অসমৰ শক্তি উৎপাদন ক্ষমতা অভূতপূৰ্বভাৱে বৃদ্ধি কৰাৰ লক্ষ্যৰে ধুবুৰী জিলাৰ চাপৰত ৩,২০০ মেগাৱাট ক্ষমতাৰ ‘আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্ৰজেক্ট’ স্থাপনৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। আদানী পাৱাৰে নিৰ্মাণ কৰিবলগীয়া এই অভিলাৰ্ষী প্ৰকল্পটোত ৮০০ মেগাৱাটকৈ ক্ষমতাৰ মুঠ চাৰিটা গোট (Unit) থাকিব। আনুমানিক ৪৮,০০০ কোটি টকা ব্যয়সাপেক্ষ এই বিশাল প্ৰকল্পটোৰ আধাৰশিলা আজি চাপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্থাপন কৰে।
অসম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এই প্ৰকল্পটোৱে ৰাজ্যখনৰ নিয়োগ খণ্ডতো এক ডাঙৰ পৰিৱৰ্তন আনিব। নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ছোৱাত ২০,০০০ তকৈও অধিক লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ লগতে প্ৰকল্পটো সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠাৰ পিছত ৫,০০০ তকৈও অধিক স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত হ’ব। প্ৰকল্পটোৰ পৰা উৎপাদিত বিদ্যুৎ বিতৰণৰ বাবে এক বিশেষ পৰিবহণ আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব। এই উপলক্ষে ‘অসম ইলেকট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড’ (AEGCL)-এ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ কৰিছে, য’ত এক ৪০০ কেভি চাপৰ-ৰঙিয়া সংযোগী লাইন আৰু সংশ্লিষ্ট উপ-কেন্দ্ৰসমূহ নিৰ্মাণৰ পৰিকল্পনা অন্তৰ্ভুক্ত হৈ আছে।
কেন্দ্ৰীয় তাপবিদ্যুৎ বিশেষজ্ঞ মূল্যাংকন সমিতিৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি, এই প্ৰস্তাৱিত প্ৰকল্পটোৱে প্ৰায় ৫৮৫ হেক্টৰ ভূমি সামৰি ল’ব। য’ত চৰকাৰী আৰু ব্যক্তিগত উভয় ধৰণৰ মাটি অন্তৰ্ভুক্ত হৈ আছে। ৰাজ্যৰ বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু অসমক নিজাকৈ বিদ্যুৎ উৎপাদনত আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এই প্ৰকল্পটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।