বিশেষ প্ৰতিবেদনঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত পাঁচ দশকজোৰা গৌৰৱোজ্জ্বল যাত্ৰা অন্ত পৰাৰ দিশে ভ্ৰাম্যমাণ নাট্য উদ্যোগ। ৰাজসাহায্য প্ৰদান কৰি চৰকাৰে ৰক্ষা কৰিব পৰা অসমৰ এই ঐতিহ্যবাহী ভ্ৰাম্যমাণ নাট্য উদ্যোগটো আজি সংকট আৰু বিলুপ্তিৰ পথত। তাৰে এক ডাঙৰ প্ৰতিফলন দেখা গৈছে অসমৰ অন্যতম শীৰ্ষ ভ্ৰাম্যমাণ দল— ‘কোহিনুৰ থিয়েটাৰ’ক লৈ। পৰিচালক তপন লহকৰে সামাজিক মাধ্যমত দিয়া এটা আবেগিক পোষ্টক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক চৰ্চা আৰু উদ্বিগ্নতাৰ।
“বহুত কথা আছে… But No More Kohinoor Theatre”— সামাজিক মাধ্যমত লিখি নিজৰ গভীৰ দুখ প্ৰকাশ কৰিছে তপন লহকৰে। বিগত এবছৰত কোহিনুৰ থিয়েটাৰৰ সৈতে থকা অভিজ্ঞতাহে সোঁৱৰণ কৰি তেওঁ এই পোষ্টটো দিয়া বুলি জনা গৈছে। যদিও থিয়েটাৰ দলটোৰ যাত্ৰা সঁচাকৈয়ে চিৰদিনৰ বাবে বন্ধ হ’ব নেকি, সেই বিষয়ে তেওঁ স্পষ্টকৈ একো ঘোষণা কৰা নাই, তথাপিও তেওঁৰ এই পোষ্টটোৱে অগণন নাট্যপ্ৰেমীৰ মনত বিষাদ আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে।
পাঁচ দশকৰ গৌৰৱোজ্জ্বল নাট্য বিপ্লৱঃ
-
প্ৰতিষ্ঠা আৰু নেতৃত্ব: ১৯৭৬ চনত বিশিষ্ট নাট্যব্যক্তিত্ব ৰতন লহকৰে বজালী জলাই পাঠশালাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা কৰিছিল ‘কোহিনুৰ থিয়েটাৰ’। ২০১৭ চনত তেওঁৰ মৃত্যুৰ পাছত পুত্ৰ তপন লহকৰে পিতৃৰ এই সৃষ্টিৰাজি আৰু নাট্যধাৰা আগবঢ়াই নিয়াৰ দায়িত্ব গ্ৰহণ কৰে।
-
কাৰিকৰী আৰু অভিনৱ প্ৰয়াস: পৰম্পৰাগত নাট্য উপস্থাপনৰ উপৰিও মঞ্চত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি কোহিনুৰে সৃষ্টি কৰিছিল এক ইতিহাস। বিশ্ববিখ্যাত কাহিনী ‘টাইটানিক’ আৰু ‘জুৰাছিক পাৰ্ক’ক ভ্ৰাম্যমাণৰ মঞ্চত সফলতাৰে উপস্থাপন কৰি কাৰিকৰী কৌশলৰে দৰ্শকক আচৰিত কৰি তুলিছিল।
-
ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ: অসমৰ সীমা অতিক্ৰম কৰি ২০১০ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আমন্ত্ৰণত নতুন দিল্লীত নাটক প্ৰদৰ্শন কৰি কোহিনুৰ থিয়েটাৰে অসমৰ ভ্ৰাম্যমাণ সংস্কৃতিৰ প্ৰতিভাক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণিল মাত্ৰা প্ৰদান কৰিছিল।
ভ্ৰাম্যমাণৰ ভৱিষ্যৎঃ
গাঁও-ভূই, চহৰ-নগৰ সকলোতে লোকক সাংস্কৃতিকভাৱে একত্ৰিত কৰা ভ্ৰাম্যমাণ থিয়েটাৰ কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই অসংখ্য শিল্পী-কৰ্মচাৰীৰ জীৱিকা আৰু অসমৰ এক সুকীয়া সাংস্কৃতিক চিনাকি। এনে এক মহৎ ঐতিহ্যক ৰক্ষা কৰিবলৈ চৰকাৰী পৰ্যায়ত উপযুক্ত ৰাজসাহায্য বা নীতিগত পৃষ্ঠপোষকতাৰ প্ৰয়োজন আছিল বুলি নাট্যপ্ৰেমীসকলে চৰ্চা কৰিছে।
যি সময়ত চৰকাৰী সহযোগিতাই এই সংকটগ্ৰস্ত উদ্যোগটোক নতুন জীৱন দিব পাৰিলেহেঁতেন, সেই সময়তে কোহিনুৰৰ দৰে শক্তিশালী দল বিলুপ্তিৰ পথলৈ গতি কৰাটো সমগ্ৰ অসমীয়া জাতিৰে বাবে অত্যন্ত পৰিতাপৰ বিষয়।
