September 30, 2026
RD

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ: শাসকীয় বিজেপি চৰকাৰৰ অৱহেলা আৰু বানপীড়িত ৰাইজক উচিত সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি গুৱাহাটীৰ চচলত বুধবাৰে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাইজৰ দলৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদত উজনিত  উজনি শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাট আদিকে ধৰি কেইবাখনো জিলাৰ শ শ বানপীড়িত ৰাইজে অংশগ্ৰহণ কৰি চৰকাৰবিৰোধী উত্তাল শ্লোগান প্ৰদান কৰে।

প্ৰতিবাদী সমদল আৰু ধৰণাত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ভয়াবহ বানপানী পাৰ হৈ যোৱাৰ তিনি মাহতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো শাসকীয় বিজেপি চৰকাৰে বানপীড়িতসকলক পাবলগীয়া ন্যূনতম সাহায্য আৰু ক্ষতিপূৰণ যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ঘৰ-বাৰী, কৃষিভূমি আৰু গৰু-মহ হেৰুৱাই সৰ্বস্বান্ত হোৱা ৰাইজে চৰকাৰৰ পৰা কোনো ধৰণৰ প্ৰাপ্য সাহায্য পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। প্ৰতিবাদস্থলীত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য বিদ্যুৎ শইকীয়াই চৰকাৰক সমালোচনা কৰি কয় যে, “বানে গৰকাৰ সময়ত কোনো চৰকাৰী সাহায্যৰ সলনি ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সৰ আৰু এন জি অ’বোৰেহে আহি মানুহক সহায় কৰিছিল, নহ’লে মানুহ লঘোণে মৰিলহেঁতেন। চৰকাৰে ঘোষণা কৰা ন্যূনতম ১৫,০০০ টকাৰ ক্ষতিপূৰণো আজি পৰ্যন্ত ৪০ শতাংশ মানুহে পোৱা নাই। পৰৱৰ্তী সময়ত অতিৰিক্ত ১০,০০০ টকা দিয়াৰ কথা ঘোষণা কৰিছিল যদিও ইয়াৰ কোনো অগ্ৰগতি দেখা পোৱা নাই।”

আনহাতে, ৰাইজৰ দলৰ প্ৰতিনিধি জ্ঞানশ্ৰী বৰাই কয় যে, ১৫,০০০ বা ২৫,০০০ টকাৰে বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালবোৰে একো কৰিব নোৱাৰে। তেওঁ প্ৰতিটো বানপীড়িত পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি তিনিখনকৈ জিলাৰ মানুহে ঘৰ-বাৰী এৰি দিছপুৰলৈ আহিব লগা পৰিস্থিতি সৃষ্টি হোৱাটো শাসকীয় চৰকাৰখনৰ বাবে অত্যন্ত লাজৰ বিষয়।

উল্লেখ্য যে, যোৱা জুলাই মাহত উজনি অসমত হোৱা ভয়াবহ বানত ১০০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰিও বিস্তৰ সম্পত্তিৰ ক্ষতি হৈছিল। প্রীতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে যিমান দিনলৈকে বানপীড়িতসকলৰ জীৱন-যাত্ৰা স্বাভাৱিক হৈ উঠাপথলৈ নাহে, সিমান দিনলৈকে চৰকাৰৰ বিৰুদ্ধে এই সংগ্ৰাম অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *