October 31, 2026
From Austerity to VIP Opulence

▪️সুশীল পাটোৱাৰী

আজিৰ শাসকীয় নেতাবোৰে জৱাহৰলাল নেহেৰুক গালি পৰাত তিলমাত্ৰও কাৰ্পন্য নকৰে। নেহেৰুৰ তথাকথিত বিলাসীকতা দেশবাসীৰ মাজত উদঙাই দিয়াত সাংঘাতিকভাৱে সফল আজিৰ ৰাজনীতিবিদ। দেশৰ প্ৰথম প্ৰধানমনন্ত্ৰীক সুবিধা পালেই সংসদৰ বাহিৰে ভিতৰে গুৱালগালি দিব পৰাটো আজিৰ তাৰিখত ৰাজনৈতীক নেতাৰ দেশ-প্ৰেমৰ প্ৰমাণ। কিন্তু প্ৰথম প্ৰধানমন্ত্ৰীক গালি পাৰি দ্বিতীয় প্ৰধানমন্ত্ৰীক সোঁৱৰণ কৰিবলৈ পাহৰে সেইসকলে।

বৰ্তমানৰ প্ৰেক্ষাপতত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰ দেশ শাষণৰ নমুনা আজি সাংঘাতিকভাৱে প্ৰাসংগিক । দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ বিখ্যাত ‘শাস্ত্ৰী ব্ৰত’ৰ প্ৰসংগ বৰ্তমানৰ কেন্দ্ৰৰ চৰকাৰখনৰ বাবে অনুকৰণীয়। ১৯৬৫ চনৰ কথা। ৬০ৰ দশকত ভাৰত খাদ্যৰ বাবে পূৰামাত্ৰই নিৰ্ভৰশীল আছিল আমেৰিকাৰ ওপৰত। আমেৰিকাই খাদ্য দিলে ভাৰতীয়ই খাব পায় অন্যথা অনাহাৰে বিনিদ্ৰ ৰজনী।

১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধক লৈ আমেৰিকা সাংঘাতিকভাৱে ক্ষূন্ন হৈ পৰিছিল ভাৰতৰ ওপৰত। তেওঁলোকৰ ধাৰণা আছিল যে ভাৰতে নিজৰ উপাৰ্জন যুদ্ধত ব্যয় কৰিছে আৰু খাদ্যৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে আমেৰিকাই ধমকি দিলে যে- হয় যুদ্ধ বন্ধ কৰ নহ’লে নাখাই মৰ। আনহাতে সেইসময়ত দেশত ভয়ংকৰ খৰাং। বিহাৰ-উত্তৰ প্ৰদেশৰ দৰে বৃহৎ ৰাজ্যবোৰত খাদ্য শস্যৰ উৎপাদন শুণ্য হৈ পৰিল। প্ৰধানমন্ত্ৰীৰ আসনত লাল বাহাদুৰ শাস্ত্ৰী।

এনে এক পৰিস্থিতিত বহু প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পাৱে পৰি হৰি কৃপাদৃষ্টি বিচাৰিলেহেতেন। তেনে উদাহৰণ দেশবাসীয়ে নিশ্চিতভাৱে প্ৰত্যক্ষ কৰিছে। কিন্তু শাস্ত্ৰী আছিল ব্যতিক্ৰম। এনে এক উশাহ ল’ব নোৱাৰা পৰিস্থিতিৰ মাজত শাস্ত্ৰীয়ে নিজ পৰিয়ালটোৰ ওপৰত এক পৰীক্ষা কৰাৰ বাবে আগবাঢ়িল। পৰিবাৰ-সন্তানক একগোট কৰি তেওঁ কলে— “আজিৰ পৰা কিছুদিনলৈ আমি নিতৌ এসাজ নোখোৱাকৈ থাকিম। এসাজ নোখোৱাকৈ আমি জীয়াই থাকিব পাৰোনে নাই সেয়া চোৱা হওক।‘’ পতিৰ কথামতে পত্নী ললিতা দেৱীয়ে সিদ্ধান্ত ল’লে যে ৰাতিৰ সাজ তেওঁলোকে নাখায়। এই পৰীক্ষাত শাস্ত্ৰীৰ পৰিয়াল উত্তীৰ্ণ হ’ল।

