বিশেষ সংবাদ, নতুন দিল্লী: ভোটাৰ তালিকাৰ বিশেষ নিৰবিচ্ছিন্ন পুনৰীক্ষণ কাৰ্যসূচীক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক দৃশ্যপট আৰু নিৰ্বাচন আয়োগৰ ভূমিকা উত্তপ্ত হৈ পৰাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। এছ.আই.আৰ. প্ৰক্ৰিয়াক লৈ চলি থকা তীব্ৰ বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই স্পষ্ট কৰি দিয়ে যে সংবিধানৰ ৩২৬ নং অনুচ্ছেদৰ অধীনত নাগৰিকে লাভ কৰা ভোটাধিকাৰৰ সৈতে কোনো কৰ্তৃপক্ষই খেলিমেলি কৰিব নোৱাৰে।
আইনী বিষয়ক ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ত প্ৰকাশিত খবৰ অনুসৰি, ন্যায়াধীশ ভূঞাই দৃঢ়তাৰে কয় যে সংবিধানৰ ওপৰত কোনো নাই আৰু কোনো অনুষ্ঠানেই ভোটাৰসকলৰ আইনী অধিকাৰক খেয়াল-খুচি মতে প্ৰভাৱিত কৰিব নোৱাৰে। যদি কোনো এক প্ৰক্ৰিয়াৰ কাৰণে বৃহৎ সংখ্যক ভাৰতীয় নাগৰিক ভোটাধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হয়, তেন্তে তেনে প্ৰক্ৰিয়াক মূলতঃ ‘স্বেচ্ছাচাৰী’ (Arbitrary) বুলি অভিহিত কৰা হ’ব আৰু কোনো যুক্তিৰেই ইয়াক সমৰ্থন কৰিব নোৱাৰি।
ন্যায়াধীশ ভূঞাই লগতে আঙুলিয়াই দিয়ে যে এবাৰ ভোটাৰ তালিকাত কাৰোবাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত নিৰ্ধাৰিত জাননী নিদিয়াকৈ বা নিজৰ পক্ষ দৰ্শোৱাৰ সুযোগ নিদিয়াকৈ নাম কৰ্তন কৰিব নোৱাৰে। কেৱল মৃত ভোটাৰৰ ক্ষেত্ৰতহে ইয়াৰ ব্যতিক্ৰম হ’ব পাৰে। এনে ধৰণৰ পদক্ষেপ কোনো কৰ্তৃপক্ষই ল’ব নোৱাৰে আৰু কোনো আদালতে ইয়াক অনুমোদন জনাব নোৱাৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰৰ পদত্যাগৰ দাবী, উত্তাল দিল্লী:
আনফালে, নিৰ্বাচন আয়োগৰ এই এছ.আই.আৰ. প্ৰক্ৰিয়াক “ত্ৰুটিপূৰ্ণ” আখ্যা দি বিৰোধী শিবিৰে ৰাজধানী নতুন দিল্লীত আন্দোলন তীব্ৰতৰ কৰি তুলিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰৰ পদত্যাগৰ দাবীত দেওবাৰে ইণ্ডিয়া গেটৰ সমীপত আম আদমি পাৰ্টী আৰু ‘ইণ্ডিয়া’ মৰ্চাৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।
প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে সংঘাত সৃষ্টি হয় আৰু দিল্লী আৰক্ষীয়ে কেইবাজনো আপ নেতা তথা প্ৰতিবাদকাৰীক আটক কৰে। ইফালে, প্ৰতিবাদকাৰীসকলৰ ওপৰত কৰা আৰক্ষীৰ বলপ্ৰয়োগ আৰু মহিলা প্ৰতিবাদকাৰী তথা সাংবাদিকৰ ওপৰত আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, কংগ্ৰেছ, চিপিআই, চিপিআই(এম), আৰ.জে.ডি., এন.চি.পি. আৰু আৰ.এছ.পি. আদি দলক সামৰি গঠিত ‘ইণ্ডিয়া’ মৰ্চাৰ দিল্লী শাখাই অহা ৭ অক্টোবৰত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বৃহৎ যুটীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰৰ পদত্যাগৰ দাবী আনুষ্ঠানিকভাৱে উত্থাপন কৰিব।
