September 30, 2026
Zubeen

বিশেষ প্ৰতিবেদন: “অসমত আজি এবছৰে যেন ঈশ্বৰ নাই, এবছৰে মুকলিকৈ হঁহা নাই কোনো এজন অসমীয়াই।” জীৱন্ত সংগীতৰ ঈশ্বৰ, সংগীতেৰে মানুহক আপ্লুত কৰা সকলোৰে অতি মৰমৰ ‘জুবিন দা’ অৰ্থাৎ কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গ কায়িকভাবে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল। সোণাপুৰৰ ‘জুবিন ক্ষেত্ৰ’ত আজি সুখনিদ্ৰাত শায়িত হৈ আছে অসমীয়াৰ বুকুত আলসৰ লাড়ু হৈ থকা প্ৰাণৰ শিল্পীগৰাকী। এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু ডেকা-ডেকেৰীৰ পৰা আবাল-বৃদ্ধ-বণিতালৈকে সকলো একেদৰেই ব্যাকুল, চকুত তপত চকুলো। সংগীতৰ সোণৰ সদাগৰজন যে আৰু কেতিয়াও নাহে, সেই কথা আজিও যেন মানি ল’ব পৰা নাই কোনো এজন অসমীয়াই।

জীৱিত জুবিনতকৈও অধিক ব্যাকুল কৰিছে মৃত জুবিনে

জুবিন গাৰ্গ জীৱাই থকা অৱস্থাত তেওঁৰ গীত আৰু ভাব-ভংগীমাৰে মানুহক পাগল কৰি তুলিছিল। কিন্তু আজি তেওঁৰ অবৰ্তমানে অসমীয়াক অধিক ম্ৰিয়মান আৰু ব্যাকুল কৰি তুলিছে। গোটেই ৰাজ্যখনৰে আকাশে-বতাহে কেৱল এটাই ধ্বনি— ‘জুবিন, জুবিন আৰু জুবিন’।

স্মৰণীয় যে, শ্ৰদ্ধাৰ শিল্পীগৰাকীক ছিংগাপুৰলৈ লৈ গৈ সাগৰৰ লুণীয়া পানীত লাইফ জেকেট অবিহনেই নমাই দি এক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হৈছিল বুলি আজিও অসমবাসীৰ মনত তীব্র ক্ষোভ প্ৰজ্বলিত হৈ আছে। বিগত এটা বছৰে তেওঁৰ স্মৃতিবোৰ মোবাইলৰ পৰ্দাত চাই চাই চকুলো টুকিছে গুণমুগ্ধসকলে। জুবিন নামৰ বিশাল সত্তাটো আজি অসমীয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে অনুৰণন ঘটিছে।

‘মানুহ’ আছিল তেওঁৰ প্ৰিয় বিষয়: ৩৩ বছৰত ৪০ হাজাৰ গীত

জুবিন গাৰ্গ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ আছিল এক বিৰল মানৱীয় গুণসম্পন্ন ব্যক্তিত্ব। ‘মানুহ’ আছিল তেওঁৰ আটাইতকৈ প্ৰিয় বিষয়। সুখত নাথাকিলেও বিপদৰ সময়ত, ৰোগাক্ৰান্তৰ কাষত, শিক্ষা বা ব্যৱসায়ৰ ক্ষেত্ৰত জুবিন সদায় থিয় হৈছিল। নিজৰ অৰ্জিত সকলো ধন তেওঁ মানুহৰ মাজতেই বিলাই দিছিল।

সংগীতৰ পথাৰখনত তেওঁ আছিল এক অপ্ৰতিৰোধ্য শক্তি:

  • সংগীত জীৱন: ৩৩ বছৰীয়া সুদীৰ্ঘ কেৰিয়াৰত ৪০,০০০ তকৈও অধিক গীত ৰেকৰ্ডিং কৰিছিল।

  • ভাষাৰ সমাহাৰ: অসমীয়া, বাংলা, হিন্দীৰ উপৰি বিষ্ণুপ্ৰিয়া মণিপুৰী, বড়ো, ডিমাচা, গোৱালপৰীয়া, গুজৰাটী, কানাড়া, কাৰ্বি, মালয়ালম, মাৰাঠী, মিচিং, ৰাভা, গাৰো, নেপালী, ভোজপুৰী, ওড়িয়া, ছাদ্ৰী, সংস্কৃত, সিন্ধী, তামিল, তেলুগু, তিৱা আৰু উৰ্দুকে ধৰি ৪০টাৰো অধিক ভাষা-উপভাষাত গীত গাইছিল।

  • বহুমুখী বাদ্যযন্ত্ৰী: ঢোল, দোতৰা, ড্ৰামছ, গীটাৰ, হাৰমোনিকা, হাৰমোনিয়াম, মেণ্ডোলিন, কী-ব’ৰ্ড, তবলা আদি বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাত তেওঁ আছিল অত্যন্ত নিপুণ।

  • সৰ্বাধিক পাৰিশ্ৰমিক: তেওঁ অসমৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা কণ্ঠশিল্পী আছিল যদিও তেওঁৰ হাতত ধন সঞ্চিত হৈ নাথাকিল, কাৰণ তেওঁ সকলো টকা দুখীয়া-নিচলা মানুহৰ বাবেই উজাৰি দিছিল।

অঘোষিত বন্ধ আৰু ‘জুবিন দিৱস’ৰ আয়োজন

আজি তেওঁৰ প্ৰথম মৃত্যুতিথিত সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ হাজাৰ হাজাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চ’ক-বজাৰ, ঘৰৰ পদূলি, জাতীয় সংগঠন, স্বেচ্ছাসেৱী সংস্থা সকলোতে কেৱল জুবিনৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ঠায়ে ঠায়ে বজাৰ- দোকান স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰাত অসমত যেন এক অঘোষিত বন্ধৰহে সৃষ্টি হৈছে।

সোণাপুৰৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ৰ আয়োজন কৰা হৈছে, য’ত হাজাৰ হাজাৰ অনুৰাগীয়ে উপস্থিত হৈ এগচি চাকি জ্বলাই প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে ‘জুবিন দা অমৰ হ’ক’ ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি তুলিছে।

“প্ৰথম আৰু শেষ কথা— জুবিনদাই ন্যায় পাবই লাগিব”

আজি কেৱল শোকেই নহয়, শোকৰ লগত সামিল হৈছে তীব্ৰ ক্ষোভ আৰু খং। যি কেইজন ব্যক্তিয়ে জুবিনৰ দৰে অমূল্য সম্পদটোক নোহোৱা কৰি পেলালে, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণত পলম হোৱাক লৈ অসন্তুষ্ট সমগ্ৰ ৰাজ্যবাসী।

ৰজাঘৰীয়াক উদ্দেশ্যি অসমীয়াই সমস্বৰে এটাই দাবী উত্থাপন কৰিছে— “প্ৰথম আৰু শেষ কথা, জুবিনদাই ন্যায় পাবই লাগিব।”

“চাকিত যে তিৰবিৰাইছে জুবিনৰ প্ৰাণ,

অসমীয়াই কৈছে— জুবিন, এন্ধাৰত হাঁহি মাৰি শেষ নিশা হৈ ৰ’লি?

বুকুৰ তেজেৰে লিখা গীতবোৰ চকুলো হৈ নৈত বৈ গৈছে…

তই যে আমাৰ লোক-সংস্কৃতিৰ ৰখীয়া,

তোকে হত্যা কৰিবলৈ কাৰ আছিল পৰিকল্পনা?”

অসমৰ সূৰ্য্য স্বৰূপ জুবিন গাৰ্গক কোনো ডাৱৰে ঢাকি ৰাখিব নোৱাৰে বুলি হুংকাৰ দি অনুৰাগীসকলে সকীয়াই দিছে যে ন্যায় নোপোৱালৈকে অসমীয়া শান্ত নহয়। জুবিনৰ গান শেষ গান নহয়, প্ৰতিটো গানেই আজি ন্যায়ৰ ৰণধ্বনি হৈ পৰিছে। জুবিনক ন্যায় নিদিয়ালৈকে ৰাজ্যবাসীয়ে শোক আৰু প্ৰতিবাদেৰে সংগ্ৰাম অব্যাহত ৰাখিব।

Leave a Reply

Your email address will not be published. Required fields are marked *