কোকৰাঝাৰঃ বিটিচিৰ নতুন ভূমি নীতিক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। বিটিচিৰ অবড়ো লোকসকলক ভূমিহীন কৰি ৰখাৰ লক্ষ্যৰে নতুন ভূমি নীতি প্ৰস্তুত কৰা হৈছে বুলি একাংশ দল-সংগঠন আৰু লোকৰ মাজত অভিযোগ উত্থাপিত হৈছে। আনকি নতুন ভূমি নীতিৰ জৰিয়তে বড়ো আৰু অবড়ো লোকৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰাৰো অভিযোগ উঠিছে।
অভিযোগ অনুসৰি, নতুন ভূমি নীতিৰ অধীনত নিজৰ দখলত থকা মাটি নিজৰ নামত নামজাৰি কৰিবলৈ অবড়ো লোকসকলে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হ’ব পাৰে। নীতিখনৰ বিষয়বস্তু ৰাজহুৱা হোৱাৰ পাছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কেইবাটাও দল-সংগঠনে নীতিখন বাতিল নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।
ইয়াৰ মাজতে বিটিচিৰ নতুন ভূমি নীতিক লৈ বড়োভূমিত প্ৰতিক্ৰিয়া বৃদ্ধি পোৱাৰ সময়তে বুধবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে নীতিখন পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।
বুধবাৰে কোকৰাঝাৰৰ বড়োফা নগৰৰ বিটিচি সচিবালয়ৰ এ-ব্লকৰ সন্মিলন কক্ষত অনুষ্ঠিত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত বিটিচিৰ প্ৰশাসন আৰু উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।
বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয় যে শেহতীয়াকৈ জাৰি কৰা বিটিচিৰ ভূমি নীতিক লৈ একাংশ জনসাধাৰণ আৰু সামাজিক মাধ্যমত উত্থাপিত বিভিন্ন উদ্বেগৰ বিষয়ে কাৰ্যবাহী পৰিষদৰ বৈঠকত আলোচনা কৰা হয়। ভূমি আৰু ৰাজহ বিভাগৰ বিষয়াসকলক নীতিখন বিতংভাৱে পুনৰীক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
৪১৪টা বন বিভাগৰ পদৰ ভিতৰত ৩৯৪গৰাকীৰ নথি-পত্ৰ পৰীক্ষা সম্পূৰ্ণ
আনহাতে, বন বিভাগৰ নিযুক্তি সন্দৰ্ভতো বৈঠকৰ পাছত গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিটিচি প্ৰধানগৰাকীয়ে। তেওঁৰ মতে, পূৰ্বৰ ইউপিপিএল নেতৃত্বাধীন বিটিচি প্ৰশাসনৰ কাৰ্যকালত ফৰেষ্টাৰ-১ আৰু ফৰেষ্ট গাৰ্ডৰ মুঠ ৪১৪টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল।
ইয়াৰে ৩৯৪গৰাকী প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে আৰু পৰীক্ষাৰ সময়ত লাভ কৰা তথ্য-পাতি নিয়মমাফিক পোৱা গৈছে বুলি হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে। সফল প্ৰাৰ্থীসকলৰ মাজত শীঘ্ৰেই নিযুক্তি-পত্ৰ বিতৰণ কৰা হ’ব বুলিও তেওঁ কয়।
১,৭০০ৰো অধিক পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল
ইফালে, বিটিচিৰ বিভিন্ন বিভাগত পূৰ্বৰ প্ৰশাসনৰ কাৰ্যকালত ১,৭০০ৰো অধিক পদৰ বাবে অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষা আৰু ফলাফল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
হাগ্ৰামা মহিলাৰীয়ে কয় যে এই পদসমূহৰ বাবে পূৰ্বৰ প্ৰশাসনৰ সময়ত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত সাক্ষাৎকাৰ সম্পূৰ্ণ নকৰাকে ধৰি কিছু অনিয়ম ধৰা পৰে। সেয়েহে এই পদসমূহৰ সৈতে জড়িত পৰীক্ষা আৰু ফলাফল বাতিল কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে।
তেওঁ লগতে কয় যে উক্ত পদসমূহৰ বাবে নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। সেই অনুসৰি নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে পুনৰ পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব।
বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন বিভাগ মুকলিৰ প্ৰস্তাৱ
ইফালে, কাৰ্যবাহী পৰিষদৰ বৈঠকত উচ্চ শিক্ষাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন বিভাগ মুকলি কৰাৰ বাবে অসম চৰকাৰৰ অনুমোদন বিচাৰি বিটিচি চৰকাৰে প্ৰস্তাৱ দাখিল কৰিছে।
প্ৰস্তাৱিত বিভাগসমূহৰ ভিতৰত শাৰীৰিক শিক্ষা, সমাজতত্ত্ব, ৰেচম পালন, চাৰুকলা আৰু গ্ৰন্থাগাৰ তথা তথ্য বিজ্ঞান অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি হিন্দী, বাংলা আৰু নেপালী ভাষাক আধুনিক ভাৰতীয় ভাষা (MIL) বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন লাভ কৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন বিষয় আৰু বিভাগ সংযোজনৰ পথ মুকলি হ’ব। ভূমি নীতি, নিযুক্তি প্ৰক্ৰিয়া আৰু উচ্চ শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনাৰ অংশ হিচাপেই কাৰ্যবাহী পৰিষদে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।