গুৱাহাটীঃ গুৱাহাটী মহানগৰীত পোহৰলৈ আহিছে এক ভয়ংকৰ দেশবিৰোধী চোৰাংচোৱাগিৰিৰ ঘটনা। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ (PIO) সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰখা আৰু ভাৰতৰ অতি স্পৰ্শকাতৰ নিৰাপত্তা সম্পৰ্কীয় তথ্য সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক।
গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক বিহাৰৰ পূব চম্পাৰণ জিলাৰ বাসিন্দা অভিষেক কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, অভিযুক্ত অভিষেক কুমাৰ সিঙে গুৱাহাটীৰ সাতগাঁও অঞ্চলত ভাৰাতীয়া হিচাপে বাস কৰি আছিল আৰু তাৰ পৰাই এই ভয়াৱহ জাল চলাই আছিল।
প্ৰাপ্ত তথ্য অনুসৰি, গজৰাজ সেনাৰ চোৰাংচোৱা শাখাই লাভ কৰা এক নিৰ্দষ্ট তথ্যৰ ভিত্তিত স্পেচিয়েল টাস্ক ফৰ্চে অভিযান চলাই সাতগাঁৱৰ পৰা সিঙক কৰায়ত্ত কৰে। অভিযুক্ত সিঙে পাকিস্তানত থকা চোৰাংচোৱা এজেণ্টৰ বাবে কাম কৰি আছিল আৰু দেশৰ প্ৰতিৰক্ষা তথা নিৰাপত্তা সম্পৰ্কীয় অত্যন্ত গোপন আৰু স্পৰ্শকাতৰ তথ্য শত্ৰু পক্ষলৈ প্ৰেৰণ কৰি আছিল বুলি সন্দেহ কৰা হৈছে।
বৰ্তমান তদন্তকাৰী বিষয়াসকলে অভিষেক কুমাৰ সিঙৰ পাকিস্তানী চোৰাংচোৱা নেটৱৰ্কৰ সৈতে থকা যোগাযোগৰ গভীৰতা, তেওঁ এতিয়ালৈকে কি কি গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰিলে আৰু এই তথ্যসমূহ কাৰ কাৰ হাতত পৰিছে৷ সেই সন্দৰ্ভত ব্যাপক জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও এই সমগ্ৰ চোৰাংচোৱা জালখনত গুৱাহাটী বা ৰাজ্যৰ অন্য কোনো ব্যক্তি জড়িত হৈ আছে নেকি, সেয়াও পৰীক্ষা কৰি থকা হৈছে। তদন্তৰ প্ৰগতিৰ লগে লগে এই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
