দিল্লীঃ উত্তৰ আৰৱ সাগৰত ভাৰত-পাক যুদ্ধজাহাজৰ মাজত সংঘটিত ভয়াবহ সংঘাটক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। পাক চৰকাৰে এই ঘটনাৰ বাবে ভাৰতীয় যুদ্ধজাহাজ আইএনএছক কলকাতাক দোষাৰোপ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ যদিও ভাৰতে শুকুৰবাৰে এই সকলো অভিযোগ প্ৰত্যাখ্যান কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এখন সংবাদমেলত স্পষ্ট কৰি দিয়ে যে ভাৰতীয় যুদ্ধজাহাজখনে নিয়মীয়া দায়িত্ব পালনত নিয়োজিত হৈ আছিল। সেই সময়তে পাকিস্তানৰ যুদ্ধজাহাজ পিএনএছ হুনাইনে অত্যন্ত দায়িত্বজ্ঞানহীন আৰু পেছাদাৰী নীতি উলংঘা কৰি কাষ চাপি আহে, যাৰ ফলত এই মুখামুখি সংঘাট সংঘটিত হয়।
সংঘাটৰ মূল কাৰণ আৰু বৈধানিক উলংঘনঃ
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনায় যে পিএনএছ হুনাইনৰ এই বিপজ্জনক পদক্ষেপ ১৯৯১ চনৰ এপ্ৰিল মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক চুক্তিৰ ১০ নম্বৰ অনুচ্ছেদৰ পোনপটীয়া উলংঘন। এই নিয়ম অনুসৰি সাগৰত দুয়োখন দেশৰ নৌসেনাৰ গোটসমূহ পৰস্পৰৰ পৰা অন্ততঃ ৩ সামুদ্ৰিক মাইল আঁতৰত থাকিব লাগে।
আন্তঃৰাষ্ট্ৰীয় নিয়ম ভংগঃ
এই ঘটনাই সাগৰীয় জাহাজৰ সংঘাট প্ৰতিৰোধৰ বাবে থকা আন্তঃৰাষ্ট্ৰীয় আইন (International Regulations for Preventing Collisions at Sea) গুৰুতৰভাৱে ভংগ কৰিছে।
কেনেকৈ সংঘটিত হ’ল এই ঘটনা?
ঘটনা মঙলবাৰে নিশা উত্তৰ আৰৱ সাগৰত সংঘটিত হয়। তথ্য অনুসৰি, পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ বাবে ওমান উপ-সাগৰেৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজসমূহক নিৰাপত্তা প্ৰদান কৰিবলৈ আইএনএছক কলকাতা মোতায়েন কৰা হৈছিল। সেই সময়তে পাকিস্তানৰ ‘SEASPARK-26’ নামৰ সামৰিক অনুশীলনত নিয়োজিত পিএনএছ হুনাইন নামৰ পাকিস্তানৰ জাহাজে নিয়ম উলংঘা কৰি আইএনএছক কলকাতাৰ অতি কাষ চাপি আহে। আইএনএছক কলকাতাৰ পৰা আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল যদিও পাকিস্তানী জাহাজখনে অত্যন্ত ওচৰৰ পৰা বিপদজনকভাৱে অভাৰটেক কৰিবলৈ চেষ্টা কৰোঁতেই এই সংঘাট ঘটে।
ঘটনাৰ পৰিণতিঃ
এই সংঘাটৰ ফলত পিএনএছ হুনাইন নামৰ জাহাজখনৰ এক অংশ চেপেটা হৈ পৰে আৰু সম্ভাৱতঃ ফাঁট মেলে। ফলত জাহাজখনে নিজৰ সামৰিক অনুশীলন আধাতে সামৰি বন্দৰলৈ উভতি যাবলৈ বাধ্য হয়।
ভাৰতীয় যুদ্ধজাহাজ আইএনএছক কলকাতা কোনো ক্ষতি নোহোৱাকৈ সুৰক্ষিত হৈ থাকে আৰু বৰ্তমানো সাগৰত নিজৰ নিয়মীয়া দায়িত্ব পালন কৰি আছে। ভাৰতে পাকিস্তানক সঁকীয়াই দিছে যাতে তেওঁলোকৰ সামৰিক বাহিনীয়ে ভৱিষ্যতে এনে পৰিস্থিতি এৰাই চলে আৰু দুয়ো দেশৰ মাজত থকা চুক্তি সঠিকভাৱে পালন কৰে।