October 31, 2026
Untitled

তিৰুৱনন্তপুৰমঃ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিপদ যে আসন্ন সেয়া নিশ্চিত। জ্ঞানেশ কুমাৰে কেৰালাত কৰ্মৰত হৈ থকা সময়ৰ প্ৰায় দুই দশক পুৰণি এটা গোচৰ পুনৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । কেৰালাৰ গড়কাপ্তানি বিভাগৰ সৈতে জড়িত কেৰালা ষ্টেট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্টৰ এটা পথ নিৰ্মাণ প্ৰকল্পত অনিয়ম আৰু মালয়েছিয়াৰ এগৰাকী প্ৰকল্প অভিযন্তাৰ আত্মহত্যাৰ অভিযোগক কেন্দ্ৰ কৰি এই তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যখনৰ গৃহ বিভাগে দুৰ্নীতি নিবাৰক শাখাক পুৰণি গোচৰটোৰ নথি-পত্ৰ পৰীক্ষা কৰি প্ৰয়োজনীয় তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

২০০৬ চনৰ কে এছটিপি প্ৰকল্পক কেন্দ্ৰ কৰি গোচৰঃ

২০০৬ চনত কেৰালা ষ্টেট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্টৰ অধীনত তিৰুৱনন্তপুৰম-অংগামালী ৰাজ্যিক ঘাইপথ নিৰ্মাণৰ কাম কৰা হৈছিল। বিশ্ব বেংকৰ পুঁজিৰে চলা এই প্ৰকল্পৰ ব্যয় প্ৰায় ২১৫ কোটি টকা আছিল। সেই সময়ত জ্ঞানেশ কুমাৰে কেৰালাৰ গড়কাপ্তানি বিভাগৰ সচিব হিচাপে দায়িত্ব পালন কৰিছিল। প্ৰকল্পটোৰ কাম মালয়েছিয়াৰ এটা কোম্পানীক অৰ্পণ কৰা হৈছিল। পৰৱৰ্তী সময়ত কোম্পানীটোৰ সৈতে জড়িত এগৰাকী প্ৰকল্প অভিযন্তা লী চি বিনে কুৱালালামপুৰত আত্মহত্যা কৰে। অভিযোগ অনুসৰি, আত্মহত্যাৰ পূৰ্বে অভিযন্তাগৰাকীয়ে লিখি থোৱা নথি আৰু পত্ৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে হাৰাশাস্তি আৰু প্ৰকল্পৰ বিল আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰা হৈছিল। এই অভিযোগৰ বাবেই প্ৰকল্পটো পলম হোৱা বুলি অভিযন্তাগৰাকীয়ে উল্লেখ কৰিছিল।

পূৰ্বেও হৈছিল প্ৰাথমিক তদন্তঃ

ঘটনাৰ সময়ত ভি এছ অচ্যুতানন্দনৰ নেতৃত্বাধীন এলডিএফ চৰকাৰ ক্ষমতাত আছিল। সেই সময়ত বিষয়টোক লৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰা হৈছিল আৰু জ্ঞানেশ কুমাৰক তেওঁৰ দায়িত্বৰ পৰা বদলি কৰা হৈছিল বুলি জানিব পৰা গৈছে। ডেপুটেশ্যনত ৰাজ্য এৰি যোৱাৰ পাছত তদন্ত আগবঢ়া নাছিল। কেৰালাৰ প্ৰাক্তন বিত্তমন্ত্ৰী টি এম থমাছ আইজাকে পূৰ্বেও এই বিষয়টোত জ্ঞানেশ কুমাৰৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল আৰু অভিযন্তাগৰাকীৰ আত্মহত্যাৰ টোকাৰ বিষয়টো ৰাজহুৱা কৰিছিল।

অভিযোগৰ ভিত্তিত পুনৰ তদন্তঃ

বৰ্তমানৰ কেৰালা চৰকাৰৰ ওচৰত কংগ্ৰেছ নেতা মলাইয়িনকীঝু বেণুগোপালে দাখিল কৰা অভিযোগৰ ভিত্তিত পুৰণি বিষয়টো পুনৰ তদন্তৰ সিদ্ধান্ত লোৱা হৈছে বুলি গৃহ বিভাগে জানিবলৈ দিছে। গৃহ বিভাগে ২০০৬ চনত ভিজিলেন্স এণ্ড এণ্টি-কাৰাপশ্যন ব্যুৰোৱে চলোৱা প্ৰাথমিক তদন্তৰ সৈতে জড়িত নথি-পত্ৰ বিচাৰিছে। সংশ্লিষ্ট দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলক পুৰণি নথি পৰীক্ষা কৰি প্ৰয়োজনীয় আইনী পদক্ষেপৰ বিষয়ে সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়া হৈছে। গৃহ বিভাগৰ মতে, বিষয়টো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি থকা হৈছে আৰু তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

সাংবিধানিক পদত থকাৰ বাবে তদন্তত বাধা থাকিবনে?

জ্ঞানেশ কুমাৰ বৰ্তমান দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত পুৰণি ঘটনাটোৰ তদন্তক লৈ আইনী প্ৰশ্নও উত্থাপন হৈছে। অৱশ্যে, অভিযোগটো তেওঁ কেৰালাৰ এগৰাকী আমোলা হিচাপে দায়িত্ব পালন কৰি থকা সময়ৰ সৈতে জড়িত। এই ক্ষেত্ৰত তদন্তৰ আইনী বৈধতা আৰু তদন্ত আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো সাংবিধানিক বাধা আছে নেকি, সেই বিষয়টোও গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা তদন্তৰ বাবে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে, পুনৰ তদন্তৰ নিৰ্দেশৰ পাছত ২০০৬ চনৰ কেএছটিপি প্ৰকল্পৰ মালয়েছিয়ান অভিযন্তাগৰাকীৰ আত্মহত্যা আৰু সেই সময়ৰ প্ৰশাসনিক সিদ্ধান্তসমূহ পুনৰ তদন্তকাৰী সংস্থাৰ পৰীক্ষাৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। এই পৰ্যায়ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ তদন্তাধীন। অভিযোগসমূহ আদালত বা তদন্তকাৰী সংস্থাৰ দ্বাৰা প্ৰমাণিত হোৱা বুলি ধৰি লোৱা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *