October 1, 2026
Ambulance Beside Official Convoy

শিলচৰ, ১ অক্টোবৰ: মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ জৰুৰীকালীন ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স ৰখাই থোৱা ঘটনাক কেন্দ্ৰ কৰি অসমত পুনৰ প্ৰশাসনীয় ব্যৱস্থা আৰু ভিআইপিৰ কনভয় চলাচলৰ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন হৈছে। শিলচৰৰ ৰামনগৰ আইএছবিটি পইণ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ কৰাবলৈ ১০৮ এম্বুলেন্স এখন ৰখাই থোৱাৰ দৃশ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছতে বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

এম্বুলেন্সখনত শ্ৰীভূমি জিলাৰ বাংগাৰৰ বাসিন্দা ৰসুৰাজ চক্ৰৱৰ্তীক সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ১ অক্টোবৰৰ পুৱা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। ৰোগীগৰাকী যকৃতজনিত ৰোগত আক্ৰান্ত আছিল বুলি প্ৰকাশ পাইছে।

৩০ ছেকেণ্ডতকৈ অধিক ৰখোৱা হোৱা নাছিলঃ

ঘটনাটোক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এম্বুলেন্সখন ৩০ ছেকেণ্ডতকৈ অধিক সময় ৰখোৱা হোৱা নাছিল আৰু ৰোগীগৰাকী যকৃতজনিত ৰোগত আক্ৰান্ত আছিল। সেইবাবে এম্বুলেন্স ৰখোৱাৰ ঘটনা আৰু ৰোগীগৰাকীৰ মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই বুলি তেওঁ মন্তব্য কৰে।

অৱশ্যে, ৰোগীগৰাকীৰ মৃত্যুৰ কাৰণ আৰু এম্বুলেন্স ৰখোৱাৰ সময়ৰ মাজত চিকিৎসাবিজ্ঞানগত কোনো সম্পৰ্ক আছিল নে নাই, সেই বিষয়ে তদন্ত বা চিকিৎসা প্ৰতিবেদনৰ তথ্য ৰাজহুৱাভাৱে স্পষ্ট হোৱা নাই। সেয়ে এই ঘটনাই জৰুৰী চিকিৎসা সেৱাৰ ক্ষেত্ৰত ভিআইপি কনভয়ৰ বাবে যান-বাহন নিয়ন্ত্ৰণৰ পদ্ধতিক লৈ অধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

এম্বুলেন্স ৰখোৱা উচিত নহয়ঃ

ইফালে, মুখ্যমন্ত্ৰীয়ে নিজেই কয় যে তেওঁ কনভয়ত যাত্ৰা কৰাটো পছন্দ নকৰে যদিও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে কনভয়ৰ ব্যৱস্থা কৰে। তেওঁৰ মতে, কনভয় পাৰ কৰোৱাৰ বাবে এম্বুলেন্স বা সাধাৰণ নাগৰিকক ৰখোৱা উচিত নহয়।

এই বক্তব্যই স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপন কৰিছে—যদি চৰকাৰৰ স্পষ্ট নিৰ্দেশনা অনুসৰি এম্বুলেন্স আৰু সাধাৰণ নাগৰিকৰ যাতায়াতত কনভয়ে বাধা সৃষ্টি কৰিব নালাগে, তেন্তে শিলচৰত কৰ্তব্যৰত আৰক্ষীয়ে সেই নিৰ্দেশনা কিয় কাৰ্যকৰী কৰিব নোৱাৰিলে?

চাৰিজন আৰক্ষী কৰ্মীক নিলম্বনঃ

ঘটনাটোৰ পাছতে কাছাৰ জিলাত কৰ্তব্যৰত চাৰিজন আৰক্ষী কৰ্মীক নিলম্বন কৰা হৈছে। বিভাগীয় তদন্ত চলি থকাৰ সময়তে তেওঁলোকৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ঘটনাটোক ‘গ্ৰহণযোগ্য নহয়’ বুলি উল্লেখ কৰি ৰোগী আৰু পৰিয়ালবৰ্গৰ ওচৰত ক্ষমা বিচাৰিছিল। তেওঁ স্পষ্টকৈ কৈছিল যে জৰুৰী চিকিৎসাৰ প্ৰয়োজন থকা এজন লোকৰ জীৱনতকৈ কোনো মুখ্যমন্ত্ৰীৰ কনভয়ৰ যাত্ৰাই অগ্ৰাধিকাৰ লাভ কৰিব নালাগে। ঘটনাটোৰ তদন্তৰো নিৰ্দেশ দিয়া হৈছিল।

প্ৰশাসনৰ বাবে ডাঙৰ প্ৰশ্নঃ

এম্বুলেন্সত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা এজন ৰোগী থাকিব পাৰে। তেনে সময়ত কেৱল এজন ভিআইপিৰ কনভয় পাৰ কৰোৱাৰ বাবে জৰুৰীকালীন বাহন ৰখাই থোৱা ঘটনাই ৰাজ্যৰ যান-বাহন নিয়ন্ত্ৰণ আৰু প্ৰশাসনীয় প্ৰট’কলৰ বাস্তৱ ৰূপক লৈ প্ৰশ্ন তুলিছে। বিশেষকৈ, কাগজত নিৰ্দেশনা থকাৰ পাছতো পথত সেই নিৰ্দেশনা কাৰ্যকৰী কৰাত ব্যৰ্থতা কিয় ঘটিল—এই প্ৰশ্নৰ উত্তৰ কেৱল কেইজনমান আৰক্ষী কৰ্মীক নিলম্বন কৰিলেই সম্পূৰ্ণ হ’বনে? নে ভিআইপি কনভয় চলাচলৰ সমগ্ৰ ব্যৱস্থাটোৰে পুনৰীক্ষণৰ প্ৰয়োজন আছে? ৰাজপথত ভিআইপি কনভয়ৰ নিৰাপত্তা আৰু গতিশীলতাৰ সৈতে জনসাধাৰণৰ অধিকাৰ আৰু জৰুৰীকালীন চিকিৎসা সেৱাৰ মাজত অগ্ৰাধিকাৰ কেনেদৰে নিৰ্ধাৰণ কৰা হ’ব?

 

Leave a Reply

Your email address will not be published. Required fields are marked *