পৰিয়ালৰ ওপৰত চলা এই পৰীক্ষাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী শাস্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি ৰেডিঅ’যোগে সম্বোধন কৰিলে। দেশৰ সেই জটিল পৰিস্থিতিৰ মুখামুখি হ’বলৈ তেখেতে ৰাইজলৈ বিশেষ আহ্বান জনালে। ৰাইজক উদ্দেশ্যি তেওঁ ক’লে যে- এই পৰিস্থিতিত সমগ্ৰ দেশবাসীয়ে অন্তত সপ্তাহৰ এদিন এসাজ নোখোৱাকৈ থাকিব লাগে। সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ সোমবাৰৰ দিনটোত সন্ধিয়াৰ সাজ নোখোৱাকৈ থকাৰ আহ্বান জনালে শাস্তীয়ে। শাস্ত্ৰীৰ সেই আহ্বানলৈ সমগ্ৰ দেশবাসীয়ে অভূতপূৰ্ব সহাৰি জনালে। ইতিহাসত যাক জনা যায় ‘’শাস্ত্ৰী ব্ৰত’’ হিচাপে। সেয়া আছিল শাস্ত্ৰীৰ দৰে প্ৰধানমন্ত্ৰীৰ মিতব্যয়তা হ’বলৈ কৰা আহ্বান আৰু তাৰ কাৰ্যকৰিতা।

দেশ সলনি হ’ল। মিতব্যয়ীতাৰ সংজ্ঞাও হয়তো সলনি হ’ল। দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক পুনৰ মিতব্যয়ী হ’বলৈ আহ্বান জনাইছে। সেই আহ্বানৰ আওতাত ৰখা হৈছে কেৱল চৰকাৰৰৰ হিতাধিকাৰীক বা দেশৰ জনতাক। এই জনতাৰ হিচাপত ধৰা নহয় মন্ত্ৰী-বিধায়ক, উদ্যোগপতি ইত্যাদি ইত্যাদি । তেখেত সকলটো মানুহ নহয়; তেখেতসকল NON BIOLOGICAL ELEMENTS ! সেয়ে ৰাজ্যৰ নতুন মন্ত্ৰী সভাৰ শপতগ্ৰ্হণত NON BIOLOGICAL ELEMENTS সমূহে ব্যক্তিগত পুষ্পক ৰথেৰে আকাশমাৰ্গেৰে ধৰাত অৱতৰণ কৰিলেহি। এনে ভগৱান সদৃশ ব্যক্তিয়ে চল্লিশখনকৈ বেছি পুষ্পক ৰথেৰে আহি হেনো গুৱাহাটী আকাশ পথত যানজটৰ সৃষ্টি কৰিছিল। হৈ যোৱা ৰাজ অভিষেকত হেনো লাখৰ ঘৰত সাধাৰণ প্ৰজা সমবেত হৈছিল।

পূৰ্বতে এনে ৰাজ অভিশেষত সমবেত সাধাৰণ প্ৰজাক সুখাদ্য বিতৰণ কৰিছিল। কিন্তু এতিয়া মিতব্যয়ী হোৱাৰ সময়।সেয়েহে চৰকাৰে অনিশ্চাস্বত্তেও সাংঘাটিক মিতব্যয়ী হৈছে। ৰাজ অভিশেষ হ’লেও প্ৰজাক খাদ্য দিয়া নহ’ল। সাংবাদিক নামৰ প্ৰাণীবিধক হেনো পানী টুপিয়ো নিদিলে। কাৰণ যে- এইয়া মিতব্যয়ীতাৰ সময়। দেশৰ স্বাৰ্থত অন্তঃত সাধাৰণ প্ৰজাই এই ত্যাগখিনি কৰিবই লাগিব। পুষ্পক ৰথত অহা দেৱ লোকৰ বাসিন্দাসকলৰ সৈতে সাধাৰণ প্ৰজাৰ তুলনা কৰাটো মহাপাপ । দেশ ৰক্ষাৰ দায়িত্ব আমাৰ দৰে সাধাৰণ জনতাৰ কান্ধত।

Leave a Reply

Your email address will not be published. Required fields are marked *