চলাইছে। ইফালে আমেৰিকাত থকা পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰদূত হুছেইন হাক্কানীয়ে প্ৰকাশ কৰা মতে, কাৰাকোৰাম হাইৱে আৰু চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ (CPEC) সুৰক্ষা সুনিশ্চিত কৰা আৰু কৌশলগত যোগাযোগ মজবুত কৰাই চীনৰ মূল উদ্দেশ্য।
বিশ্লেষকসকলৰ মতে, ব্ৰিকছ (BRICS) সন্মিলনৰ পাছতেই চীনে এনে পদক্ষেপ গ্ৰহণ কৰাৰ আঁৰত কূটনৈতিক কাৰণ নিহিত হৈ আছে। এই ব্যৱস্থাৰ জৰিয়তে চীনে পাকিস্তানক কৌশলগত সমৰ্থনৰ আশ্বাস দিয়াৰ লগতে ভাৰতক দ্বিমুখী প্ৰত্যাহ্বানৰ কথা মনত পেলাই দিব বিচাৰিছে। যদিও বৰ্তমান প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (LAC) ইয়াৰ কোনো তাৎক্ষণিক সামৰিক প্ৰভাৱ দেখা পোৱা নাই। তথাপিও ভাৰতে অস্বীকাৰ কৰি অহা এক অবৈধ সীমান্ত ব্যৱস্থাক প্ৰতিষ্ঠানিক ৰূপ দিবলৈ চীন আৰু পাকিস্তানে চলোৱা এই প্ৰচেষ্টাই আঞ্চলিক ৰাজনীতিত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে।