September 30, 2026
su

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২১ বছৰীয়া ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজাৰাত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। ন্যায়ৰ দাবীত আজি আজাৰাৰ স্থানীয় ৰাইজ, নিমিষাৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াই গুৱাহাটী বিমানবন্দৰ সংযোগী ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিমিষাৰ মৃতদেহৰ মেজিষ্ট্ৰেট পৰ্যায়ৰ তদন্তৰ (Magisterial Inquest) সময়ত মুখমণ্ডল, মূৰ, হাত আৰু সংবেদনশীল অংশত একাধিক আঘাতৰ চিন প্ৰত্যক্ষ কৰাৰ খবৰ বিয়পি পৰাৰ পিছতেই ক্ষুব্ধ হৈ পৰে স্থানিয় ৰাইজ। ঘাইপথ অৱৰোধৰ ফলত বিমানবন্দৰমুখী যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আজাৰা আৰক্ষী আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

হস্পিতাললৈ অনাৰ পূৰ্বেই মৃত্যু, ধাৰাপুৰৰ হোমষ্টে’ত আছিল নিমিষা

পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াক পুৱা প্ৰায় ৪:৩০ বজাত আজাৰাৰ গৰল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ সূত্ৰ মতে, তিনিজন যুৱকে তেওঁক অচেতন অৱস্থাত গৰল স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক ‘মৃত’ বুলি ঘোষণা কৰে। প্ৰাথমিক তদন্তত ধাৰাপুৰস্থিত ‘ৰুদ্ৰাজ কিচেন’ (Rudra’s Kitchen) নামৰ এটা হোমষ্টে’ত নিমিষা এজন বন্ধুৰ সৈতে আছিল বুলি পোহৰলৈ আহিছে। এই ঘটনাৰ সম্পৰ্কত আৰক্ষীয়ে আশিক আলী নামৰ এজন যুৱকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে। উপ-আৰক্ষী আয়ুক্ত বলীন দেউৰীয়ে জনোৱা মতে, আশিক আলীয়ে নিমিষাই ডিঙিত ফাঁচ লগাই আত্মহত্যা কৰা বুলি দাবী কৰিছে। কিন্তু তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে এই দাবীৰ সত্যতা পৰীক্ষা কৰি আছে। আৰক্ষীয়ে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল নেকি সেই বিষয়েও তদন্ত চলাইছে; আশিকে নিমিষাৰ সৈতে সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

“মা, সিহঁতে মোৰ বুকুত লাথি মাৰিছে: 

নিমিষাৰ পিতৃয়ে নিমিষাৰ মৃত্যুৰ পৰিস্থিতিক লৈ আৰক্ষীৰ পৰা সন্তোষজনক উত্তৰ পোৱা নাই বুলি গুৰুতৰ অভিযোগ তুলিছে। পিতৃৰ ভাষ্য অনুসৰি, কালি আবেলি প্ৰায় ৫ বজাত নিমিষাই কিবা খাই আহোঁগৈ বুলি আৰু ৰাতি বন্ধুৰ হোষ্টেলত থাকিব বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু নিশা প্ৰায় ২ বজাত নিমিষাই মাকলৈ ফোন কৰি অতিকৈ কাৰুণ্যৰে কৈছিল— “মা, সিহঁতে মোৰ বুকুত লাথি মাৰিছে, মই উশাহ ল’ব পৰা নাই।” ইয়াৰ পিছতেই ফোনটো অম্লান হৈ পৰে আৰু পৰিয়ালে তেওঁৰ সৈতে পুনৰ যোগাযোগ কৰিবলৈ অপাৰগ হয়। চিন্তিত পৰিয়ালে লগে লগে আজাৰা আৰক্ষী থানাত যোগাযোগ কৰে আৰু আৰক্ষীৰ নিৰ্দেশমৰ্মে গৰল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়। তাত তেওঁলোকে নিমিষাক অক্সিজেন দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পৰিয়ালৰ এই গুৰুতৰ অভিযোগ আৰু আঘাতৰ চিনসমূহলৈ চাই এইয়া এক নৃশংস হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ প্ৰতিটো দিশ সাৱধানে সামৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *