ডিজিটেল ডেস্কঃ দেশজুৰি ‘জেন-জি’ (GenZ) ৰ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বহুপ্ৰতীক্ষিত মেঘালয় ভ্ৰমণ আৰু আনুষ্ঠানিক কাৰ্যসূচী বাতিল কৰা হৈছে। অহা ৫ অক্টোবৰত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া মেঘালয় আৰক্ষীৰ ‘প্ৰেছিডেণ্টছ পুলিচ কালাৰ প্ৰেজেন্টেশ্যন চেনিমানি’ বাতিল কৰা হৈছে বুলি ৩ অক্টোবৰত চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।
পূৰ্বৰ সময়সূচী অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৪ আৰু ৫ অক্টোবৰত মেঘালয় ভ্ৰমণ কৰাৰ কথা আছিল। ৫ অক্টোবৰত শ্বিলংস্থিত জে এন ষ্টেডিয়ামত (JN Stadium) অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত মেঘালয় আৰক্ষীক এই সন্মানীয় ‘প্ৰেছিডেণ্টছ পুলিচ কালাৰ’ প্ৰদান কৰাৰ কথা আছিল অমিত শ্বাহে।
মেঘালয় আৰক্ষীৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী অধিসূচনাত উল্লেখ কৰা হৈছে যে অপৰিহাৰ্য কাৰণবশতঃ ৫ অক্টোবৰৰ কাৰ্যসূচী বাতিল কৰা হৈছে আৰু পৰৱৰ্তী সময়ত এই অনুষ্ঠানৰ বাবে নতুন তাৰিখ ঘোষণা কৰা হ’ব। গৃহমন্ত্ৰীগৰাকীৰ এই দুদিনীয়া ভ্ৰমণ সূচী বাতিল হোৱাৰ পাছত চৰকাৰী বিষয়া সকলে জনোৱা মতে, পৰৱৰ্তী সময়ত এক নতুন দিন স্থিৰ কৰা হ’ব।
উল্লেখ্য যে, কোনো আৰক্ষী বাহিনীৰ বিশিষ্ট সেৱা, পেশাদাৰিত্ব আৰু নিষ্ঠাৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ‘প্ৰেছিডেণ্টছ পুলিচ কালাৰ’ সন্মান প্ৰদান কৰে। মেঘালয় আৰক্ষীক এই বৰ্ষৰ আৰম্ভণিতে এই বিশেষ সন্মানৰ বাবে মনোনীত কৰা হৈছিল।
গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ শ্বিলঙত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। প্ৰায় ১,৫০০ অতিৰিক্ত নিৰাপত্তাকৰ্মী নিৰাপত্তা আৰু যাতায়াত নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছিল। ইয়াৰ মাজতে সকলো কাৰ্যসূচী বাতিল হোৱাত এতিয়া অমিত শ্বাহৰ নতুন ভ্ৰমণ সূচী তথা অনুষ্ঠানৰ পৰৱৰ্তী তাৰিখলৈ অপেক্ষা কৰা হৈছে।
