গুৱাহাটীঃ এগৰাকী ব্যক্তিৰ প্ৰতি থকা প্ৰেমে কিদৰে এটি পৰিয়াল, এখন দেশৰ প্ৰতি ভালপোৱা জাগ্ৰত কৰাৰ লগতে কাহানিও পৰিকল্পনা নকৰা বিচিত্ৰ জীৱনৰ দুৱাৰ মুকলি কৰি দিলে, সেই কাহিনী সন্নিবিষ্ট এখন গ্ৰন্থঃ বিলংগিং: এ জাৰ্নি অব লাভ। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সদ্যপ্ৰকাশিত আত্মজীৱনীমূলক গ্ৰন্থখনে দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে। মুকলিৰ ঠিক পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা গ্ৰন্থখনত প্ৰকৃততে আছে কি! চমুকৈ কবলৈ গলে ছোনিয়া গান্ধীয়ে তেওঁৰ ব্যক্তিগত জীৱন, ৰাজীৱ গান্ধীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰু ভাৰতৰ প্ৰতি তেওঁৰ অপাৰ মৰম তথা ভাৰতক নিজৰ দেশ বুলি আঁকোৱালি লোৱাৰ যাত্ৰাকেই এই গ্ৰন্থখনত লিপিবদ্ধ কৰিছে। গ্ৰন্থখনত তেওঁৰ কেঞ্চাৰ ৰোগৰ চিকিৎসা, ব্যক্তিগত সংগ্ৰাম আৰু ৰাজনৈতিক জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ মুহূৰ্তৰ কথাও প্ৰকাশ কৰা হৈছে। ১৯৬৫ চনত যেতিয়া ছোনিয়া গান্ধী ১৯ বছৰীয়া আছিল আৰু ইংলেণ্ডত পঢ়ি আছিল, সেই সময়তে তেওঁৰ ৰাজীৱ গান্ধীৰ সৈতে প্ৰথম পৰিচয় হৈছিল।
The Varsity নামৰ এখন গ্ৰীক ৰেস্তোঁৰাত দুয়োগৰাকীয়ে কথা পাতিছিল। ছোনিয়া গান্ধীয়ে গ্ৰন্থখনত কৈছে যে, ৰাজীৱ গান্ধী দেখিবলৈ অতি সুন্দৰ হোৱাৰ লগতে অতি শান্ত আৰু মৰমিয়াল স্বভাৱৰ আছিল। তেওঁৰ সেই শান্ত প্ৰকৃতিয়েই ছোনিয়া গান্ধীক বিশেষভাৱে আকৰ্ষিত কৰিছিল। প্ৰথম পৰিচয়ত ছোনিয়া গান্ধীয়ে জনা নাছিল যে ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নাতি আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ আছিল। এই বন্ধুত্ব ক্ৰমে গভীৰ হৈ পৰৱৰ্তী সময়ত প্ৰেমলৈ ৰূপান্তৰিত হৈছিল আৰু ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল। গ্ৰন্থখনত তেওঁ উল্লেখ কৰিছে যে, বিয়াৰ পাছতেই তেও ভাৰতলৈ আহে। তাৰ পিছত হিন্দী কোৱা বা লিখা, শাৰী পিন্ধা আদি শিকিবলৈ আৰম্ভ কৰে। তেওঁ ভাবিছিল যে শাৰী পৃথিৱীৰ আটাইতকৈ মাৰ্জিত সাজবোৰৰ ভিতৰত অন্যতম। যেতিয়া বোৱাৰী হৈ আহিছিল তেতিয়া শ্ৰীমতী গান্ধীয়ে ভাৰতৰ বিষয়ে একো জনা নাছিল। আজি তেও হৈছে আৰু যিমান খিনি জানে, সেই সকলোবোৰেই ৰাজীৱ গান্ধী আৰু ইন্দিৰা গান্ধীৰ পৰা শিকিলে। দুগৰাকীৰ সাহস, সহানুভূতি, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশৰ প্ৰতি দায়বদ্ধতা আৰু কৰ্তব্যই তেওঁক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল। সন্তান ৰাহুল আৰু প্ৰিয়ংকা গান্ধীক তেওঁ ডাঙৰ-দীঘল কৰিলে।
শ্ৰীমতী গান্ধীয়ে লিখিছে যে, ৰাজনীতি তেওঁ সদায় অপছন্দ কৰিছিল। তাতপৰ্যপূৰ্ণভাৱে, ২০০৪ চনত UPA চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত শ্ৰীমতী গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কথাও গ্ৰন্থখনত মুকলিকৈ উল্লেখ কৰা হৈছে। এইক্ষেত্ৰত তেওঁৰ সন্তান ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও তেওঁ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাতো বিচৰা নাছিল বুলি তেওঁ প্ৰকাশ কৰিছে। কিতাপখনত তেওঁ উল্লেখ কৰিছে যে, ১৯৯৯ চনত যেতিয়া দলৰ একাংশ নেতাই তেওঁক বিদেশী নাগৰিক বুলি প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেওঁ উচ্চ পদবী গ্ৰহণ কৰিব নোৱাৰে বুলি কৈছিল, তেতিয়া তেওঁ মনোকষ্ট পাইছিল। ইমান দিনৰ পিছতো তেওক বিদেশী বুলি কোৱাটো তেও একেবাৰে বিচৰা নাছিল। তেওঁ কংগ্ৰেছৰ সভানেত্ৰী পদো ত্যাগ কৰিছিল। ২০০৪ চনৰ নিৰ্বাচনৰ পিছত দলে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল। কিন্তু তেও একেবাৰে ৰাজী হোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ পৰোক্ষভাৱে নেতৃত্ব দিয়াৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তৰ বাবে তেওৰ অকণো আক্ষেপ নাই বুলি উল্লেখ কৰিছে। দালাই লামাই এবাৰ তেওঁক সুধিছিল যে ৰাজীৱ গান্ধীক হত্যা কৰা লোকসকলৰ প্ৰতি তেওঁ প্ৰতিশোধ অনুভৱ কৰিছে নেকি। তেওঁৰ প্ৰতিশোধৰ মনোভাৱ নাই বুলি উল্লেখ কৰি মাথো কান্দিছিল। গ্ৰন্থখনত তেওঁৰ স্বাস্থ্য আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে যুজৰ সৈতে জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে। ২০১০ চনত ছোনিয়া গান্ধীক স্তন কেন্সাৰৰ চিকিৎসা কৰিবলৈ পৰামৰ্শ দিছিল। দিল্লীৰ গংগা ৰাম হাস্পতালৰ চিকিৎসাকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যদিও এই খবৰে তেওঁক কিছু সময়ৰ বাবে মৰ্মাহত কৰিছিল। সংবাদ মাধ্যমৰ পৰা আঁতৰি গোপনীয়তা বৰ্তাই ৰখাৰ বাবে তেওঁ মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালৰ পৰিৱৰ্তে ইটালীলৈ যোৱাৰ সিদ্ধান্ত লয়। বিখ্যাত চাৰ্জন ডা° উম্বাৰ্টো ভেৰোনেছিৰ তত্ত্বাৱধানত তেওৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। স্তন কেন্সাৰৰ অস্ত্ৰোপচাৰৰ পাছত ২০১১ চনত তেওঁৰ অগ্ন্যাশয়ত আন এক টিউমাৰ ধৰা পৰে। এইবাৰ তেওঁ নেডাৰলেণ্ডৰ ৰাটাৰডেমস্থিত ‘ইৰাছমাছ ইউনিভাৰ্ছিটি মেডিকেল চেণ্টাৰত চাৰ্জন ডা° কেছপাৰ ভান আইকৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰে। গ্ৰন্থখনত তেওঁলোকৰ প্ৰথম সন্তানৰ মৃত্যুৰ কথাও উল্লেখ কৰা হৈছে। এইদৰেই এগৰাকী সফল ৰাজনীতিবিদ মহিলাৰ বিচিত্ৰ জীৱনৰ কথাবোৰ প্ৰকাশ কৰা হৈছে বিলংগিং: এ জাৰ্নি অব লাভত।
